Zubeen Garg:✒️চিবিআইৰ দ্বাৰা জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্ত কৰাৰ মূল বিষয়ক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল কৰা এখন ৰাজহুৱা স্বার্থজড়িত আবেদন (পিআইএল) ৰ শুনানিত বুধবাৰে এছআইটিৰ তদন্ত প্রক্রিয়াত ৰৈ যোৱা বুলি কে’বাটাও প্রশ্ন উত্থাপিত হয়।
আনহাতে, ন্যায়ালয়ত ৪৬/২০২৫ নম্বৰত পঞ্জীয়ন হোৱা তথা আভিজিৎ শর্মা আৰু পলাশ ৰঞ্জন বৰুৱাই দাখিল কৰা এই আবেদনখনৰ শুনানি লৈ মুখ্য ন্যায়াধীশ আশুতোষ কুমাৰৰ খণ্ড বিচাৰপীঠে পৰৱৰ্তী শুনানিৰ দিন অহা ১৩ মার্চ ধাৰ্য কৰে। ন্যায়ালয়ে জনায় যে এছআইটিয়ে ইতিমধ্যে আদালতত অভিযোগনামা দাখিল কৰিছে। আকৌ এজনীয়া ন্যায়িক তদন্ত আয়োগেও তেতিয়ালৈকে প্রতিবেদন দাখিল কৰিব।গতিকে এছআইটিৰ অভিযোগনামা আৰু আয়োগৰ প্ৰতিবেদন ন্যায়ালয়ে অধ্যয়ন কৰি পৰৱৰ্তী শুনানি গ্রহণ কৰা হ’ব।
আবেদনকাৰী পক্ষৰ হৈ বুধবাৰে ন্যায়ালয়ত যিবোৰ প্ৰশ্ন কৰা হয়, সেইবোৰ উদ্ধৃতিৰে আভিজিৎ শর্মাই কয়, ‘মুখ্যমন্ত্রীয়ে কৈছে যে ক’ভিডৰ সময়ৰ পৰাই জুবিন গাৰ্গৰ বিৰুদ্ধে ষড়যন্ত্র চলিছিল। ২০২১ৰ ২৩ ডিচেম্বৰত ১০ লাখ টকা বিনিয়োগেৰে মিউজিক এলএলপি নামৰ এটা সংস্থা গঠন কৰা হৈছিল। সেই সংস্থাটোৰ অংশীদাৰসকল হ’ল তাৰছেম মিট্রাল, সিদ্ধার্থ শর্মা আৰু জুবিন গাৰ্গ। সিদ্ধার্থ শৰ্মাক গ্ৰেপ্তাৰ কৰিলে; অথচ তাৰছেম মিট্রালৰ বিৰুদ্ধে একো ব্যবস্থা নল’লে। ২০২৩ৰ ২৭ ডিচেম্বৰত সপোন এলএলপি নামৰ সংস্থা গঠন কৰা হৈছিল। সেই সংস্থাটোৰ অংশীদাৰ আছিল জুবিন গাৰ্গ আৰু সিদ্ধাংকু অংকুৰ বৰুৱা। সিদ্ধাংকু অংকুৰ বৰুৱা বিজেপিৰ নেতা হোৱাৰ বাবেই এছআইটিয়ে সোধপোছ নকৰিলে নেকি? য়টত থকা চাৰিজনকহে গ্রেপ্তাৰ কৰা হ’ল কিয়? প্রৱাসী অসমীয়াসকলক কিয় ৰেহাই দিয়া হ’ল? অভিমন্যু তালুকদাৰৰ ওপৰত মুখ্যমন্ত্ৰীৰ আশীৰ্বাদৰ হাত আছে নেকি? নর্থ-ইষ্ট ফেষ্টিভেলৰ জনসংযোগ বিষয়া অনুজ বৰুৱাৰ বিৰুদ্ধে কিয় ব্যবস্থা আজিলৈ নহ’ল? নর্থ-ইষ্ট ফেস্টিভেল আয়োজন কৰা ট্রেণ্ডছ এমএমএছৰ অন্যতম মুৰব্বী হ’ল শ্যামকানু মহন্তৰ পত্নী। তেওঁক কিয় আজিলৈকে গ্রেপ্তাৰ কৰা নহ’ল? তাৰ মানে মানুহ চাই চাইহে গ্রেপ্তাৰ কৰা হৈছে নেকি? এনে কিয় হৈছে? এই কিয়বোৰক লৈয়েই আমি ন্যায়ালয়ৰ দ্বাৰস্থ হৈছো।’
শর্মাই এই বুলিও মন্তব্য যে তেনে কিয়বোৰৰ উত্তৰ নোপোৱা বাবেই অভিযুক্তসকলে ভাল অধিবক্তাৰ সহায় ল’লে শুনানি পর্যায়তে আদালতত অভিযোগনামাখন ওফৰি যাব।
প্রসংগক্রমে শর্মাই সম্ভাৱনা ব্যক্ত কৰে যে অভিযোগনামাত ৩৪৯ জন সাক্ষীৰ ভাষ্য আছে। সেই সকলোৰে বক্তব্য আদালতে গ্ৰহণ কৰাৰ উপৰি আইনী প্ৰক্ৰিয়াবোৰ শেষ কৰোতে ৩০-৪০ বছৰ লাগিব। ৩০ বছৰ পাছত যাতে আদালতে ক’বলৈ বাধ্য নহয় যে জুবিন গাৰ্গক কোনেও হত্যা কৰা নাছিল।






























