আমাৰ শৰীৰে সঠিকভাৱে কাম কৰিবলৈ বিভিন্ন ভিটামিন, খনিজ পদার্থ, প্র’টিন আৰু অন্যান্য পুষ্টিকৰ উপাদানৰ প্রয়োজন। কিন্তু অনিয়মিত খাদ্যাভ্যাস, মানসিক চাপ বা পাচনতন্ত্ৰৰ সমস্যাৰ ফলত শৰীৰত এই পুষ্টিকৰ উপাদানসমূহৰ অভাৱ হ’ব পাৰে।
ইয়াৰ ফলত বিভিন্ন শাৰীৰিক সমস্যাৰ সৃষ্টি হয়, যিবোৰক আমি প্রায়ে গুৰুত্ব নিদিওঁ। শেহতীয়াকৈ অল ইণ্ডিয়া ইনষ্টিটিউট অব মেডিকেল ছায়েন্সৰ প্ৰশিক্ষণপ্রাপ্ত গেষ্ট্ৰ’এণ্টেৰ’লজিষ্টে শৰীৰত পুষ্টিহীনতাৰ পাঁচটা স্পষ্ট লক্ষণৰ বিষয়ে উল্লেখ কৰিছে, যিবোৰ জানিলে সময় মতে যত্ন ল’ব পৰা যায়-
(১) নখ ভংগুৰ হোৱা বা সহজে ভাঙি যোৱা: বিশেষজ্ঞসকলৰ মতে যদি নখবোৰ সহজে ভাঙি যায়, পাতল হৈ পৰে বা স্বাভাৱিক জিলিকনি হেৰুৱাই পেলায়, তেন্তে ই শৰীৰত প্ৰ’টিন, আইৰণ আৰু বায়’টিনৰ অভাৱৰ ইংগিত হ’ব পাৰে। যদি এই সমস্যা দীর্ঘদিন ধৰি থাকে তেন্তে ৰক্তহীনতা বা থাইৰয়ড ৰোগৰ বাবেও হ’ব পাৰে।
(২) অকাল বার্ধক্য: অকালতে চুলি ধূসৰ হোৱা বা ধূসৰ হোৱা বহুতৰে বাবে চিন্তাৰ বিষয়। চিকিৎসকৰ মতে এয়া প্রায়ে শৰীৰত ভিটামিন বি ১২ আৰু কপাৰৰ অভাৱৰ লক্ষণ। এই দুটা পুষ্টিকৰ উপাদানে চুলিৰ প্ৰাকৃতিক ৰং বজাই ৰখাত সহায় কৰে।
(৩) চুলি সৰা আৰু পাতল হোৱাঃ চুলি অত্যধিক সৰা বা চুলিৰ ঘনত্ব কমি যোৱাটো কেৱল হৰম’নৰ দ্বাৰাই নহয়; প্ৰ’টিন, জিংক, আইৰণ আৰু ভিটামিন ডিৰ অভাৱৰ বাবেও হ’ব পাৰে। পুষ্টিৰ অভাৱ হ’লে শৰীৰে নতুন চুলি গজাৰ ক্ষমতা হেৰুৱাই পেলায়।
(৪) ছাল আৰু ওঁঠ ফাটি যোৱা: শীতকালত ওঁঠ ফাটি যোৱা বা শুকান ছাল হোৱাটো সাধাৰণ কথা; কিন্তু যদি গোটেই বছৰটোতে থাকে তেন্তে ই ভিটামিন বি কমপ্লেক্স, আইৰণ আৰু ওমেগা-৩ ফেটি এচিডৰ অভাৱৰ ইংগিত হ’ব পাৰে। বিশেষকৈ ওঁঠৰ কোণত ফাট মেলিলে ভিটামিন বি ২ বা ৰাইবোফ্লেভিনৰ অভাৱৰ লক্ষণ হ’ব পাৰে।
(৫) অস্বাভাৱিক ভাগৰ আৰু দুৰ্বলতা:জিৰণি লোৱাৰ পাছতো শৰীৰত শক্তিৰ অভাৱ, সহজে ভাগৰুৱা হোৱা বা গোটেই দিনটো নিস্তেজ অনুভৱ কৰা এইবোৰো পুষ্টিৰ অভাৱৰ লক্ষণ। চিকিৎসকৰ মতে সাধাৰণত আইৰণ, প্ৰ’টিন আৰু মেগনেছিয়ামৰ অভাৱত এনে হয়। যদি এই লক্ষণসমূহ দীর্ঘদিন ধৰি থাকে তেন্তে নিশ্চিতভাৱে তেজৰ পৰীক্ষা কৰাব লাগে।
কেনেকৈ প্ৰতিৰোধ কৰিব পাৰি?
চিকিৎসকৰ পৰামৰ্শ: পুষ্টিৰ অভাৱৰ পৰা হাত সাৰিবলৈ নিয়মিতভাৱে সুষম আহাৰ গ্ৰহণ কৰা, পর্যাপ্ত পৰিমাণৰ পানী খোৱা, টোপনি আৰু মানসিক চাপ নিয়ন্ত্ৰণ কৰাটো গুৰুত্বপূৰ্ণ।






























