ৰঙা-বগা নহয়, সেউজ পোছাকত সোণৰ মুদ্রা বিলাইছিল ছান্টা ক্ল’জে

১৮০০ৰ পাছৰ পৰাহে সলনি হ'ল পোছাকৰ ৰং

IMG 20251219 124239

Santa Claus:✒️বৰদিনলৈ আৰু বেছি দিন নাই। মাত্ৰ কেইটামান দিনৰ পাছতে আহিব বছৰৰ অন্তিম ধর্মীয় উৎসৱ, বৰদিন। কে’ক খোৱা, কেৰল গোৱা, আলোকসজ্জাৰে পৰিপূৰ্ণ গির্জালৈ যোৱা আদিৰে কেৱল খ্রীষ্টানসকলেই নহয়, আন ধর্মীয় লোকেও উদযাপন কৰে।

এই বৰদিনৰে সবাতোকৈ ডাঙৰ আকর্ষণ হৈছে ছান্টা ক্ল’জ। নিশাৰ ভাগত গভীৰ নিদ্ৰাৰত শিশুসকলক গোপনে উপহাৰ দি যোৱা বৃদ্ধ ছান্টা ক্ল’জক লৈ মানুহৰ কৌতূহল যেন অনন্ত। অথচ সম্প্রতি আমি ছাল্টা ক্ল’জক যিটো ৰূপত দেখা পাওঁ, প্রকৃততে কিন্তু সেই ৰূপৰ নাছিল।

ছান্টা ক্ল’জ এক কাল্পনিক চৰিত্ৰ যদিও ছাণ্টাৰ কাহিনী লোৱা হৈছে ছেইন্ট নিকোলাছৰ আসমত। সম্প্রতি তুৰস্কৰ মায়ৰা অঞ্চলৰ ধর্মগুৰু আছিল ছেইন্ট নিকোলাছ। জন প্রবাস অনুসৰি, দৰিদ্ৰসকলক সাহায্য কৰাৰ বাবে তেওঁ সোণৰ মুদ্রা বিলাইছিল।

নিশাৰ ভাগত যেতিয়া সকলো নিদ্রাত থাকিছিল, তেতিয়া মোজাৰ ভিতৰত সোণৰ মুদ্রা ভৰাই ছেইন্ট নিকোলাছে খিৰিকীয়ে ঘৰে ঘৰে ভিতৰলৈ ভৰাই থৈ আহিছিল। মধ্যপ্রাচ্যৰ সেই ধর্মগুৰুৰ কাহিনীৰ পৰাই সৃষ্টি হৈছে ছাণ্টা ক্ল’জ।

ৰঙা-বগা পোছাক পৰিধা কৰি বগা দাড়ি-চুলিৰে ভেবোকাৰ হৈ অহা ছাণ্টাৰ পৰা উপহাৰ পোৱাৰ আশাত সমগ্র বছৰটো অপেক্ষা কৰি থাকে শিশুসকলে।

অৱশ্যে আজিৰ দিনত ছাল্টা ক্ল’জক সমগ্ৰ বিশ্বৰ মানুহে যি ৰূপত দেখা পায়, আৰম্ভণিৰ ফালে তেওঁ দেখিবলৈ তেনেকুৱা নাছিল। ৰঙা নহয়, বৰঞ্চ তেওঁৰ পোছাক আছিল গাঢ় সেউজীয়া ৰঙৰ। ধাৰণা কৰা হৈছিল যে শীতৰ ৰুক্ষতা দূৰ কৰি বসন্তত প্রকৃতি সেউজ হৈ উঠাৰ স’তে সামঞ্জস্য ৰাখিয়েই ছাণ্টাৰ পোছাক সেউজীয় কৰা হৈছিল।

বৰদিনৰ উৎসৱৰ শেষত বসন্ত আহিব, সেই প্রতীক আছিল ছাণ্টাৰ পোছাক। কেতিয়াবা মাটিৰ দৰে খয়েৰী ৰঙৰ পোছাকতো ছান্টাক দেখা গৈছিল। প্ৰকৃতিৰ স’তে ওতঃপ্রোতভাবে জড়িত হৈ আছিল ছাণ্টাৰ পোছাকৰ ৰং। প্রশ্ন উঠিব পাৰে যে তেনেহ’লে ছাণ্টাৰ পোছাক কেনেকৈ সলনি হৈ পৰিল?

প্রায় ১৮০০ৰ পৰা ইংলণ্ডৰ বিছপসকলৰ পোছাকৰ ৰঙৰ আলমত ৰঙা-বগা পোছাকত ছাণ্টাৰ ছবি অংকন কৰাটো আৰম্ভ হয়। অৱশ্যে ১৯৩০তহে ৰঙা-বগা ছাণ্টাৰ ছবি সমগ্ৰ বিশ্বত বিয়পি পৰে। ইয়াৰ নেপথ্যত আছিল কোকাকোলা কোম্পানী। বৰদিনৰ বিজ্ঞাপন প্ৰস্তুত কৰিবলৈ কোম্পানীটোৱে সেই সময়ৰ বিখ্যাত শিল্পী হেডেন ছেণ্ডব্রুমক দায়িত্ব দিছিল।

ছেণ্ডব্ৰুমৰ বিজ্ঞাপনৰ জৰিয়তেই ৰঙা-বগা পোছাত ছাণ্ট ক্ল’জ সমগ্র বিশ্বত জনপ্রিয় হৈ উঠে। সেই ধাৰাও আজিও অব্যাহত আছে।

Exit mobile version