Yogi Adityanath:✒️শেহতীয়াকৈ উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে ২৫টা আগশাৰীৰ কোম্পানীৰ ৪৫গৰাকী জ্যেষ্ঠ কাৰ্যবাহীৰ সৈতে এক উচ্চ পৰ্যায়ৰ বৈঠকত মিলিত হয়। ডব্লিউ এম জি গ্ৰুপে আয়োজন কৰা এই বৈঠকত ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় দুয়োটা কোম্পানীৰে চি ই অ’, চি এফ অ’, আৰু পৰিচালক উপস্থিত আছিল।
বৈঠকত উত্তৰ প্ৰদেশৰ উদ্যোগীকৰণৰ ভৱিষ্যত আৰু নতুন বিনিয়োগৰ সুযোগ সন্দৰ্ভত বিস্তৃত আলোচনা কৰা হয়।
ৰাজ্যখনৰ স্থিতিশীল পৰিৱেশ আৰু উন্নত আইন-শৃংখলাৰ পৰিস্থিতিৰ ওপৰত তেওঁলোকৰ আস্থাৰ ভিত্তিত বিনিয়োগকাৰীসকলে প্ৰায় ৬৫০০ কোটি টকাৰ বিনিয়োগৰ প্ৰস্তাৱ দাখিল কৰিছে।
এই বিনিয়োগসমূহ মূলতঃ উৎপাদন, সেউজ শক্তি, জৈৱ-শোধনাগাৰ, ঔষধ, আৰু খাদ্য প্ৰক্ৰিয়াকৰণ খণ্ডত হ’ব। ইয়াৰ ফলত ৰাজ্যত নিয়োগৰ উল্লেখযোগ্য সুযোগ সৃষ্টি হ’ব বুলি আশা কৰা হৈছে।
মুখ্যমন্ত্রীয়ে উল্লেখ কৰে যে বৰ্তমান উত্তৰ প্রদেশৰ ভাবমূর্তি সম্পূর্ণৰূপে সলনি হৈছে৷ পূৰ্বে ‘বিমাৰু’ (পিছপৰা) ৰাজ্য হিচাপে পৰিচিত ৰাজ্যখন এতিয়া উন্নয়নৰ আৰ্হিলৈ ৰূপান্তৰিত হৈছে।
উত্তৰ প্ৰদেশত বিনিয়োগকাৰীয়ে কৰা প্ৰতিটো বিনিয়োগ নিৰাপদ বুলি তেওঁ গুৰুত্ব আৰোপ কৰে। ২০১৭ চনৰ পূৰ্বে ৰাজ্যখনত যি মাফিয়া শাসন প্ৰচলিত আছিল, কঠোৰ প্ৰশাসনিক ব্যৱস্থাৰ বাবে সেয়া এতিয়া অতীত। যোৱা আঠ বছৰতকৈও অধিক ৰাজ্যত কোনো ধৰণৰ সান্ধ্য আইন সংঘটিত হোৱা নাই।
আন্তঃগাঁথনি উন্নয়নৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে জনাই, ভাৰতৰ মুঠ এক্সপ্ৰেছৱে নেটৱৰ্কৰ ৫৫ শতাংশ এতিয়া উত্তৰ প্ৰদেশত আছে। ইয়াৰ উপৰিও ৰাজ্যখনত পাঁচটা আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ আৰু দেশৰ সৰ্ববৃহৎ ৰেলৱে নেটৱৰ্ক আছে।
২০১৮ চনৰ বিনিয়োগকাৰী সন্মিলনত ৪.৬৭ লাখ কোটি টকাৰ বিনিয়োগৰ প্ৰস্তাৱ পোৱাৰ বিপৰীতে ২০২৩ চনৰ বিশ্বব্যাপী বিনিয়োগকাৰী সন্মিলনত এই সংখ্যা ৪০ লাখ কোটি টকালৈ বৃদ্ধি পাইছে।
উদ্যোগপতিসকলক আমন্ত্ৰণ জনাই যোগী আদিত্যনাথে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ‘উন্নত ভাৰত’ গঢ়াৰ লক্ষ্যত উপনীত হ’বলৈ ‘উন্নত উত্তৰ প্ৰদেশ’ অতি প্ৰয়োজনীয়।
দক্ষ জনশক্তি, অ’ডিপি আঁচনি, আইআইটি আৰু আইআইএমৰ দৰে শিক্ষানুষ্ঠানৰ উপস্থিতিয়ে এই ৰাজ্যখনক বিনিয়োগৰ বাবে এক বিশ্বাসযোগ্য গন্তব্যস্থান কৰি তুলিছে।
তেওঁ ব্যক্তিগতভাৱে উদ্যোগপতিসকলক ৰাজ্যৰ বিভিন্ন প্ৰান্ত ভ্ৰমণ কৰি পৰিৱেশৰ মূল্যায়ন নিজে কৰিবলৈ অনুৰোধ জনায়।






























