Golaghat:
গোলাঘাট জিলাৰ খুমটাই অঞ্চলত দিনক দিনে অধিক ভয়াৱহ ৰূপ লৈছে হাতী-মানুহৰ সংঘাতে। প্রতিদিনাই নতুন অঞ্চলত বন্যহস্তীৰ তাণ্ডৱে আতংকময় পৰিস্থিতিৰ সৃষ্টি কৰিছে। পুৱতি নিশা বন্যহস্তীৰ এটা জাকে খুমটাইৰ শেনছোৱা গাঁৱত তাণ্ডৱ চলাই কে’বাটাও দৰিদ্ৰ পৰিয়ালৰ ঘৰ ভাঙি থানবান কৰে। অপ্রত্যাশিত এই আক্রমণত শেনছোৱা গাঁৱৰ কে’বাটাও পৰিয়ালৰ বাসস্থান সম্পূৰ্ণৰূপে ধ্বংস হয়।
নিশাৰ অন্ধকাৰত ঘৰ ভাঙি পৰাৰ দৃশ্য দেখি অসহায় পৰিয়ালসমূহ কান্দি কান্দি চকুলোৰে বাট নেদেখা অৱস্থাত পৰে। অন্ন, বস্ত্র আৰু বাসস্থান সকলো হেৰুৱাই দুখীয়া পৰিয়ালকেইটা বর্তমান চূড়ান্ত হাহাকাৰ অৱস্থাত দিন কটাবলগা হৈছে। কেৱল শেনছোৱা গাঁৱতেই নহয়, খুমটাই চিনাতলী, ভোলাগুৰি, অঁকাগাঁৱকে ধৰি বিভিন্ন অঞ্চলতো বন্যহস্তীৰ জাকে ভয়ংকৰ তাণ্ডৱ চলাইছে। অঞ্চলসমূহত শ শ বিঘা ধান খেতি সম্পূৰ্ণৰূপে নষ্ট হোৱাত কৃষকসকলৰ মূৰত আকাশ ভাঙি পৰিছে। সাৰ-বীজ, পৰিশ্ৰম আৰু আশাৰে কৰা খেতি এক নিশাতে ধ্বংস হোৱাত বহু কৃষক আর্থিকভাবে নিঃস্ব হোৱাৰ উপক্ৰম হৈছে।
হাতীৰ আতংকত কে’বাখনো গাঁৱৰ ৰাইজে বিনিদ্ৰ ৰজনী কটাইছে। নিশা জাগি থাকি পৰিয়ালে আৰু সম্পত্তি ৰক্ষা কৰিবলৈ চেষ্টা চলাব লগা হৈছে গাঁওবাসীয়ে। শিশুৰ পৰা বৃদ্ধলৈকে সকলোেৰ মাজত আতংকই বিৰাজ কৰিছে। এই পৰিস্থিতিৰ মাজতে বন বিভাগে যথোপযুক্ত ব্যৱস্থা গ্রহণ নকৰাৰ অভিযোগ উত্থাপন হৈছে। স্থানীয় ৰাইজৰ মতে, সমস্যাটো দীঘলীয়া সময় ধৰি চলি থাকিলেও বন বিভাগৰ তৰফৰ পৰা কাৰ্যকৰী ব্যৱস্থা লোৱা হোৱা নাই। ফলত বন বিভাগৰ বিৰুদ্ধে সৰৱ হৈ উঠিছে অঞ্চলবাসী।
ক্ষতিগ্রস্ত পৰিয়ালসমূহক শীঘ্ৰে উপযুক্ত ক্ষতিপূৰণ দিয়াৰ লগতে বন্যহস্তীৰ জাকটো সুৰক্ষিতভাৱে অৰণ্যলৈ ওভতাই পঠোৱাৰ বাবে প্ৰশাসন আৰু বন বিভাগক তৎকালীন ব্যৱস্থা গ্রহণ কৰিবলৈ দাবী জনাইছে ৰাইজে। অন্যথা পৰিস্থিতি অধিক জটিল হোৱাৰ আশংকা প্রকাশ কৰিছে সচেতন মহলে।




































