Zubeen Garg AUTOPSY Report:জুবিন গাৰ্গ মৃত্যু সন্দৰ্ভত ছিংগাপুৰ আৰক্ষীৰ মৰনোত্তৰ ৰিপৰ্টত চাঞ্চল্যকৰ তথ্য

জুবিন গাৰ্গৰ মুৰত আঘাতৰ চিন স্পষ্ট, খোৱোৱা হৈছিল মাত্ৰাধিক সুৰাপান

WhatsApp Image 2025 12 19 at 2.17.59 PM 1

Zubeen Garg AUTOPSY Report:

ছিংগাপুৰৰ সমুদ্ৰৰ বক্ষত হিয়াৰ আমঠু জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুক লৈ অসমত চিআইডিৰ এছ আইটিয়ে তদন্ত কৰি ইতিমধ্যে আদালতত বৃহৎ কলেবৰৰ অভিযোগনামা দাখিল কৰাৰ বিপৰীতে ছিংগাপুৰত দেশ খনৰ আৰক্ষীয়ে ঘটনাৰ তদন্ত কৰি মৰনোত্তৰ পৰীক্ষাৰ ৰিপৰ্টত উল্লেখ কৰিছে কেতবোৰ চাঞ্চল্যকৰ তথ্য।

জুবিন গাৰ্গৰ মুৰত আঘাতৰ চিন স্পষ্ট হোৱাৰ লগতে মৃত্যুৰ পূৰ্বে খোৱোৱা হৈছে মাত্ৰাধিক সুৰাপান ৷ তেজৰ নমুনাত ওলাইছিল মাত্রাধিক ‘ইথানল ৷এই ইথানলৰ বাবেই সংজ্ঞাহীন হৈ পৰিছিল সমুদ্ৰ বক্ষত ৷ আনহাতে সীমিত পৰিমাণৰ ‘লেভিটিৰাচিটাম’ আৰু ‘মেটপ্ৰ’ল’ল’ ওলাইছে ৷ এইয়া সাধাৰণতে প্ৰয়োগ কৰা হয় মৃগী ৰোগীৰ ক্ষেত্ৰত ৷ জুই আৰু পানী দুয়োটা এজন মৃগী ৰোগীৰ বাবে বিপদজনক ৷ এনে প্ৰেক্ষাপটত জুবিন য়াটত উঠি পৰৱৰ্তী সময়ত সমুদ্ৰ বুকুলৈ কেনেকৈ আহিল ৷

আনহাতে ৰিপৰ্টত সন্নিৱিষ্ট কৰা অনুসৰি জুবিনৰ ভঙিছিল কেইবাডালো কামিহাড়। এনে বহুবোৰ তথ্য সন্নিৱিষ্ট আছে জুবিন গাৰ্গৰ AUTOPSY ৰিপ’ৰ্টত ৷

Exit mobile version