Diabetic:✒️ডায়েবেটিছ অর্থাৎ মধুমেহ কেৱল এক স্বাস্থ্য সমস্যা হৈ থকা নাই, বৰঞ্চ ভাৰতৰ দৰে দেশত এই ৰোগ যথেষ্ট প্রাণঘাতক হৈছে। যোৱা ২৫ বছৰত ভাৰতত মধুমেহ আক্রান্ত ৰোগীৰ সংখ্যা তিনি গুণতকৈ অধিক বৃদ্ধি পালে।
বর্তমানে ভাৰতত প্রতি সপ্তমজন বয়স্ক লোক মধুমেহত আক্রান্ত হৈছে। ভাৰতত মধুমেহ ৰোগীৰ সংখ্যা বিশ্বৰ ভিতৰত দ্বিতীয় সর্বাধিক। বর্তমানে বিশ্বত প্রায় ৬০০ নিযুত লোক মধুমেহত আক্রান্ত হৈছে।
আন্তর্জাতিক মধুমেহ ফেডাৰেচন (আইডিএফ)ৰ শেহতীয়া প্রতিবেদনত উল্লেখ কৰা অনুসৰি ২০২৪ বর্ষত বিশ্বত ২০-৭৯ বছৰ বয়সৰ প্ৰায় ৫৮৯ নিযুত অর্থাৎ ৫৮ কোটি লোক মধুমেহত আক্রান্ত হৈছে।
এই প্রতিবেদনত উল্লেখ কৰা অনুসৰি ২০২৪ বর্ষত প্রতি ন ছেকেণ্ডত বিশ্বত এজন মধুমেহ আক্ৰান্তৰ মৃত্যু হৈছিল। ভাৰতত প্রায় ন কোটি লোক মধুমেহত আক্রান্ত। বিগত ৫০ বছৰত ভাৰতত মধুমেহ ৰোগীৰ সংখ্যা পাঁচগুণ বৃদ্ধি পালে।
২০১১ত মধুমেহত ভাৰতত ৯.৮৩ লাখ লোকৰ মৃত্যু হৈছিল আৰু ২০২৪৩ ৩.৩৪ লাখ লোকৰ এই ৰোগত মৃত্যু হৈছিল।






























