Maharashtra:✒️কাগজে-কলমে গাঁওখনৰ বাসিন্দা ১৫০০জন; কিন্তু মাত্র তিনি মাহৰ ভিতৰতে সেই গাঁৱত জন্ম লৈছে ২৭ হেজাৰ ৩৯৭টি নবজাতকে। এনে এক চাঞ্চল্যকৰ পৰিসংখ্যা প্রকাশ পাইছে মহাৰাষ্ট্ৰৰ ছেনদুৰুছানি গাঁৱৰ পৰা।
হাৰ পাছতে গাঁওখনত বিয়াগোম দুর্নীতি হোৱা বুলিয়ে অভিযোগ উঠিছে। প্রশ্ন উঠিছে যে কিদৰে এনে অবাস্তৱ পৰিসংখ্যা তৈয়াৰ হ’ল? কিদৰে ইমান কম সময়ৰ ভিতৰতে ইমানবোৰ ভুৱা জন্মৰ নথিৰে ভৰাই দিলে গাঁওখনৰ প্রশাসনে?
আচলতে ঠিক কি ঘটিছিল বিজেপিশাসিত মহাৰাষ্ট্ৰৰ সেই গাঁওখনত? প্রাপ্ত তথ্য অনুসৰি, জন্ম আৰু মৃত্যুৰ নথিভুক্তকৰণত পলম হোৱাৰ অভিযোগ উঠিছিল সেই গাঁওখনৰ পঞ্চায়তৰ বিৰুদ্ধে। তাক লৈ তদন্ত কৰিবলৈ যাওঁতেই এই বিস্ফোৰক তথ্য পোহৰলৈ আহে।
বিগত ছেপ্টেম্বৰৰ পৰা নৱেম্বৰৰ ভিতৰত গাঁওখনত ২৭হেজাৰ ৩৯৭টি শিশুৰ জন্ম নথিভুক্ত হৈছে। যিবোৰ নাম সেই গাঁৱৰ অধীনত নথিভুক্ত হৈছে, তাৰ অধিকাংশই পশ্চিমবংগ আৰু উত্তৰপ্ৰদেশৰ নৱজাতক। কিদৰে ঘটিল এনে ঘটনা?
প্রাথমিকভাবে অনুমান কৰা হৈছে যে ছেনদুৰুছানি গাঁৱৰ চিআৰএছ আইড ব্যৱহাৰ কৰা হৈছে।গাঁওখনৰ পৰা বহু দূৰৰ মুম্বাইত বহি আইডি ব্যৱহাৰ কৰি এই বিৰাট জালিয়াতি কৰা হৈছে।
সেইবাবেই ভিন ৰাজ্যৰ বিপুলসংখ্যক নাম নথিভুক্ত হৈছে ছেনদুৰুছানি গাঁৱত।
অৱশ্যে প্রশ্ন উঠিছে যে গাঁওখনৰ আইডি সুদূৰ মুম্বাইলৈ কিদৰে গ’ল? মুম্বাইত বহি কিদৰে গাঁওখনৰ তথ্য সালসলনি কৰিব পাৰিলে জালিয়াতিত জড়িতসকলে? কেৱল সেয়াই নহয়, পশ্চিমবংগ আৰু উত্তৰপ্ৰদেশৰ নাম কিয় মহাৰাষ্ট্ৰত নথিভুক্ত হ’ল, সেই প্রশ্নও উঠিছে।
ভাৰতীয় ন্যায় সংহিতা আৰু আইটি এক্টৰ অধীনত অভিযোগ পঞ্জীয়ন কৰি সম্প্ৰতি সমগ্ৰ ঘটনাৰ তদন্ত আৰম্ভ হৈছে। জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়াৰ নেতৃত্বত গঠন হৈছে তদন্ত কমিটী। ছেনদুৰুছানি গাঁৱলৈ গৈ এই কমিটীয়ে পৰিস্থিতি বিশ্লেষণ কৰি চাইছে। স্থানীয় বিজেপি নেতা কিৰিট ছোমাইয়াই ইতিমধ্যে বিষয়টোক লৈ মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নবিশক আবেদন জনাইছে যাতে এই নথিৰ পৰা ভুৱা নামবোৰ বাদ দিয়া হয়।






























