TRIPURA:বাংলাদেশত সংঘটিত অগ্নিগৰ্ভা পৰিস্থিতিত লৈ উদ্বিগ্ন ত্ৰিপুৰা

ত্ৰিপুৰাত হাই এলাৰ্ট জাৰি ,ইণ্ডো- বাংলা সীমান্তত কটকটীয়া কৰি তোলা হৈছে নিৰাপত্তা ব্যৱস্থা

WhatsApp Image 2025 12 20 at 12.10.29 PM

TRIPURA:

চুবুৰীয়া দেশ বাংলাদেশত সংঘটিত হিংসাত্মক পৰিস্থিতিৰ পিছতে কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে সীমামুৰীয়া ৰাজ্য ত্ৰিপুৰাত ৷ ৰাজ্য খনৰ ইণ্ডো- বাংলা সীমান্তত কটকটীয়া কৰি তোলা হৈছে নিৰাপত্তা বেহু ৷ একেদৰে হাই এলার্ট জাৰি কৰা হৈছে ত্ৰিপুৰাত ৷

আনহাতে ত্ৰিপুৰাৰ ৰাজ্যপাল ইন্দ্ৰসেনা ৰেড্ডীয়ে বক্সাৰ নগৰ সীমান্তত উপস্থিত হৈ নিৰাপত্তাৰ বুজ লোৱাৰ লগতে সীমান্তৰ কাঁটা তাঁৰৰ বেৰ পৰ্যবেক্ষণ কৰে ৷ৰাজ্যপাল গৰাকীয়ে সীমান্তৰ দায়িত্বত থকা বিএছএফৰ কৰ্তব্যৰত জোৱান আৰু শীৰ্ষ বিষয়াৰে মতবিনিময় কৰে ৷

Exit mobile version