শেষ মুহূৰ্তত পিছুৱালে অমিতাভৰ নাতিৰ ছবিৰ মুক্তি

IMG 20251221 155746

Agastya Nanda:✒️সদ্যপ্রয়াত ধর্মেন্দ্ৰৰ অন্তিম ছবি ‘ইক্কিছ’। এই ছবিৰ জৰিয়তেই ৰূপালী পর্দাত আত্মপ্রকাশ কৰিছে অমিতাভ বচ্চনৰ নাতি অগস্ত্য নন্দাই। অহা ২৫ ডিচেম্বৰত ছবিখনে মুক্তি পোৱাৰ কথা আছিল। যদিও অন্তিম মুহূৰ্তত মুক্তিৰ দিন পিছুৱাই দিয়া হয়।

সমালোচকৰ মতে, বক্স অফিচত ৰণবীৰ কাপুৰ, অক্ষয় খান্না অভিনীত ‘ধুৰন্ধৰ’ ছবিৰ তাণ্ডৱৰ পৰিপ্ৰেক্ষিততে এই সিদ্ধান্ত। এইবাৰ নাতিৰ হৈ মুখ খুলিলে স্বয়ং অমিতাভে।

এই মুহূৰ্তত ‘ধুৰন্ধৰ’ ছবিয়ে ব্যাপক জনপ্রিয়তা অর্জন কৰিছে। ইতিমধ্যে ছবিখনে বক্স অফিচত ছশ কোটি পাৰ কৰিছে। ইয়াৰ মাজতে ২৫ ডিচেম্বৰত মুক্তি পাবলগীয়া ‘ইঞ্চিছ’ পিছুৱাই দিয়া হৈছে।

অহা পহিলা জানুৱাৰীত ছবিখনৰ মুক্তিৰ দিন ধাৰ্য কৰা হৈছে। ‘ধুৰন্ধৰ’ৰ জনপ্রিয়তা দেখি ‘ইঞ্চিছ’ব মুক্তি পিছুৱাই দিয়া বুলি হোৱা চর্চাক নস্যাৎ কৰি সামাজিক মাধ্যমত অমিতাভে লিখিছে, ‘প্রথমে ২৫ ডিচেম্বৰ আছিল, পাছত ২৬ তাৰিখ ঠিক হ’ল। এতিয়া এক জানুৱাৰী স্থিৰ কৰা হৈছে।

জ্যোতিষবিদ্যাক যিসকলে মানে,তেওঁলোকৰ ধাৰণা এইটোৱেই শুভতাৰিখ। সেইদিনা সকলো ভাল হ’ব। সকলো ভাল হওক, তাকেই বিচাৰো।’ উল্লেখ্য যে অমিতাভৰ কন্যাৰ পুত্ৰ অগস্ত্যক ছবিখনত লেফটেনেন্ট অৰুণ ক্ষেত্ৰপালৰ ভূমিকাত দেখা যাব। মাত্র ২১ বছৰ বয়সতে তেওঁ যুদ্ধত ছহিদ হৈছিল। তেওঁৰ বীৰত্বৰ কাহিনীয়েই পর্দাত তুলি ধৰিছে পৰিচালক শ্ৰীৰাম মাধবনে।

Exit mobile version