Punjab:✒️নিৰাপত্তাৰক্ষীৰ ৰাইফল লৈ আত্মহত্যাৰ চেষ্টা পঞ্জাৱৰ প্ৰাক্তন আই পি এছ বিষয়া অমৰ সিং চাহালৰ। গুৰুতৰভাৱে আহত অৱস্থাত বিষয়াগৰাকী চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।
তথ্য অনুসৰি, চাইবাৰ জালিয়াতিৰ বলি হৈ আৰক্ষী বিষয়াজনে সকলো হেৰুৱালে । যাৰ ধনৰাশি প্ৰায় ৮.১০ কোটি টকা।
ঘটনাৰ সন্দৰ্ভত পাটিয়ালাৰ এছ এছ পি বৰুণ শৰ্মাই জনায় ,পঞ্জাৱ আৰক্ষীৰ প্ৰাক্তন আই জি অমৰ সিঙে সোমবাৰে বিয়লি নিজ ঘৰত নিৰাপত্তাৰক্ষীৰ বন্দুক লৈ আত্মহত্যাৰ চেষ্টা চলাই।
তেওঁৰ ঘৰৰ পৰা উদ্ধাৰ হৈছে এখন ছুইচাইড নোট। ১২ পৃষ্ঠাৰ ছুইচাইড নোটখন পঞ্জাৱ আৰক্ষীৰ ডি আই জিক উদ্দেশ্যি লিখা হৈছে ।
য’ত শেহতীয়াকৈ আৰক্ষী বিষয়াজন চাইবাৰ অপৰাধৰ বলি হোৱাৰ কথা উল্লেখ আছে। জীৱনৰ সকলো সঞ্চয় হেৰুৱাই মানসিক বিষণ্ণতাত ভুগিছিল আৰক্ষী বিষয়াগৰাকী। যাৰ বাবেই এই ঘটনা সংঘটিত হয়।
বিষয়া বৰুণ শৰ্মাই কয়,’ গুলীচালনাৰ খবৰ পোৱাৰ লগে লগে আমি আই পি এছ বিষয়াজনৰ ঘৰলৈ গৈ তেওঁক ৰক্তাক্ত অৱস্থাৰ পৰা উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। চিকিৎসালয়ৰ সূত্ৰ অনুসৰি তেওঁৰ অৱস্থা অত্যন্ত সংকটজনক।’






























