Barpeta:বৰপেটাৰ জিলা আয়ুক্ত কার্যালয়ত চিএম ভিজিলেঞ্চৰ অভিযান

সত্ৰৰ ভূমি সন্দেহজনক লোকৰ নামত নামজাৰি কৰাৰ অভিযোগ সহকাৰী আয়ুক্ত বিৰুদ্ধে

WhatsApp Image 2025 12 23 at 12.45.00 PM

Barpeta:

সত্ৰৰ ভূমি বিক্ৰীৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ কঠোৰ বাধাৰোপ থকাৰ পিছতো বুজন পৰিমাণৰ ধনৰ বিনিময়ত সত্ৰৰ ভূমি হস্তান্তৰৰ অভিযোগ এজন তদানীন্তন অতিৰিক্ত জিলা আয়ুক্তৰ বিৰুদ্ধে ৷ যাৰবাবে আজি বৰপেটাৰ জিলা আয়ুক্ত কার্যালয়ত মুখ্যমন্ত্ৰী তদাৰকী কোষৰ এটা দলে চলায় অভিযান। তদানীন্তন সহকাৰী আয়ুক্ত জয়ন্ত বৰাৰ বিৰুদ্ধে সত্ৰৰ ভূমি সন্দেহজনক লোকৰ নামত নামজাৰি কৰাৰ অভিযোগ লাভ কৰিছিল চিএম ভিজিলেঞ্চে ৷ আনকি এই সন্দৰ্ভত মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই কঠোৰস্থিতি গ্ৰহণ কৰি বিষয়াজনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিছিল চিএম ভিজিলেঞ্চত। যাৰ পৰিপ্ৰেক্ষিতত বিষয়াজনৰ বিৰুদ্ধে ৩৫/২৫ নম্বৰত ৰজু হৈছিল গোচৰ ৷ উল্লেখ্য যে সহকাৰী আয়ুক্তজনক ইতিমধ্যে বৰপেটাৰ পৰা শ্ৰীভূমিলৈ বদলি
কৰা হৈছে ৷
Exit mobile version