Kherani:পশ্চিম কাৰ্বি আংলঙৰ খেৰণিত অব্যাহত উত্তপ্ত পৰিস্থিতি

মন্ত্ৰী ৰণোজ পেগুৰ প্ৰস্থানৰ পাছতেই উত্তেজিত ৰাইজে জ্বলালে মটৰ চাইকেল ,চেপা উত্তেজনা অব্যাহত

WhatsApp Image 2025 12 23 at 2.20.58 PM

Kherani:

পাহাৰীয়া জিলা কাৰ্বি আংলঙত অগ্নিগৰ্ভা পৰিস্থিতি ৷ খেৰণিত বহিৰাগত আগ্ৰাসনৰ বিৰুদ্ধে কাৰ্বি জনতাই উচ্ছেদৰ দাবী অব্যাহত ৰখা অনশনৰ মাজতে আৰক্ষীয়ে দেওবাৰে কে’বাজনো অনশনকাৰীক গ্ৰেপ্তাৰ কৰি নিয়াৰ পিছতে ক্ষুব্ধ ৰাইজে ৰুদ্ৰমুৰ্তি ধৰি সোমবাৰে বিয়লি কাৰ্বি আংলং স্বায়ত্ত্বশাসিত পৰিষদৰ চিইএম তুলিৰাম ৰংহাঙৰ ডংকামোকামৰ পৈত্ৰিক বাসগৃহ ৷

আনহাতে এনে উত্তেজনাময় পৰিস্থিতিৰ মাজতে নিশা পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে খেৰণিত উপস্থিত হয় আৰক্ষী সঞ্চালক প্ৰধান হৰমিত সিং৷ ইফালে মুখ্যমন্ত্ৰীৰ নিৰ্দেশত আজি ঘটনাস্থলীত উপস্থিত হয় শিক্ষামন্ত্ৰী ডা:ৰণোজ পেগু। আন্দোলনকাৰী আৰু অনা কাৰ্বি সকলক বুজনি দি পৰিস্থিতি উপসমৰ বাবে চেষ্টা চলায় ৷ ইয়াৰ মাজতে সংঘটিত হয় এক অনাকাংক্ষিত ঘটনা ৷ মন্ত্ৰী ডাঃ ৰণোজ পেগু খেৰণিৰ পৰা প্ৰস্থানৰ পাছতেই উত্তেজিত হৈ পৰে প্ৰতিবাদকাৰী। প্ৰতিবাদকাৰীয়ে অগ্নি সংযোগ কৰে দুখনকৈ মটৰ চাইকেলত। অৱশ্যে পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা কৰে আৰক্ষীয়ে।

উল্লেখ্য যে ডা:ৰণোজ পেগুৱে আন্দোলনৰত সংগঠনটোক প্ৰতিশ্ৰুতি দিছিল যে অহাবৰ্ষৰ ২জানুৱাৰীত মুখ্যমন্ত্ৰীয়ে আলোচনাত বহিব প্ৰতিবাদকাৰীৰ সৈতে।  ৰণোজ পেগুৰ আশ্বাসৰ পিছতে প্ৰতিবাদকাৰীয়ে ভংগ কৰে অনশন কাৰ্যসূচী। কিন্ত আনহাতে আন একাংশই সংঘটিত কৰে অগ্নিসংযোগৰ ঘটনা। বৰ্তমানেও চেপা উত্তেজনা অব্যাহত আছে যদিও আৰক্ষীয়েও সকলো পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে সষ্টম হৈ আছে ৷

ইপিনে,সোমবাৰে উত্তেজিত জনতাই জ্বলাই দিয়া কাৰ্বি আংলং স্বায়ত্ত্বশাসিত পৰিষদৰ চিইএম তুলিৰাম ৰংহাঙৰ ডংকামোকামৰ অগ্নিদগ্ধ পৈত্ৰিক বাসগৃহটি মঙলবাৰে বুলড’জাৰে ভাঙি পেলোৱা হয় ৷ স্বয়ং তুলিৰাম ৰংহাঙৰ নিৰ্দেশতে বুলড’জাৰেৰে ভাঙি পেলোৱা হয় ৷

Exit mobile version