Royal Melbourne Institute of Technology:✒️পকী ঘৰ-মজিয়া নিৰ্মাণৰ অপৰিহাৰ্য সামগ্রী চিমেণ্টক বিদায় জনোৱাৰ প্রক্রিয়া আৰম্ভ হ’ল। অস্ট্রেলিয়াৰ একাংশ অভিযন্তাই চিমেণ্টৰ এক বিকল্প উপাদান তৈয়াৰ কৰি উলিয়াইছে।
ধূলি-বালি, পানী আৰু আবর্জনা মিহলাই মেলব’র্ণ ইঞ্জিনিয়াৰিং লেবত আৰএমআইটি বিশ্ববিদ্যালয়ৰ একাংশ বিজ্ঞানীয়ে চিমেণ্টৰ এই বিকল্প উপাদান উদ্ভাৱন কৰিছে। উল্লেখ্য যে বর্তমানে চিমেণ্টৰ ব্যৱহাৰৰ ফলতো পৰিৱেশৰ বিস্তৰ ক্ষতিসাধন হৈছে বুলি বিজ্ঞানীসকলে প্রকাশ কৰি আহিছে।
বিজ্ঞানীসকলৰ মতে বিশ্বৰ মুঠ কার্বন-ডাই-অক্সাইড নির্গমনৰ কমেও আঠ শতাংশ সৃষ্টি হয় চিমেণ্টৰ পৰা। গতিকে ইয়ে জলবায়ু পৰিৱৰ্তনৰ প্ৰতি বৰঙণি যোগাই আহিছে। ইয়াৰ প্ৰতি লক্ষ্য বাখিয়ে অস্ট্রেলিয়াৰ বিজ্ঞানীসকলে চিমেণ্টৰ এই বিকল্প তৈয়াৰ কৰিছে।
এই চিমেন্ট তৈয়াৰ কাপব’র্ড টিউবো ব্যৱহাৰ কৰা হৈছে। ইয়াক তৈয়াৰ কৰোতে মাটি আৰু পানী মিশ্রণো ব্যৱহাৰ কৰা হৈছে। মাটি আৰু পানীৰ মিশ্রণ একোটা কাপব’ৰ্ডত বিশেষ
