Sri Bhumi:শ্ৰীভূমিত আটক অবৈধ বাংলাদেশী

ধৃত বাংলাদেশীজনৰ ঘৰ বাংলাদেশৰ জকিগঞ্জত

WhatsApp Image 2025 12 24 at 12.52.22 PM 1

Sri Bhumi:

বাংলাদেশত অব্যাহত থকা হিংসাত্মক ঘটনাৱলীৰ মাজতে সংগোপনে ভাৰতত প্ৰৱেশ কৰা এজন অবৈধ বাংলাদেশী আৰক্ষীৰ জালত পৰে ৷ শ্ৰীভূমি চহৰত সন্দেহজনকভাৱে ঘূৰি ফুৰাৰ সময়তে একাংশ লোকে সোধপোছ কৰে বাংলাদেশীজনক ৷ সোধপোছ পোহৰলৈ আহে যে তেওঁ অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰিছে ৷ ইতিমধ্যে আৰক্ষীয়ে আটক কৰা বাংলাদেশীজনৰ পৰা উদ্ধাৰ হয় বাংলাদেশী টকা। কমৰুল ইছলাম নামৰ লোকজনৰ ঘৰ বাংলাদেশৰ জকিগঞ্জত।

উল্লেখ্য যে বাংলাদেশত ড:মহম্মদ ইউনুছৰ নেতৃত্বত অন্তৱৰ্তীকালীন চৰকাৰ গঠন হোৱাৰ পিছৰে পৰা মুৰ দাঙি উঠিছে মৌলবাদী সংগঠন সমূহ। ইনকিলাব মঞ্চ নামৰ মৌলবাদী সংগঠনৰটোৰ নেতা এজন দুৰ্বৃত্তৰ গুলীত নিহত হোৱাৰ পিছৰে সংগঠনটোৰ নেতা- কৰ্মীয়ে ঢাকা সহ প্ৰায়বোৰ জিলাত ব্যাপক হিংসাত্মক ঘটনা সংঘটিত কৰি আহিছে ৷ ইয়াৰ মাজতে মৈমনচিং জিলাৰ এটা বস্ত্ৰ কাৰখানাত কৰ্মৰত দীপু কুমাৰ দাস নামৰ বিবাহিত যুৱকজনক নবীৰ বিৰুদ্ধে বিৰূপ মন্তব্য কৰাৰ অভিযোগত একাংশ মৌলবাদীয়ে দলবদ্ধভাৱে প্ৰহাৰ কৰি অৰ্ধচেতন অৱস্থাত ৰাজপথৰ কাষত ৰছিৰে ওলমাই জ্বলাই দিয়াৰ দৰে জঘন্য ঘটনা সংঘটিত কৰে। এজন হিন্দু যুৱক জীৱন্তে জ্বলাই হত্যা কৰাৰ দৰে অমানৱীয় ঘটনা সংঘটিত হোৱাৰ পিছৰে পৰা বাংলাদেশৰে ভাৰতৰে সম্পৰ্ক তীক্ততাপূৰ্ণ হৈ পৰে ৷ আনকি ঢাকাত ভাৰতীয় দূতাবাসতআক্ৰমণৰ দৰে ঘটনা সংঘটিত কৰাৰ প্ৰয়াস কৰাৰ পিছতে ভাৰতে কঠোৰস্থিতি গ্ৰহণ কৰি ঢাকাৰ দুটা আৰু চত্ৰগ্ৰামৰ এটা ভিজা কেন্দ্ৰ অনিদিষ্ট কাললৈ বন্ধ কৰি দিয়ে ভাৰতীয় বিদেশ মন্ত্ৰণালয়ে।

Exit mobile version