‘প্রপাগেণ্ডা ছবি’ বুলি ৰাঠীয়ে কটাক্ষ কৰা ‘ধুৰন্ধৰ’ৰ ব্যৱসায় ৯০০ কোটিৰ অধিক হ’ল

IMG 20251225 145853

Dhurandhar:✒️আদিত্য ধৰ পৰিচালিত ‘ধুৰন্ধৰ’ ছবিখনে ১৯ দিনত বিশ্বজুৰি ৯০০ কোটি টকাৰো অধিক ব্যৱসায় কৰিলে। ছবিখনৰ এই বাণিজ্যিক সফলতাত আনন্দ প্রকাশ কৰিলে পৰিচালক ধৰে।

ইনস্টাগ্রামত নিজৰ অনুভৱ ব্যক্ত কৰি ধৰে ইউটিউবাৰ ধ্রুব ৰাঠীৰ নাম উল্লেখ নকৰাকৈ কটাক্ষ কৰি লিখিলে, ‘ভাৰতীয় চিনেমাৰ ইতিহাস পুনৰ ৰচনা হ’ল। এইসকল পুৰুষ আৰু মহিলাৰ দ্বাৰা, যিসকলৰ বুকুত জুই আছে আৰু নিজৰ দেশৰ প্রতি ভালপোৱা আছে। অলপতে এজন ভিডিঅ’ তৈয়াৰ কৰা ব্যক্তিয়ে ছবিখনৰ সমালোচনা কৰিবলৈ গৈ নিজেই সমালোচনাৰ ঢৌত উটি গ’ল। ‘ধুৰন্ধৰ’ এতিয়া এক ছুনামিত পৰিণত হ’ল। এই ছুনামি ২০২৬ লৈকে অব্যাহত থাকিব।’

উল্লেখ্য যে ইউটিউবাৰ ধ্ৰুৱ ৰাঠীয়ে অলপতে ‘ধুৰন্ধৰ’ক এখন প্রপাগেণ্ডা ছবি বুলি অভিহিত কৰি ছবিখন বক্স অফিচত চূড়ান্ত ব্যর্থ হ’ব বুলি কটাক্ষ কৰিছিল। কিন্তু ৰাঠীৰ এনে কটাক্ষক নস্যাৎ কৰি ‘ধুৰন্ধৰ’-এ বিশ্বজুৰি ইতিমধ্যে ৯০০ কোটি টকাৰ অধিক ব্যৱসায় কৰি চলিত বৰ্ষৰ সবাতোকৈ সফল বাণিজ্যিক ছবি হিচাপে স্বীকৃতি লাভ কৰিলে। স্পাই থ্রিলাৰ ছবি ‘ধুৰন্ধৰ’ত অক্ষয় খান্না, ৰণবীৰ সিং, সঞ্জয় দত্ত আদিয়ে অভিনয় কৰিছে।

Exit mobile version