লক্ষ্ণৌত প্ৰধানমন্ত্ৰীয়ে উদ্বোধন কৰিলে ‘ৰাষ্ট্ৰ প্ৰেৰণা স্থল’

IMG 20251225 144611

PM Modi:✒️ভাৰতৰ জাতীয়তাবাদী ইতিহাসৰ তিনিটা স্তম্ভ – ড° শ্যামাপ্ৰসাদ মুখাৰ্জী, পণ্ডিত দীনদয়াল উপাধ্যায়, আৰু অটল বিহাৰী বাজপেয়ী। তেওঁলোকৰ স্মৃতিত সৃষ্টি হ’ল ‘ৰাষ্ট্ৰ প্ৰেৰণা স্থল ‘।

আজি ২৫ ডিচেম্বৰ,অটল বিহাৰী বাজপেয়ীৰ জন্মবাৰ্ষিকীত উত্তৰ প্ৰদেশৰ ৰাজধানী লক্ষ্ণৌত এই বিশাল স্মৃতিসৌধটো জাতিৰ উদ্দেশ্যে উৎসৰ্গ কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ।

পদুম ফুলৰ আকৃতিত ডিজাইন কৰা এই বিশেষ স্মৃতিসৌধটো লক্ষ্ণৌৰ বসন্ত কুঞ্জ অঞ্চলত নিৰ্মাণ কৰা হৈছে। উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ উপৰিও প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু মুখ্যমন্ত্ৰী যোগী আদিত্যনাথও উপস্থিত থাকে।

প্ৰায় দুই লাখ লোকৰ উপস্থিতিত এই ঐতিহাসিক অনুষ্ঠান সম্পূৰ্ণ কৰা হয়। নিৰাপত্তাৰ স্বাৰ্থত সমগ্ৰ মহানগৰীতে প্ৰশাসনে কঠোৰ নিৰাপত্তা ব্যৱস্থা ৰূপায়ণ কৰিছিল।

এই প্ৰকল্পৰ মূল আকৰ্ষণ হৈছে ৬৫ ফুট উচ্চতাত ব্ৰঞ্জৰ তিনিটা মূৰ্তি।বিশ্ববিখ্যাত ভাস্কৰ্য শিল্পী ৰাম সুতাৰ আৰু মণ্টু ৰাম আৰ্ট ক্ৰিয়েচনে এই প্ৰতিমূৰ্তি নিৰ্মাণ কৰিছে। ৰাতিৰ আলোকসজ্জা আৰু প্ৰজেকচন মেপিঙৰ ফলত মূৰ্তিবোৰ যেন জীৱন্ত হৈ উঠিছে।

Exit mobile version