Dark circles :✒️হয় গভীৰ নিশা কাম কৰা, নহয় ধাৰাবাহিক বা চিনেমা চোৱা। ফলত চকু ফুলি উঠা। তাৰ লগতে ডার্ক চার্কল। বহু সময়ত মেকআপে এই দাগবোৰ ঢাকি নাৰাখে। বহু লোকে এই সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ দামী প্রসাধন সামগ্রী ক্রয় কৰে। বহুতে ৰাসায়নিক চিকিৎসাৰ ওপৰতো নিৰ্ভৰ কৰে। অৱশ্যে এই সমাধান দীর্ঘস্থায়ী নহয় বুলি চিকিৎসকে কয়।
চকুৰ চাৰিওফালৰ ছাল বিশেষকৈ চকুৰ তলৰ পতাখন অতি সংবেদনশীল। গতিকে অনুমানৰ ভিত্তিত বিশেষ পৰীক্ষা নকৰিলে ভাল। কিন্তু ইয়াৰ সমাধান বিচাৰি উলিওৱাৰ আগতে চকুৰ তলত কিহৰ বাবে ক’লা বৃত্ত দেখা দিয়ে সেইটো জানিব লাগিব।
ছালৰ বিশেষজ্ঞ অমিত বাংগানীয়ে এক সাক্ষাৎকাৰত কয় যে ‘ডার্ক চাৰ্কলৰ বিভিন্ন কাৰণ থাকিব পাৰে। ৰাতি জাগৰণৰ উপৰি মানসিক চাপ, চকুৰ গঠন আৰু জিনেও ভূমিকা পালন কৰে। গতিকে প্রথমে ৰোগৰ উৎস বিচাৰি উলিওৱাটো প্রয়োজনীয়।’
জিনীয় কাৰণ
বহুতে হয়তো নাজানে যে বেছিভাগ ক্ষেত্রতে ডার্ক চার্কল জিনীয়। অর্থাৎ পৰিয়ালৰ কোনোবা যদি এই সমস্যা হয়, তেন্তে পর্যাপ্ত পৰিমাণে টোপনি পোৱাৰ পাছতো চকুৰ তলত ক’লা বৃত্ত দেখা দিব পাৰে। ডার্ক চার্কল আঁতৰাবলৈ বিশেষ ক্রীম ব্যৱহাৰ কৰিলেও কোনো কাম নাই।
ৰঞ্জক পদার্থ
চিকিৎসকে কয় যে চকুৰ তলত অতিৰিক্ত মেলানিন থাকিলেও ক’লা বৃত্ত দেখা দিয়ে। কিছুমান শাৰীৰিক সমস্যাৰ বাবেও এনে হ’ব পাৰে। হৰম’নৰ উঠা-নমা, প্রদাহজনিত সমস্যা বা চকুত সঘনাই ঘঁহি থকাৰ অভ্যাসেও চকুৰ তলৰ সংবেদনশীল ছালত ক’লা বৃত্তৰ সৃষ্টি কৰিব পাৰে।
ভেছকুলাৰ ডিজিজ
পর্যাপ্ত জিৰণিৰ অভাব, মানসিক চাপ, ক্লান্তি, উদ্বেগ, আনকি পানী লগাও চকুৰ তলত ক’লা বৃত্তৰ সৃষ্টি কৰিব পাৰে। চকুৰ তলৰ বক্তবাহী নলীবোৰ যদি কোনো ধৰণে প্ৰসাৰিত হয়, তেন্তে সেইবোৰ ক’লা বা নীলা ৰঙৰ দেখা যায়।
ঘৰতে সমাধান কৰা সম্ভবনে?
(১) প্রদাহজনিত সমস্যা নিয়ন্ত্ৰণৰ বাবে ঠাণ্ডা কম্প্রেছ অতি উত্তম। অৱশ্যে পোনে পোনে চকুৰ তলত বৰফ ঘহিব নালাগে। পাতল কাপোৰেৰে মেৰিয়াই পাঁচ মিনিট লাহে লাহে লগাব পাৰে।
(২) গ্রীণ টি ব্যৱহাৰ কৰিলে চকুৰ তলত থকা কেফেইন ভিত্তিক ছিৰামও উপকাৰী হ’ব।
(৩) চকুৰ চৌপাশৰ ছালত আর্দ্রতা বজাই ৰাখিবলৈ এলোভেৰা জেলৰ দ্বাৰাও মালিচ কৰিব পাৰে।
