Stock Exchange:✒️চলিত বৰ্ষতো নতুন দিল্লীস্থিত ৰাষ্ট্ৰীয় ষ্টক এক্সচেঞ্জ (এনএছই)ৰ বাবে সুখকৰ হ’ল। এই বর্ষত এনএছইত ১.৫ কোটি নতুন বিনিয়োগকাৰীয়ে প্ৰৱেশ কৰে আৰু নতুন সামগ্রী প্রবর্তন কৰা হয়। এনেদৰে বছৰটোত স্থিৰ বজাৰ বৃদ্ধিও ঘটে।
বছৰটোত এনএছইৰ সূচকাংক নিফটিৰ প্ৰায় ১০ শতাংশ বৃদ্ধি পায়। ফলত এই ষ্টক এক্সচেঞ্জত তালিকাভুক্ত প্রতিষ্ঠানসমূহৰ মুঠ মূল্য প্রায় ৪৬৯ লাখ কোটি টকালৈ বৃদ্ধি পায়। ইয়ে বিনিয়োগকাৰীসকলৰ মাজত অবিৰত আত্মবিশ্বাস আৰু স্থিৰ সম্পদ সৃষ্টি প্রতিপন্ন কৰে। প্রতিষ্ঠানসমূহে ২০২৫ত বজাৰৰ জৰিয়তে ধন সংগ্ৰহ অব্যাহত ৰাখে।
এনএছইৰ জৰিয়তে সংগ্ৰহ কৰা মুঠ পুঁজি প্রায় সাত শতাংশ বৃদ্ধি হৈ ১৯ লাখ কোটি টকাত উপনীত হৈছে। বছৰটোত আইপিঅ’ৰ বজাৰো সক্ৰিয় হৈ থাকে। দুশবো অধিক প্রতিষ্ঠানে এনএছইৰ মেইন ব’ৰ্ড আৰু এছএমই প্লেটফ ‘র্মত আইপিঅ’ৰ জৰিয়তে একেলগে প্রায় ১.৭৭ লাখ কোটি টকা সংগ্রহ কৰে।
ইয়ে নতুন আৰু ক্রমবর্ধমান প্রতিষ্ঠানসমূহৰ প্রতি বিনিয়োগকাৰীৰ আগ্রহক প্রতিপন্ন কৰিছে। আনহাতে এনএছইয়ে ব্যৱসায়িক আয়তনৰ দ্বাৰা বিশ্বৰ সৰ্ববৃহৎ ডিবাইভেটিভছ এক্সচেঞ্জরূপে নিজৰ স্থান অক্ষুণ্ণ ৰাখিছে। বিশ্ব স্তৰত এনএছই ইণ্টাৰনেচনেল এক্সচেঞ্জে বছৰটোত এক লাখ কোটি মার্কিন ডলাৰৰো অধিক আনুমানিক ৰাজহৰ এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি অতিক্ৰম কৰিছে।
বছৰটোত ১.৫ কোটি নতুন বিনিয়োগকাৰীয়ে যোগ দিয়াৰ ফলত পঞ্জীভুক্ত বিনিয়োগকাৰীৰ সংখ্যাই ১২.৪ কোটিৰ ঘৰক অতিক্ৰম কৰিছে। কেৱল ডাঙৰ চহৰতে নহয়, সৰু-সুৰা চহৰ আদিৰ মানুহৰো শ্বেয়াৰ বজাৰত বিনিয়োগৰ প্ৰতি আকর্ষণ বৃদ্ধি পাইছে। চলিত বর্ষত এনএছইয়ে নতুন সামগ্রী আৰু সূচক পৰিৱৰ্তন কৰে। তদুপৰি এক্সচেঞ্জটোৱে বণ্ড, সেউজ বণ্ড আৰু বিদ্যুৎ ফিউচাৰৰ দৰে ক্ষেত্ৰত কার্যকলাপ বৃদ্ধি কৰে।






























