Dibrugarh:ডিব্ৰুগড় বিমানবন্দৰত ঘণ কুঁৱলীৰ বাবে অথন্তৰ !

ডিব্ৰুগড়-গুৱাহাটী অভিমুখী বিমানৰ পৰা নামিবলগীয়া হয় দুই মন্ত্ৰী আৰু তিনি বিধায়ক

WhatsApp Image 2025 12 26 at 3.43.07 PM

Dibrugarh:

শুকুৰবাৰে ডিব্ৰুগড় বিমানবন্দৰত অথন্তৰ ৷ ঘন কুঁৱলীৰ বাবে ইণ্ডিগো’ 6E 467 নম্বৰৰ ডিব্ৰুগড়-গুৱাহাটী অভিমুখী বিমানৰ উৰণ হঠাতে কিছু সময়ৰ বাবে পিছুৱাই দিয়ে বিমানবন্দৰ কৰ্তৃপক্ষই। যাৰবাবে অসুবিধাৰ সন্মুখীন হয় বিমান খনৰ যাত্ৰীসকল ৷ সকলো যাত্ৰী বিমানপৰা নামি আহিবলগীয়া হয় ৷

উল্লেখ্য যে ডিব্ৰুগড়-গুৱাহাটী অভিমুখী বিমানৰ যাত্ৰী হিচাপে আছিল দুই মন্ত্ৰী প্ৰশান্ত ফুকন,ৰূপেশ গোৱালা আৰু বিধায়কত্ৰয় বলীন চেতিয়া, তেৱছ গোৱালা ,তৰংগ গগৈ ৷

Exit mobile version