Siliguri Hotels:ভাৰত বিদ্বেষী মনোভাৱ পোষণ কৰা বাংলাদেশী নাগৰিকৰ বিৰুদ্ধে কঠোৰস্থিতি শিলিগুৰিৰ হোটেল ব্যৱসায়ীৰ

শিলিগুৰিৰ কোনো হোটেলত বাংলাদেশী পর্যটকক ৰূম নিদিয়াৰ সিদ্ধান্ত বৃহত্তৰ শিলিগুৰি হোটেল মালিক কল্যাণ সংস্থাৰ

WhatsApp Image 2025 12 26 at 5.56.15 PM

Siliguri Hotels:

চুবুৰীয়া বাংলাদেশত অন্তৱৰ্তীকালীন চৰকাৰৰ প্ৰধান উপদেষ্টা হিচাপে ড:মহম্মদ ইউনুছে দায়িত্ব লোৱাৰ পিছৰে পৰা মুৰ দাঙি উঠি মৌলবাদী সংগঠন সমূহ ৷ বিগতবৰ্ষত ছাত্ৰ বিক্ষোভৰ ফলত প্ৰধানমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰি দেশ ত্যাগ এৰা শ্বেইখ হাচিনাৰ বিৰুদ্ধে প্ৰচণ্ড ক্ষোভ আজিও অব্যাহত আছে ৷ ছাত্ৰ বিক্ষোভৰ অচিলা লৈ ভাৰতৰ বিৰুদ্ধে বিদ্বেষী মনোভাৱ পোষণ কৰা মৌলবাদী সংগঠন ইনকিলাব মঞ্চৰ মুৰব্বী হাদী নামৰ যুৱকজনক অচিনাক্ত দুৰ্বৃত্তই বিগত সপ্তাহত ঢাকাত গুলীয়াই হত্যা কৰাৰ পিছৰে পৰা হত্যা হিংসাৰে এক অৰাজকতা পৰিস্থিতিৰ মাজতে এজন হিন্দু যুৱকক হত্যা কৰি গছত উলমাই জ্বলাই দিয়া ঘটনাৰ সংঘটিত হয় মৈমনচিং জিলাত ৷ বৃহস্পতিবাৰে নিশা পুনৰ ৰাজধানী ঢাকাৰ কৰা ছয় কিলোম নিলগৰ পাংশা উপ- জিলাৰ ৰাজবাৰীত অমৃত মণ্ডল নামৰ হিন্দু যুৱকজনক একাংশ লোকে মৰিয়াই হত্যা কৰে ৷

শেহতীয়াকৈ ইনকিলাব মঞ্চ সহ কেতবোৰ মৌলবাদী সংগঠনে ভাৰতৰ উত্তৰ- পূবৰ সাতভনী দখল কৰাৰ লগতে শিলিগুৰি চিকেন নেক তচনচ কৰাৰ হুংকাৰ দিয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে কঠোৰস্থিতি গ্ৰহণ কৰিছে পশ্চিমবংগৰ ব্যৱসায়ীস্থল শিলিগুৰি হোটেল ব্যৱসায়ী সকলে ৷ এতিয়াৰ পৰা কোনো বাংলাদেশী নাগৰৰ শিলিগুৰিৰ হোটেলত ৰূম দিয়া নহ’ব ৷লাগিলে সেয়া মেডিকেল ভিছাতেই হওক বা ছাত্র ভিছাতেই হওক । এই সিদ্ধান্তৰ কথা সদৰি কৰে বৃহত্তৰ শিলিগুৰি হোটেল মালিক কল্যাণ সংস্থাৰ যুটীয়া সম্পাদক উজ্জ্বল ঘোষে ৷

উল্লেখ্য যে বাংলাদেশত মৌলবাদী সংগঠনৰ ভাৰত বিদ্বেষীস্থিতি গ্ৰহণ কৰাত ইউনুছ চৰকাৰে মৌন সমৰ্থন আগবঢ়োৱা প্ৰতিবাদ স্বৰূপে ভাৰত চৰকাৰে ঢাকাৰ দুটা স্থান আৰু ছত্ৰগ্ৰামৰ ভিছা কেন্দ্ৰ অনিদিষ্টকাললৈ বন্ধ কৰিছিল ৷

Exit mobile version