Thick fog:
ৰাজ্যত ক্ৰমাৎ বৃদ্ধি পাইছে শীত। সমান্তৰালভাৱে ঠায়ে ঠায়ে ঘন কুঁৱলীয় আচ্ছাদন ৷ গুৱাহাটী মহানগৰীত যোৱা তিনিদিন ধৰি বতৰ কিছু ডাৱৰীয়া হোৱা হেতুকে বৃদ্ধি পাইছে ঠাণ্ডা ।
ADVERTISEMENT
আনহাতে ঘন কুঁৱলীৰ বাবে সাময়িকভাবে বন্ধ গুৱাহাটী-উত্তৰ গুৱাহাটী ফেৰীসেৱা । বতৰ ফৰকাল নোহোৱা পৰ্যন্ত ফেৰী সেৱা বন্ধ থাকিব বুলি ঘোষণা কৰিছে আভান্তৰীণ জল পৰিবহন বিভাগে ৷ যাত্ৰীৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি এই ব্যৱস্থা গ্ৰহণ কৰিছে আই ডব্লিউ টি- এ ৷




































