Soudi Arabia:✒️নথি-পত্ৰবিহীন অনুপ্ৰৱেশকাৰীক বহিষ্কাৰ কৰাৰ প্ৰচেষ্টাৰ বাবে বিশ্বৰ শিৰোনাম দখল কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে । অনুমান কৰা হৈছে যে ২০২৫ চনত বিশ্বৰ আন দেশৰ তুলনাত সৰ্বাধিক ভাৰতীয়ক আমেৰিকাৰ পৰা বিতাড়িত কৰা হৈছে।
যদিও প্ৰকৃত প্ৰতিবেদনবোৰে বেলেগ কাহিনীয়ে কয়। শেহতীয়াকৈ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ এক প্ৰতিবেদনত প্ৰকাশ পাইছে যে ২০২৫ চনত মুছলমান সংখ্যাগৰিষ্ঠ দেশ ছৌদি আৰবে সৰ্বাধিক ভাৰতীয়ক বিতাড়িত কৰিছে।
তথ্য অনুসৰি চৌদি আৰবে চলিত বৰ্ষত প্ৰায় ১১ হেজাৰ ভাৰতীয়ক বিতাড়ন কৰিছে, যিটো বিশ্বৰ আন দেশতকৈ অধিক। ইয়াৰে অধিকাংশই আছিল ব্যক্তিগত কোম্পানীত কাম কৰা শ্ৰমিক আৰু কৰ্মচাৰী।
ভিছাৰ নিয়ম উলংঘা কৰা, অবৈধভাৱে বাস কৰা, স্থানীয় আইন ভংগ কৰাৰ বাবে তেওঁলোকক দেশৰ পৰা বিতাড়িত কৰা হৈছিল। আনহাতে, তথ্য অনুসৰি চলিত বৰ্ষত মাত্ৰ ৩৮০০ ভাৰতীয়কহে আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা বিতাড়িত কৰা হৈছে।
এই সংখ্যা অৱশ্যে যোৱা পাঁচ বছৰৰ তুলনাত সৰ্বাধিক। টাইমছ অৱ ইণ্ডিয়াৰ এক প্ৰতিবেদন অনুসৰি ২০২৫ চনত মুঠ ৮১খন দেশৰ পৰা ২৪,৬০০ৰো অধিক ভাৰতীয়ক বিতাড়িত কৰা হৈছিল।
যিহেতু চৌদি আৰৱত বৃহৎ সংখ্যক ভাৰতীয় বাস কৰে (১৯ৰ পৰা ২৭ লাখ) সেয়েহে বিতাড়নৰ সংখ্যাও বেছি। তাত লাখ লাখ ভাৰতীয়ই নিৰ্মাণ, স্বাস্থ্যসেৱা, অভিযান্ত্ৰিক খণ্ডত কাম কৰে।
বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ প্ৰতিবেদন অনুসৰি উপসাগৰীয় দেশৰ পৰা ভাৰতলৈ ঘূৰি অহা ১১ হাজাৰ লোকৰ ভিতৰত ১৪৬৯ জন সংযুক্ত আৰব আমিৰশ্বাহীৰ, ৭৬৪ জন বাহৰেইনৰ পৰা আৰু আন কিছুমান চৌদি আৰৱৰ।
তদুপৰি দক্ষিণ-পূব এছিয়াৰ দেশসমূহো ভাৰতীয়ক বহিষ্কাৰ কৰাত পিছ পৰি থকা নাই। এইবাৰ ম্যানমাৰে ১৫৯১ জন ভাৰতীয়ক বিতাড়ন কৰিছে, তাৰ পাছতে মালয়েছিয়া (১৫৯১), থাইলেণ্ড (৪৮১), আৰু কম্বোডিয়া (৩০৫)।
কিন্তু এই দেশসমূহত শোষণৰ স্বৰূপ কিছু বেলেগ। ইয়াত ভাৰতীয়সকলক উচ্চ দৰমহাৰ প্ৰতিশ্ৰুতিৰে প্ৰলোভিত কৰি চাইবাৰ স্লেভ হিচাপে ব্যৱহাৰ কৰা হয়। এই সকলোৰে পৰা চৰকাৰে ভাৰতীয়সকলক উদ্ধাৰ কৰিছে।
ইয়াৰ উপৰিও ভাৰতীয় ছাত্ৰ-ছাত্ৰীক বিতাড়িত কৰা দেশৰ তালিকাত ৰাছিয়াও আছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ প্ৰতিবেদন অনুসৰি এই বছৰ ব্ৰিটেইনে সৰ্বাধিক ভাৰতীয় ছাত্ৰ-ছাত্ৰীক বিতাড়িত কৰিছে। তাৰ পৰা ১৭০ গৰাকী ছাত্ৰ-ছাত্ৰীক ভাৰতলৈ ঘূৰাই পঠিওৱা হৈছে।






























