Reels:✒️আজিৰ দিনত ম’বাইল ফোন খুলিলেই চকুত পৰে অসংখ্য সামাজিক মাধ্যমৰ ৰীল, চৰ্টছ, ইটোৰ পাছত সিটো সৰু ভিডিঅ’। কেইছেকেণ্ড মানৰ এই ৰীলবোৰ চাওঁতে চাওঁতে কিমান ঘণ্টা অতিবাহিত হয়, উমানেই পোৱা নাযায়। অথচ আপুনি জানেনে যে মাত্রাধিক ৰীল চোৱাটো মস্তিষ্কৰ বাবে কিমান ক্ষতিকাৰক?
আনকি ইয়াৰ প্ৰভাৱ হেনো সুৰাপান বা ধূমপানতকৈও কে’বাগুণে বেছি। সাম্প্রতিক এক গবেষণাত এই তথ্য পোহৰলৈ আহিছে। গৱেষকসকলৰ মতে, যিসকলে নিয়মিত আৰু দীর্ঘ সময় ধৰি চৰ্ট ভিডিঅ’ এপ ব্যৱহাৰ কৰে, তেওঁলোক মস্তিষ্কই ক্রমান্বয়ে পৃথকভাৱে কাম কৰিবলৈ আৰম্ভকৰে। বিশেষজ্ঞসকলে এই অৱস্থাৰ নাম দিছে ‘পপকর্ণ ব্রেইন’।
অর্থাৎ মস্তিষ্কই সকলো সময়তে দ্রুত, উত্তেজক বিষয়বস্তুত অভ্যস্ত হৈ পৰে, ফলত বাস্তৱ জীৱনৰ ধীৰগতিৰ কামবোৰ আৰু মস্তিষ্কৰ ভাল নলগা হয়। বীলে কিয় ইমান ক্ষতি কৰিছে?
অতিৰিক্ত ড’পামিন নিঃসৰণ: ৰীল চালে মস্তিষ্কত বাৰে বাৰে ড’পামিন নামৰ ‘ভাল লগাৰ হৰমোন’ নিঃসৃত হয়। ইয়াত মুহূৰ্তৰ আনন্দ উপভোগ কৰিলেও মস্তিষ্কই ক্ৰমাৎ আৰু বেছি উত্তেজনা বিচাৰি থাকে। ফলত নিচাৰ দৰে বাৰে বাৰে ৰীল চোৱাৰ অভ্যাস সৃষ্টি হয়।
মনোযোগৰ সময় কমি যায়: দ্রুত পৰিৱৰ্তন ঘটনা ভিডিঅ’ চোৱাৰ ফলত মস্তিষ্কই দীঘল সময়লৈ মনোযোগ ধৰি ৰাখিবলৈ পাহৰি যায়। কিতাপ পঢ়া, শিক্ষানুষ্ঠানৰ পঢ়া-শুনা, অফিচৰ কাম বা একেৰাহে কথা শুনাটো কঠিন হৈ পৰে।
স্মৃতিশক্তি দুর্বল হয়: গবেষণাত দেখা গৈছে যে অতিৰিক্তভাবে চুটি ভিডিঅ’ চোৱা মানুহজনে প্রায়েই সৰু-সুৰা বিষয় পাহৰি যায়। কি কাম কৰিবলৈ আহিছিল, ক’ত বস্তু ৰাখিছে আদিবোৰ মনত ৰখাত সমস্যা হয়।
আত্মনিয়ন্ত্ৰণৰ শক্তি হ্রাস পায় মস্তিষ্কৰ যি অংশ সিদ্ধান্ত লোৱা আৰু আত্মনিয়ন্ত্ৰণৰ দায়িত্বত থাকে, তাত সংকেত দুর্বল হৈ পৰে। ফলত চকুৰ সম্মুখত থকা ফোনটো নমাব বিচাৰিলেও নোৱাৰে, সময়ৰ হিচাপো খেলিমেল হৈ পৰে।
বিশেষজ্ঞসকলৰ মতে, এই সমস্যা কেবল প্রবীণসকলৰে নহয়, কিশোৰ আৰু তৰুণসকলৰ ক্ষেত্ৰত ক্ষতিৰ পৰিমাণ আৰু বেছি। কাৰণ কিশোৰ-তৰুণৰ মস্তিষ্ক এই বয়সত বিকাশৰ পৰ্যায়তে থাকে। চিকিৎসকসকলৰ মতে, ৰীল চোৱাটো সম্পূর্ণরূপে বন্ধ কৰাটো কঠিন হ’লেও ব্যৱহাৰত ভাৰসাম্য অনাটো অত্যন্ত জৰুৰী।
দিনটোত নির্দিষ্ট সময় ধাৰ্য কৰা, ফোনৰ পৰা বিৰতি লোৱা, গ্রন্থ পঢ়া, ধ্যান বা একাগ্ৰতাৰ অনুশীলন কৰিলে মস্তিষ্ক পুনৰ লাহে লাহে স্বাভাবিক ছন্দলৈ উভতিব পাৰে।
