Polling Station:
বিধানসভা নির্বাচন অনুষ্ঠিত কৰাৰ তৎপৰতাৰ অংশ হিচাপে অসমত নতুনকৈ ১,৮৩০টা নতুন ভোট কেন্দ্র স্থাপনৰ সিদ্ধান্ত গ্রহণ কৰিছে ভাৰতৰ নিৰ্বাচন আয়োগে। বর্তমান ৰাজ্যখনত থকা ভোট কেন্দ্ৰৰ সংখ্যা হ’ল ২৯,৭৫৬টা। নতুন ভোট কেন্দ্র স্থাপনৰ ফলত সেই সংখ্যা ৩১.৫৮৬টালৈ বৃদ্ধি হ’ব। সমগ্র দেশত নির্বাচন আয়োগে বিশেষ গভীৰ পুনৰীক্ষণ (এছআইআৰ) ব্যৱস্থাৰে ভোটাৰ তালিকা পুনৰীক্ষণৰ কাম পর্যায়ক্রমে ৰূপায়ণ অব্যাহত ৰাখিছে। ইয়াৰ বিপৰীতে অসমত বিশেষ পুনৰীক্ষণ (এছআৰ) চলোৱা হৈছে। অসমত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী (এনআৰচি)ৰ কাম চলা হেতুকে এছআইআৰৰ পৰিৱৰ্তে কেবল এছআৰ ব্যৱস্থা গ্রহণ কৰা হৈছে। সম্প্রতি পূর্ণ গতিত এছআৰৰ কাম চলিছে। এই
প্রক্রিয়া চলি থকাৰ মাজতে যথেষ্ট সংখ্যক ভোট কেন্দ্ৰ বৃদ্ধিৰ সিদ্ধান্ত গ্রহণ কৰিছে নির্বাচন আয়োগে। উল্লেখ্য যে আয়োগে শেহতীয়াকৈ গ্রহণ কৰা সিদ্ধান্ত অনুসৰি এটা ভোট কেন্দ্রত সর্বাধিক ১২শ ভোটাৰ থাকিব পাৰিব। অসমত এনে বহু ভোট কেন্দ্র আছে, য’ত ভোটাৰৰ সংখ্যা ১২শতকৈ যথেষ্ট বেছি। সেয়েহে তেনে একোটা ভোট কেন্দ্রক একাধিক ভাগত বিভক্ত কৰি নতুন ভোট কেন্দ্র স্থাপনৰ সিদ্ধান্ত লোৱা হয়। তাৰ ফলতে ৰাজ্যত আগন্তুক বিধানসভা নির্বাচনত নতুনকৈ ১৮শতকৈ অধিক ভোট কেন্দ্র স্থাপন হোৱাটো নির্বাচন আয়োগে নিশ্চিত কৰিছে।
অসমৰ নিৰ্বাচন বিভাগৰ সূত্রই সদৰী কৰা অনুসৰি, নতুনকৈ স্থাপন হ’বলগীয়া ভোট কেন্দ্রৰ অধিকাংশই ধর্মীয় সংখ্যালঘু ভোটাৰ অধ্যুষিত জিলাত অৱস্থিত। ভোটাৰৰ সংখ্যা অত্যধিক হোৱাৰ বাবেই ৰাজ্যৰ কে’বাখনো জিলাৰ বহু ভোট কেন্দ্রত নিশালৈকে ভোটদান চলে। ইয়াৰ ফলত বিভিন্ন দিশেৰে অসুবিধাৰ সৃষ্টি হয়। আনকি বহু ভোটাবে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰাৰো সুযোগ নাপায়। সেয়েহে অসমত ১৮শতকৈ অধিক নতুন ভোট কেন্দ্র স্থাপনৰ সিদ্ধান্ত লোৱা হৈছে। ইমান বৃহৎ সংখ্যক নতুন ভোট কেন্দ্র স্থাপনৰ ফলত এটা
উল্লেখযোগ্য সংখ্যক ভোটাৰৰ ভোট কেন্দ্ৰৰ ঠিকনাও সলনি হ’ব। ঠিকনা সলনি হ’বলগীয়া ভোটাৰৰ সুবিধার্থে নতুন কেন্দ্ৰবোৰ বিভাজিত কৰা ভোট কেন্দ্ৰৰ যিমান পাৰি সিমান ওচৰত স্থাপন কৰাৰ প্ৰয়াস কৰা হৈছে বুলি সূত্রত প্রকাশ। গতিকে নির্বাচন আয়োগৰ এনে সিদ্ধান্তত ৰাজ্যৰ বৃহৎ সংখ্যক ভোটাৰে আগন্তুক বিধানসভা নির্বাচনত নতুন ভোট কেন্দ্রত ভোটদান কৰিবলগীয়া হোৱাটো নিশ্চিত।
প্রসংগক্রমে অসমৰ মুখ্য নির্বাচনী বিষয়াৰ কাৰ্যালয়ৰ তথ্য অনুসৰি, যোৱা ২০ ডিচেম্বৰত এছআৰৰ অংশ হিচাপে চলি থকা ভোটাৰ তালিকাৰ ঘৰে ঘৰে পুনৰীক্ষণ প্রক্রিয়া যোৱা ২০ ডিচেম্বৰত’ সম্পন্ন হয়। বুথ পৰ্যায়ৰ বিষয়াই মানুহৰ ঘৰে ঘৰে গৈ ভোটাৰ তালিকাৰ পুনৰীক্ষণ কৰে। এই পুনৰীক্ষণ অভিযানত ৯৯.৯৫ শতাংশ ভোটাৰক সামৰি লোৱা হয়। ২৭ ডিচেম্বৰত খচৰা ভোটাৰ তালিকা প্রকাশ পাব।




































