Thick Fog:প্রচণ্ড শীতে কঁপাইছে ৰাজ্য

ৰাজ্যৰ চৌদিশে ডাঠ কুঁৱলী আৱৰণ, হাই এলাৰ্ট বতৰ বিজ্ঞান কেন্দ্ৰৰ

WhatsApp Image 2025 12 27 at 3.29.00 PM

Thick Fog:

পুহৰ মাহ সোমোৱাৰ লগে লগে ৰাজ্যত বৃদ্ধি পাইছে প্রচণ্ড শীতৰ । ইয়াৰ লগে লগে ৰাজ্যৰ ইমুৰৰ পৰা সিমুৰলৈ দেখা গৈছে ডাঠ কুঁৱলী আৱৰণ ৷ ডাঠ কু্ঁৱলীৰ বাবে ৰাজপথতো বৃদ্ধি পাইছে পথ দুৰ্ঘটনাৰ ৷ যাৰবাবে আগতীয়াকৈ আগজাননী দিবলগীয়া হৈছে বৰঝাৰস্থিত আঞ্চলিকবতৰ বিজ্ঞান কেন্দ্ৰই ৷ অহা ৩১ডিচেম্বৰলৈকে ৰাজ্যৰ ২৯ খন জিলাত প্ৰচণ্ড ঘন কুঁৱলী পৰাৰ সম্ভাৱনা ব্যক্ত কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই ৷ এনেক্ষেত্ৰত কুঁৱলী আৱৰণ কবলিত এলেকাধীন অঞ্চলৰ ৰাজপথত যানবাহন চলাওঁতে চালক সকলে সাৱধানতা অৱলম্বন কৰাটো নিতান্তই প্ৰয়োজন। পৰাপক্ষত বাহনত হেড লাইট জ্বলাই যানবাহন চলাওক ৷

Exit mobile version