Zubeen Garg:
শিল্পী, সংগীতৰ ৰাজপুত্র, অসমীয়াৰ হিয়াৰ আমঠু, জুবিন গাৰ্গৰ বসতিস্থান মহানগৰীৰ কাহিলীপাৰাৰ ভগদত্তপুৰত সুৰা বিপণীৰ অনুজ্ঞা পত্র- নিদিবৰ বাবে ৰাজ্য চৰকাৰৰ প্রতি আহ্বান জনাইছে অঞ্চলবাসীয়ে। এই সন্দর্ভত স্থানীয় ৰাইজে কল্যাণী সাগৰ উন্নয়ন সমিতিৰ জৰিয়তে স্বাক্ষৰ অভিযান চলাই পূণ্যভূমিলৈ ৰূপান্তৰ হোৱা ভগদত্তপুৰত সুৰা বিপণীৰ অনুজ্ঞা পত্র নিদিবলৈ সংশ্লিষ্ট কর্তৃপক্ষলৈ পত্ৰ প্ৰেৰণ কৰিছে। স্বাক্ষৰ অভিযানৰ নেতৃত্ব লোৱা কল্যাণী সাগৰ উন্নয়ন সমিতিৰ সভাপতি হিৰণ্য কুমাৰ আৰু সাধাৰণ সম্পাদক দিপাংকৰ শৰ্মাই এক বিবৃতিত এই কথা উল্লেখ কৰি কয় যে সংগীত সূর্য তথা জাতিৰ প্ৰাণস্বৰূপ হৈ পৰা জুবিন গাৰ্গৰ মৃত্যুয়ে এই মাত্রা দিলে। জুবিন গাগৰি বিয়োগত সমগ্র বিশ্বজুৰি ভগদত্তপুৰ অঞ্চলটোত পৰিচিত হৈ পৰিল এক পূণ্য স্থানৰূপে।
যাৰ বাবে এতিয়াও মহান শিল্পীগৰাকীয়ে বাস কৰা, ঘৰটো এবাৰ চাবলৈ আৰু পৰিয়ালক এষাৰ মাত দিবলৈ প্রতিদিনেই দেশী-বিদেশী লোকে ভিৰ কৰেহি। বহুতেই প্রাণৰ শিল্পীগৰাকীৰ বাসস্থানত উপস্থিত হৈ সেৱা কৰি প্রার্থনা জনাই আবেগ বিহ্বল হৈ পৰাটো এতিয়া নিত্য নৈমিত্তিক দৃশ্য হৈ পৰিছে। বিশ্ববাসীৰ সন্মুখত জিলিকি উঠা-এইগৰাকী ক্ষণজন্মা শিল্পীৰ বাসগৃহৰূপে পৰিচিতি ভগদত্তপুৰতসুৰা বিপনী দিলে
বিশ্ববাসীলৈ এক অশুভ বার্তা যোৱাটো নিশ্চিত। আনহাতে, ভগদত্তপুৰৰ দৰে অতি ঘন আবাসিক অঞ্চলত সুৰা বিপণী হ’লে অঞ্চলটোৰ ভৱিষ্যৎ প্রজন্মৰ ওপৰত ইয়াৰ নেতিবাচক প্রভাৱ পৰাটো নিশ্চিত। ইতিপূর্বে ভগদত্তপুৰত চৰকাৰে সুৰা বিপণী খোলাৰ বাবে দুবাৰকৈ নিবিদা আহ্বান কৰিছিল যদিও অঞ্চলবাসী ৰাইজৰ তীব্র আপত্তিৰ বাবে কোনো ব্যৱসায়ীয়ে অতি ঘন জনবসতিপূর্ণ অঞ্চলটোত সুৰা বিপণী খুলিবলৈ সাহস নকৰিলে। ইয়াৰ পাছতো অঞ্চলটোত তৃতীয়বাৰৰ বাবে চৰকাৰে সুৰা বিপণী খুলিবলৈ নিবিদা আহ্বান কৰাত অঞ্চলবাসী ৰাইজ স্তম্ভিত হৈ পৰিছে।
উল্লেখ্য যে ৰাজ্য চৰকাৰে যোবা ২২ নৱেম্বৰত তথ্য আৰু জনসংযোগ বিভাগৰ জৰিয়তে এক বিজ্ঞাপন প্রকাশ কৰে। বাতৰি কাকতৰ জৰিয়তে প্রকাশ কৰা বিজ্ঞাপনটোত গুৱাহাটী মহানগৰীৰ ভগদত্তপুৰ, কাহিলিপাৰাকে ধৰি ছটা অঞ্চলত নতুনকৈ সুৰা বিপণী দিয়াৰ বাবে বিজ্ঞাপনটোৰ জৰিয়তে নিবিদা আহ্বান কৰে। একেটা বিজ্ঞাপনতে নিবিদা দাখিলৰ অন্তিম দিন ধার্য কৰে ২০২৬ৰ ২৯ জানুৱাৰী। বিজ্ঞাপনটোত ভগদত্তপুৰৰ নামটো তৃতীয়বাৰৰ বাবে পুনৰ উল্লেখ কৰাত ৰাইজৰ মাজত তীব্র প্রতিক্ৰিয়াৰ সৃষ্টি হৈছে। ২০২৪ৰ জানুৱাৰীতো ভগদত্তপুৰৰ এই ঘন জনবসতিপূৰ্ণ অঞ্চলটোত সুৰা বিপণী দিয়াৰ বাবে চৰকাৰে বিজ্ঞাপন প্রকাশ কৰিছিল; কিন্তু সেই সময়ত কল্যাণী সাগৰ উন্নয়ন সমিতিৰ লগতে অঞ্চলবাসী ৰাইজে ইয়াৰ বিৰুদ্ধে একাধিক লিখিত আপত্তি-পত্র দাখিল কৰে। যাৰ বাবে সেইবাৰ এই অঞ্চলটোত সুৰা বিপণীৰ বাবে নিবিদা দাখিল কৰিবলৈ কোনো ব্যৱসায়ী আগবাঢ়ি নাহিল। ইমানৰ পাছতো পুনৰ । চৰকাৰখনে তৃতীয়বাৰৰ বাবে অঞ্চলটোত সুৰা বিপণী আবণ্টন দিয়াৰ বাবে আকোৰগোজে স্থিতি লৈছে। বাৰে বাৰে অঞ্চলটোৰ বাতাবৰণ বিনষ্ট কৰিবলৈ গৈ চৰকাৰৰ এনে সিদ্ধান্ত লোৱাত স্বাভাৱিকতে ক্ষুন্ন হৈ পৰিছে স্থানীয় ৰাইজ। সেয়ে অঞ্চলটোত সুৰা বিপণীৰ আবণ্টন নিদিবৰ বাবে কামৰূপ মহানগৰ জিলাৰ জিলা আয়ুক্তক অঞ্চলবাসী ৰাইজৰ হৈ কল্যাণী সাগৰ উন্নয়ন সমিতিৰ তৰফৰ পৰা আপত্তি-পত্র দাখিল কৰা হৈছে। আনকি জিলা আয়ুক্তক দাখিল কৰা আপত্তি-পত্ৰৰ প্ৰতিলিপি আবকাৰী মন্ত্ৰী, বিভাগটোৰ আয়ুক্ত- সচিব আৰু আবকাৰী আয়ুক্তলৈও প্ৰেৰণ কৰা হৈছে। ইমানৰ পাছতো অঞ্চলটোত সুৰা বিপণীৰ আবণ্টন দিলে হ’ব পৰা যিকোনো পৰিস্থিতিৰ বাবে চৰকাৰেই জগৰীয়া হ’ব বুলি সমিতিৰ নেতৃত্বই সকীয়াই দিয়ে।




































