Vote:✒️অসমত নির্বাচন আয়োগে ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণ (এছআৰ) ব্যবস্থা প্ৰৱৰ্তন কৰি শনিবাৰে খচৰা ভোটাৰ তালিকা প্রকাশ কৰে। এই তালিকাতে স্পষ্ট হয় যে পূৰ্বৰ তালিকাৰ পৰা খচৰা তালিকাত ১০.৫৬ লাখৰো অধিক লোকৰ নাম কর্তন হৈছে।
মৃত ভোটাৰৰ সংখ্যা, বহিঃৰাজ্যলৈ ঠিকনা সলনি হোৱা আৰু একাধিক জিলাৰ ভোটাৰ তালিকাত নাম থকা ভোটাৰৰ নাম কৰ্তনৰ ফলতে পূৰ্বৰ তালিকাৰ পৰা এই বৃহৎ সংখ্যক ভোটাৰৰ নাম কর্তন হয়। বুথ পৰ্যায়ৰ বিষয়া (বিএলঅ’)ই ভোটাৰৰ ঘৰে ঘৰে গৈ সংগ্ৰহ কৰা তথ্যৰ ভিত্তিত ৰাজ্যিক নির্বাচন বিভাগে কালি প্রকাশ কৰা খচৰা অনুসৰি, ‘ডি’ (সন্দেহজনক) ভোটাৰসহ অসমত থকা মুঠ ভোটাৰৰ সংখ্যা হ’ল ২,৫২,০২,৭৭৫ গৰাকী।
আনহাতে, ‘ডি’ ভোটাৰক বাদ দি যোৱা ২০ ডিচেম্বৰলৈ নিৰ্ধাৰণ কৰা মুঠ ভোটাৰৰ সংখ্যা হ’ল ২,৫১,০৯,৭৫৪ গৰাকী। এই সংখ্যাৰ ভিত্তিত ৰাজ্যত ৯৩,০২১ গৰাকী ‘ডি’ ভোটাৰ থকাৰ তথ্যও পোহৰলৈ আহে। খচৰা ভোটাৰ তালিকা প্রস্তুতৰ বাবে ভোটাৰ তালিকাত থকা এশ শতাংশ নামেই পৰীক্ষণ কৰা হয় বুলি আয়োগে সদৰী কৰে।
ইয়াৰ বাবে বিএলঅ’সকল ৬১,০৩,১০৩টা পৰিয়ালৰ গৃহলৈ যায়।ইয়াৰ লগতে আয়োগে সদৰী কৰে যে পূৰ্বৰ তালিকাত থকা ৪,৭৮,৯৯২গৰাকী ভোটাৰৰ নাম তেওঁলোকৰ মৃত্যু হোৱাৰ বাবে খচৰাৰ পৰা কৰ্তন কৰা হয়। এই প্রক্রিয়াতে ৫৩,৬১৯ গৰাকী ভোটাৰৰ নাম একাধিক জিলাৰ ভোটাৰ তালিকাত অন্তর্ভুক্ত হৈ থকাটোও ধৰা পৰে।
সেইসকলৰো নাম কেৱল এখন জিলাৰ ভোটাৰ তালিকাতহে অন্তর্ভুক্ত কৰা হয়।তদুপৰি ৫,২৩,৬৮০ গৰাকী ভোটাৰে তেওঁলোকৰ পঞ্জীয়ন থকা স্থানৰ পৰা আঁতৰি যোৱাৰ তথ্য পোহৰলৈ আহে। উল্লেখ্য যে মুঠ ৩৫খন নির্বাচনী জিলাত এই এছআৰ প্ৰক্ৰিয়া সম্পন্ন কৰা হয়।
