Guatemala: ✒️মধ্য আমেৰিকাৰ এখন সৰু দেশ গুৱেটামালাত সংঘটিত হৈছে এক ভয়ংকৰ দুৰ্ঘটনা। কুঁৱলীৰ বাবে নিয়ন্ত্ৰণ হেৰুৱাই গভীৰ খাৱৈত পৰিল এখন যাত্ৰীবাহী বাছ ।
ঘটনাটোত কমেও ১৫ জন লোকৰ মৃত্যু হোৱাৰ লগতে ১৯ জন আহত হৈছে। ইতিমধ্যে এই ঘটনাৰ তদন্ত আৰম্ভ কৰিছে দেশৰ আৰক্ষীয়ে।
তথ্য অনুসৰি শুকুৰবাৰে নিশা গুৱেটামালাৰ ছ’লোলাৰ ওচৰত বাছখন দুৰ্ঘটনাত পতিত হয়। ঘন কুঁৱলীৰ বাবে বাছখন নিয়ন্ত্ৰণ হেৰুৱাই ৭৫ মিটাৰ দ খাৱৈত ডুব যায়।
স্থানীয় বাসিন্দাসকলে দুৰ্ঘটনাৰ শব্দ শুনি ঘটনাস্থলীত উপস্থিত হয়।
এই খবৰ পোৱাৰ লগে লগে আৰক্ষী, অগ্নিনিৰ্বাপক বাহিনীৰ আৰু উদ্ধাৰকাৰী দলে ততাতৈয়াকৈ সেই স্থানত উপস্থিত হয়।
এই পৰ্যন্ত এই দুৰ্ঘটনাত ১৫ জন লোকৰ মৃত্যু হোৱাৰ লগতে আহতসকলক উদ্ধাৰ কৰি ওচৰৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।
প্ৰাথমিক প্ৰতিবেদন অনুসৰি ঘন কুঁৱলীৰ ফলত দৃশ্যমানতা হ্ৰাস পোৱাৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হৈছে।
