পাঁচ দিনত পাঁচ হেজাৰ কিলোমিটাৰ উৰি মণিপুৰৰ পৰা কেনিয়া-জিম্বাব’ৱেত আমূল ফেলকন

IMG 20251228 122038

Birds:✒️ক্ষুদ্র আমূল ফেলকন পক্ষীয়ে মাথোঁ পাঁচ দিনত পাঁচ হেজাৰ কিলোমিটাৰ উৰিলে। মণিপুৰৰ পৰা অলপতে উৰা মৰা আপাং, আলাং আৰু আহুৱে পাঁচ দিনত পাঁচ হেজাৰ কিলোমিটাৰ দূৰত্ব উৰি জিম্বাব’বে তথা কেনিয়াত উপস্থিত হয়।

এই ক্ষুদ্র পক্ষী তিনিটিয়ে প্রদর্শন কৰা এই দৃঢ়তাই সমগ্র বিশ্ববাসীৰ দৃষ্টি আকর্ষণ কৰিছে। ক্ষুদ্র আমূল ফেলকন পক্ষী তিনিটিৰ এই উৰণক লৈ বিশ্বজুৰি চৰ্চা হৈছে।

উল্লেখ্য যে বিগত কিছু বছৰৰ পৰা মণিপুৰ আৰু নগালেণ্ডত আমূল ফেলকন পক্ষীৰ সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছে। এই পৰিভ্ৰমী পক্ষীয়ে জাৰৰ দিনত আফ্রিকালৈ যাত্রা কৰে।

এই পক্ষীসমূহে কেনেদৰে হেজাৰ হেজাৰ কিলোমিটাৰ উৰে, সেয়া নিৰীক্ষণৰ বাবে একাংশ পক্ষীৰ ছেটেলাইট টেগিঙৰ ব্যৱস্থা কৰা হৈছে। আপাং, আলং আৰু আহুৰ ক্ষেত্ৰতো ছেটেলাইট টেগিঙৰ ব্যৱস্থা কৰা হয়।

পক্ষী তিনিটাই মাথোঁ পাঁচ দিনতে পাঁচ হেজাৰ কিলোমিটাৰ উৰি আফ্রিকাৰ দুই দেশত উপস্থিত হোৱাৰ কথা সদৰী কৰিছে ভাৰতীয় বন্যপ্রাণী প্রতিষ্ঠানৰ বিজ্ঞানী সুবেশ কুমাৰে। তেওঁ যোগান ধৰা তথ্যৰ ভিত্তিত আইএএছ বিষয়া সুপ্রিয়া চাহুরে আমূল ফেলকন পক্ষী তিনিটা সম্পর্কে ‘এক্স’ত এটা প’ষ্ট শ্বেয়াৰ কৰিছে।

এই পক্ষী তিনিটাৰ অন্যতম আপাঙৰ শৰীৰত সুমথিৰা ৰঙৰ চিহ্ন লগোৱা হৈছিল। এই আপাঙে মণিপুৰৰ পৰা একেৰাহে উৰি ছদিনত ৬,১০০ কিলোমিটাৰ অতিক্রম কৰি কেনিয়াত উপস্থিত হয়। অর্থাৎ ক্ষুদ্র পক্ষীটোরে সমগ্ৰ ভাৰত, আৰব সাগৰ আদি অতিক্রম কৰে।

ইয়াৰ জৰিয়তে পক্ষীটোৱে একেৰাহে উৰি দীর্ঘ দূৰত্ব অতিক্ৰম কৰা পক্ষীৰ তালিকাত স্থান লাভ কৰিছে। যাত্রাপথত পক্ষীটোৱে কোনো স্থানত জিৰণি লোৱা নাছিল। ছেটেলাইট টেগিঙৰ জৰিয়তে এই কথা নিশ্চিত কৰা হৈছে। একেদৰে হালধীয়া চিহ্ন লগোৱা আলাঙে পাঁচ হেজাৰ ছশ কিলোমিটাৰ উৰি যোৱা মাহত কেনিয়াত উপস্থিত হয়।

অৱশ্যে যাত্রা পথত আলাঙে কিছু সময়ৰ বাবে তেলেংগানা আৰু মহাৰাষ্ট্ৰত জিৰণি লয়। আনহাতে, ৰঙা চিহ্ন লগোৱা আহুৱে আৰব সাগৰ অতিক্ৰম কৰাৰ পূর্বে বাংলাদেশত কিছু সময় জিৰণি লয়। ৫,১০০ কিলোমিটাৰ উৰি পক্ষীটো ছুমালিয়াত উপস্থিত হয়।

ক্ষুদ্র হ’লেও প্রচণ্ড উৰণ শক্তিক্ষম আমূল ফেলকন পক্ষীৰ ভৱিষ্যৎ সুৰক্ষিত কৰাৰ গুৰুত্ব আৰোপ কৰিছে পক্ষীপালক আৰু সংৰক্ষণকাৰীসকলে। এই আমূল ফেলকন তিনিটাৰ যাত্রা ব্যগ্ৰতাৰে সমগ্ৰ বিশ্বৰ পক্ষীপ্রেমীসকলে লক্ষ্য কৰে। পক্ষীপ্রেমীসকলে মতপোষণ কৰিছে যে প্ৰকৃতিৰ বিস্ময় স্বৰূপ আমূল ফেলকনৰ সংৰক্ষণ দেশে দেশে হোৱা উচিত।

এই ক্ষেত্ৰত বিভিন্ন দেশৰ মাজত সমন্বয় গুৰুত্বপূৰ্ণ বুলি মতপোষণ কৰা হৈছে। এই পক্ষীৰ সংৰক্ষণৰ বাবে বসতিস্থল আৰু উৰণ পথ সুৰক্ষিত হোৱাত গুৰুত্ব আৰোপ কৰা হৈছে। কাৰণ এই পক্ষী পৰিভ্ৰমী পক্ষী।

Exit mobile version