Amit Shah:পশ্চিম বৰাগাঁৱৰ শ্বহীদ স্মাৰকত ৮৬০ জন শ্বহীদলৈ শ্ৰদ্ধাঞ্জলী গৃহমন্ত্ৰীৰ

খানাপাৰাত জ্যোতি বিষ্ণু আন্ত:জাৰ্তিক প্ৰেক্ষাগৃহ উদ্বোধন, গুৱাহাটী আৰক্ষী আয়ুক্তৰ নৱ নিৰ্মিত কাৰ্যালয়ৰো উদ্বোধন গৃহমন্ত্ৰী শ্বাহৰ

WhatsApp Image 2025 12 29 at 4.39.53 PM

Amit Shah:

পুৱাতে বিএছএফৰ বিশেষ বিমানেৰে বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্ত:ৰাষ্ট্ৰীয়বিমান বন্দৰত অৱতৰণ কৰা দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহে বিমান বন্দৰৰ পৰাই বিএছএফৰ হেলিকপ্তাৰেৰে ৰাওনা হয় বটদ্ৰৱালৈ ৷ বটদ্ৰৱা থানৰ ১৬৫ বিঘা মাটিত ২২৭ কোটি টকা ব্যয়ৰে ৰাজ্য চৰকাৰে নিৰ্মাণ কৰা মহাপুৰুষ শ্ৰীমন্তশঙ্কৰদেৱ আৱিভাৰ্ৱ ক্ষেত্ৰ আনুষ্ঠানিকভাৱে উদ্বোধন কৰি গৃহমন্ত্ৰী গৰাকীয়ে বিশাল সভাত অংশ লৈ হেলিকপ্তাৰেৰে বিয়লি উপস্থিত হয় খানাপাৰাত ৷ তাৰ পৰা পোনে পোনে ৰাওনা হয় পশ্চিম বৰা গাঁৱত ৰাজ্য চৰকাৰে ৮৬০ জন শ্বহীদৰ স্মৃতিত নিৰ্মাণ কৰি উলিওৱা শ্বহীদ স্মাৰকত উপস্থিত হৈ ছহিদলৈ শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰাৰ লগতে চৌহদ পৰিদৰ্শন কৰে ৷

ইয়াৰ পিছতে কেন্দ্ৰীয় গৃহমন্ত্ৰী গৰাকী উপস্থিত হয় খানাপাৰাত ৰাজ্য চৰকাৰে নিৰ্মাণ কৰা জ্যোতি বিষ্ণু আন্ত:জাৰ্তিক প্ৰেক্ষাগৃহত ৷ শ্বাহে ১১০০০ বৰ্গ মিটাৰ অঞ্চলজুৰি আগুৰি থকা আটকধুনীয়া পাঁচশ আসন যুক্ত অত্যাধুনিক প্ৰেক্ষাগৃহটি উদ্বোধন কৰে জ্যোতি-বিষ্ণুৰ গীতৰ তালত ছন্দায়িত হ’ব নানৰঙী জলধাৰা। প্ৰেক্ষাগৃহৰ চৌহদত আছে ৪খন ফুড ক’র্ট। একেদৰে প্রেক্ষাগৃহত আছে ৪৫০খন গাড়ী পাৰ্কিঙৰ সুবিধা।অত্যাধুনিক দৃশ্য-শ্রাব্য ব্যৱস্থা, ডিজিটেল আন্তঃগাঁথনি, বৃহৎ পৰিসৰত সৌৰ পেনেল স্থাপনেৰে শূন্য বিদ্যুৎ ব্যৱহাৰৰ পৰিকল্পনা i আটকধুনীয়াকৈ সাজি উলিয়াইছে মিউজিকেল ফাউণ্টেইন। উল্লেখ্য যে আজি উদ্বোধন হোৱা জ্যোতি-বিষ্ণু প্ৰেক্ষাগৃহটো উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰত সৰ্ববৃহৎ প্রেক্ষাগৃহ হিচাপে বিবেচিত হৈছে।

আনহাতে গৃহমন্ত্ৰী গৰাকী জ্যোতি-বিষ্ণু প্ৰেক্ষাগৃহটি উদ্বোধন কৰিয়ে নাতি দূৰতে ৰাজ্য চৰকাৰে নিৰ্মাণ কৰি উলিওৱা গুৱাহাটী আৰক্ষী আয়ুক্তৰ কাৰ্যালয়ৰ নৱনিৰ্মীত কাৰ্যালয় উদ্বোধন কৰাৰ লগতে স্বয়ংচালিত নগৰ নিৰীক্ষণ কেন্দ্ৰটো মুকলি কৰে । ১১০.৯৮ কোটি টকা ব্যয়েৰে ৮ মহলীয়া কার্যালয়টো  নিৰ্মাণ কৰা হৈছে কার্যালয়টো।ভৱনটোৰ বৈশিষ্টসমূহ আৰক্ষীৰ সকলো শাখা সংযুক্ত কার্যালয়,৪০০ গৰাকী আৰক্ষী বিষয়াৰ বাবে সুব্যৱস্থা,একত্ৰিত প্ৰমাণীকৰণ শাখা,আৰক্ষীৰ গ্ৰন্থাগাৰ আৰু আৰ্কাইড I

এই আটাইকেইটা অনুষ্ঠানতে গৃহমন্ত্ৰী গৰাকীক সংগ দিয়ে মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা,কেন্দ্ৰীয় মন্ত্ৰীদ্বয় সৰ্বানন্দ সোনোৱাল,পবিত্ৰ মাৰ্ঘেৰিটা আৰু ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া সহ বহু কেই গৰাকী গণমান্য ব্যাক্তিয়ে।

Exit mobile version