Internet service restored:
দুই পাৰ্বত্য জিলা কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলঙত আইন শৃংখলাৰ পৰিস্থিতি বৰ্তমান উন্নত আৰু স্বাভাৱিক হৈ পৰাৰ বাবে দেওবাৰে পুৱাৰে পৰা পুনৰ বাহাল কৰা হয় ইন্টাৰনেট সেৱা। ইন্টাৰনেট বাহালৰ নিৰ্দেশনা জাৰি কৰে ৰাজ্যৰ গৃহ আৰু ৰাজনৈতিক বিভাগৰ দায়িত্বত থকা অতিৰিক্ত মুখ্য সচিব অজয় তেৱাৰীয়ে ৷
উল্লেখ্য যে পশ্চিম কাৰ্বি আংলঙৰ খেৰনীত বহিৰাগত বেদখলকাৰী উচ্ছেদৰ নামত ২২ডিচেম্বৰত সংঘটিত হোৱা হিংসাত্মক ঘটনাৰ বাবে ২৩ডিচেম্বৰত গুৰুতৰ আইন আৰু শৃংখলাৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং জিলাত ইণ্টাৰনেট কৰ্তন কৰিছিল ৰাজ্য চৰকাৰে ৷
মনকৰিবলগীয়া যে খেৰনীৰ হিংসাত্মক ঘটনাই ভয়ংকৰ ৰূপ লয় ৷ প্ৰতিবাদকাৰীৰ একাংশই খেৰণি দৈনিক বজাৰৰ একাংশ দোকানত অগ্নি সংযোগ কৰি লণ্ড- ভণ্ড কৰাৰ বিপৰীতে আন প্ৰতিবাদকাৰীয়ে আৰক্ষীলৈ লক্ষ্য কৰি শিলাবৰ্ষন কৰে ৷ যাৰবাবে আৰক্ষীয়ে শূন্যলৈ গুলীচালনা আৰু লাঠিচাৰ্জ পৰ্যন্ত কৰাৰ এক বিস্ফোৰক পৰিস্থিতিৰ সৃষ্টি হৈছিল ৷
উল্লেখ্য যে বহিৰাগতত উচ্ছেদৰ বাবে আন্দোলন কৰা প্ৰতিবাদকাৰীক নিয়ন্ত্ৰণ কৰিবৰ বাবে আৰক্ষীয়ে কৰা গুলীচালনাত নিহত হয় এজন যুৱক ৷ ইপিনে খেৰণিত প্ৰতিবাদকাৰীয়ে দোকানঘৰ জ্বলাই দিয়া ঘটনাত জীৱন্তে অগ্নিদগ্ধ হৈ কৰুণ মৃত্যু হৈছিল এজন বিশেষভাৱে সক্ষম ব্যক্তিৰ ৷
ইয়াৰ পূৰ্বে ২২ডিচেম্বৰত বহিৰাগতক উচ্ছেদৰ দাবীত আন্দোলন অব্যাহত ৰখা খিলঞ্জীয়া কাৰ্বি প্ৰতিবাদকাৰীয়ে জ্বলাই দিছিল কাৰ্বি আংল’ স্বায়ত্ত্বশাসিত পৰিষদৰ চিইএম তুলিৰাম ৰংহাঙৰ পৈত্তিক গৃহ ৷




































