Severe cold in Assam:
ৰাজ্যজুৰি বৃদ্ধি পাইছে শীতৰ প্রকোপ। সমান্তৰালকৈ ৰাজধানী মহানগৰী গুৱাহাটীতো শীতৰ প্রকোপ কিছু বৃদ্ধি পাইছে। ক্ৰমাৎ শীতৰ প্রকোপ বৃদ্ধি পোৱাৰ ফলত স্বাভাবিক জনজীৱনত সামান্য প্রভাৱ পৰা পৰিলক্ষিত হৈছে। যোৱা ২৫ ডিচেম্বৰৰ পৰা ৰাজ্যখনৰ লগতে মহানগৰীত হঠাতে বতৰৰ পৰিৱৰ্তন হৈছে। ঘন কুঁৱলীয়ে ঢাকি ধৰিছে অসমৰ আকাশ। কুঁৱলীৰ প্ৰকোপৰ পৰা হাত সাৰিবলৈ গুৱাহাটীৰ পদপথত জুইৰ উম লৈছে প্রতিজন লোকে। মহানগৰীত আজিৰ দিনটোত দেখিবলৈ পোৱা গৈছে ডাঠ কুঁৱলীৰ আচ্ছাদন। যিহেতু মাঘ বিহুৰ বাবে মাজত মাথোঁ কেইটিমান দিন বাকী আৰু প্ৰতি বছৰে মাঘ বিহুৰ আগত শীতৰ প্রকোপ বৃদ্ধি পায়, এইবেলিও পলমকৈ হলেও শীতৰ আমেজ লৈছে মহানগৰবাসীয়ে।
মহানগৰীত আজিৰ দিনটোত পুৱাৰে পৰা জুইত উত্তাপ লৈছে মহানগৰবাসীয়ে, সেয়া লাগিলে পদপথে হওক বা নিজৰ ঘৰতেই হওক। গুৱাহাটী পাথৰকুৱৰিৰ জ্যেষ্ঠ নাগৰিক পুষ্পা দেৱীয়ে কয় যে আছে কাপোৰ আছে জাৰ, নাই কাপোৰ নাই জাৰ। কাপোৰ মোজা পিন্ধি ওলাইছো। আজি বহুত ঠাণ্ডা পৰিছে। প্ৰকৃতিৰ নিয়ম ঠাণ্ডা পৰিবই। এইবাৰ পলমকৈ ঠাণ্ডা পৰিছে। তেওঁ কয় যে ঘন কুঁৱলীৰ বাবে যেনেকৈ ফেৰী সেৱা বন্ধ কৰিছে। চৰকাৰে বাহনসমূহ পুৱা ভাগত চলাচল বন্ধ কৰিব লাগে। ঘন কুঁৱলীৰ বাবে বহু দুর্ঘটনা সংঘটিত হোৱা পৰিলক্ষিত হৈছে। সাৱধানে বাহনসমূহ চলাচল কৰিব লাগে। প্ৰকৃতিৰ নিয়ম ঠাণ্ডা, গৰম। ঠাণ্ডাৰ আমেজ ল’ব লাগে। বনভোজ খোৱাৰ বতৰ।
পৰিয়ালৰ লগত সাৱধানে পুহ মহীয়া ঠাণ্ডা উপভোগ কৰক। নিউ গুৱাহাটীৰ নৱজ্যোতি কুমাৰে কয় যে আজি ঠাণ্ডা বৃদ্ধি পাইছে। ২৫ ডিচেম্বৰৰ পৰা অলপ ঠাণ্ডা পাইছো। প্ৰদূষণৰ বাবে বতৰৰ কিছু সালসলনি হৈছে। পাহাৰ গছ-গছনিৰ সংখ্যা ক্রমাগতভাবে হ্রাস পাবলৈ লৈছে, যাৰ বাবে প্ৰকৃতিয়ে নিজৰ ভাৰসাম্য হেৰুৱাই পেলাইছে। যাৰ ফলস্বৰূপে বতৰৰ সালসলনি হৈছে। ঘন কুঁৱলীৰ বাবে দুর্ঘটনাও সংঘটিত হোৱা দেখিবলৈ পোৱা গৈছে। ঘন কুঁৱলীৰ বাবে ৰাজধানী এক্সপ্রেছে সাতটাকৈ হাতী খুন্দিয়াই মাৰিলে। মনত বহুত দুঃখ পাইছো। চৰকাৰে দুর্ঘটনাসমূহ ৰখাবলৈ ব্যৱস্থা কৰিব লাগে। উল্লেখ যে ঘন কুঁৱলীৰ বাবে ৰাজ্যৰ লগতে মহানগৰীতো দুর্ঘটনা সমূহ বৃদ্ধি পাইছে।
