CP Parthasarathi Mahanta Pressmeet:
অসম সহ চুবুৰীয়া দুই ৰাজ্যত অসম আৰক্ষীৰ এছ টিএফৰ চলোৱা এক অভিযানত আটক হয় ১১জনকৈ বাংলাদেশী মৌলবাদী ৷ ১০ জনক অসমত গ্ৰেপ্তাৰ কৰাৰ বিপৰীতে আন এজন জেহাদীক গ্ৰেপ্তাৰ কৰা হয় ত্ৰিপুৰাত ৷ মঙলবাৰে খানাপাৰাৰ নৱনিৰ্মীত মহানগৰী আৰক্ষী আয়ুক্তালয়ত আয়োজিত এক সংবাদমেলত আৰক্ষী আয়ুক্ত ড: পাৰ্থ সাৰথি মহন্তই এই তথ্য সদৰি কৰে ৷
এই সন্দৰ্ভত এছটিএফে অপাৰেচন প্ৰতিঘাত ‘শীৰ্ষক এক অভিযান সোমবাৰে চলাই অসমৰ দৰং-চিৰাং-বৰপেটা সহ চুবুৰীয়া পশ্চিমবংগ আৰু ত্ৰিপুৰাত । অভিযানত আটক হয় মুঠ ১১জন জেহাদী ৷ আৰক্ষীক জালত পৰে জেএমবিৰ কুখ্যাত নেতা তামিম ইছলাম। গ্ৰেপ্তাৰ হোৱা মৌলবাদী কেইটাৰ পৰা বহু আপত্তিজনক নথিপত্ৰ আৰু অস্ত্ৰ – শস্ত্ৰ উদ্ধাৰ কৰা হয়
ড:মহন্তই আৰু কয় যে, ধৃত তামিমে বিশেষকৈ যুৱ প্ৰজন্মক টাৰ্গেট কৰিছিল ডিজিটেল জেহাদৰ জৰিয়তে ৷ আনকি অসমত ডিজিটেলি ধন সংগ্ৰহ কৰি বাংলাদেশলৈ প্ৰেৰণ কৰিছিল কুখ্যাত নেতাজনে ৷ টামিম ইছলাম আছিল অসমৰ মৌলবাদী শক্তিৰ অন্যতম ইনচাৰ্জ ৷ অসম তথা ভাৰতক অশান্ত কৰাৰ লক্ষ্য আছিল মৌলবাদী শক্তিৰ ৷
