Gaurav Gogoi Pressmeet:
উত্তৰ-পূৰ্বাঞ্চলৰ মানুহৰ প্ৰতি দেশৰ একাংশ অবিবেচকী লোকে প্রদর্শন কৰি অহা ঘৃণা আৰু অৱহেলাৰ মনোভাবক উত্তৰ-পূবৰ ৰাইজে সদায় বুকুৰ একুৰা জুই বুলি সহ্য কৰি থাকিবলগীয়া হৈছে। এই সন্দর্ভত সোমবাৰে ইয়াত এক সংবাদমেলত লোকসভাৰ বিৰোধী উপ-দলপতি তথা প্রদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে ত্ৰিপুৰাৰ মেধাবী ছাত্র এঞ্জেল চাকমাক হত্যা কৰা ঘটনাৰ ধিক্কাৰ দিয়ে। গগৈয়ে ক্ষোভেৰে কয়, ‘আমি চাইনীজ নহয়, ভাৰতীয়’।’
উল্লেখ্য যে ত্ৰিপুৰাৰ ছাত্ৰজনক ‘চীনী’, ‘ম’ম’, ‘চিংক” বুলি বর্ণবাদী মন্তব্য কৰি বিজেপি শাসিত উত্তৰাখণ্ডৰ ডেৰাডুনত বৰ্ব্বৰভাবে হত্যা কৰা হ’ল বুলি সাংসদ গগৈয়ে মন্তব্য কৰি বিজেপি দল আৰু চৰকাৰক তীব্র আক্রমণ কবি উত্তব পূর্বাঞ্চলৰ লোকসকল চাইনীজ নহয় বুলি ক্ষোভ ব্যাক্ত কৰে। গগৈয়ে কয় যে দুর্ভাগ্যজনক কথ’ এয়াই যে ‘চীনী’, ‘ম’ম’, ‘চিংকী’ আদি শব্দৰে সম্বোধন কৰি ২৪ বছৰীয়া যুৱক এঞ্জেলক হত্যা কৰা হ’ল। ডেৰাডুনত অন্য দিনাৰ দৰেই এঞ্জেল আৰু তেওঁৰ ভাতৃয়ে বজাৰ কৰি উভতি আহি থকাৰ সময়তে দেশৰ বিভিন্ন প্রান্তত উত্তৰ-পূবৰ লোকৰ স’তে সংঘটিত হোৱাৰ দৰেই এঞ্জেলক আক্রমণ কৰা হয়। বজাৰত তেওঁক ‘চীনী’ বুলি অট্টহাস্য করে।
গগৈয়ে কয়, ‘অন্য দিনৰ দৰে এঞ্জেল তাৰ পৰা উভতি আহিব পাৰিলেহেঁতেন। অপমানজনক শব্দ শুনি আৰু অন্তৰত আঘাত লৈ তাৰ পৰা উভতি আহিব পাৰিলেহেঁতেন। তেনে কৰি উভতি আহিলে তেওঁ জীয়াই থাকিলহেঁতেন; কিন্তু সেইদিনা সহ্যৰ সীমা অতিক্রম কৰিছিল। সহনশীলতাৰ বান্ধ খুলি গ’ল; কিন্তু সিদিনা প্রত্যুত্তৰ দি উত্তৰ দিয়ে যে তেওঁ ভাৰতীয়, চীনা নহয়, ভাৰতীয় হোৱাৰ কি প্রমাণ দিব লাগে।’ যেতিয়া এঞ্জেলে নিজৰ ভৰিত থিয় হৈ তেওঁলোকৰ চকুত চকু থৈ প্রত্যুত্তৰ দিলে, তেতিয়া ভাৰতীয় যুৱকজনে আলিংগন কৰ ক্ষমা খুজিব লাগিছিল; কিন্তু তেওঁক পিছফালৰ পৰা আক্ৰমণ কৰিলে বুলি সাংসদ গগৈয়ে মন্তব্য কৰি কয় যে যুৱকজন ১৪ দিন ধৰি হাস্পতালত জীৱন-মৰণৰ স’তে যুঁজিলে। দুখৰ বিষয় এয়াই যে আজি তেওঁ আমাৰ মাজত নাই।
গগৈয়ে লগতে কয় যে এই ঘটনাৰ পাছত পোহৰলৈ অহা তথ্য অতিশয় উদ্বেগজনক। এঞ্জেলৰ পৰিয়ালে দিয়া ভাষ্য অনুসৰি ডেৰাডুনৰ স্থানীয় আৰক্ষীয়ে যিমান তৎপৰ হ’ব লাগিছিল, সিমান তৎপৰ হোৱা দেখা নগ’ল। গোচৰ ৰুজু কৰিবলে ১২ দিন লগা আৰু ছাত্ৰই প্ৰতিবাদ কৰাৰ পাছতহে গোচৰ ৰজু হোৱাতো দুর্ভাগ্যজনক অখ্যা দিয়ে সাংসদজনে। লগতে গগৈয়ে চাৰিজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে যদিও মূল অভিযুক্তক এতিয়ালৈ কিয় গ্ৰেপ্তাৰ কৰিব পৰা নাই বুলি প্রশ্ন কৰি কয়, ‘আমাৰ মনত ভয হয় যে এনে ঘটনাৰ পাছত দেশৰ অন্য ঠাইতো হয়তো একেই কাণ্ড সংঘটিত হ’ব। উত্তৰ-পূবৰ যুৱক-যুৱতীয়ে থানলৈ গ’লে গুৰুত্ব দিয়া নহয়।
এয়া কেৱল ডেৰাডুনৰ কথা নহয়। উত্তৰাখণ্ড আৰু ডেৰাড়ুনৰ লোক বহু সভ্য; কিন্তু আজি হৈছে কি? অসমৰ যষ্ঠ অনুসূচী অঞ্চলক কাৰ্বি আংলঙৰ ভূমিপুত্র হৈছে কাৰ্বি জনজাতিৰ লোকসকল। আজি কাৰ্বিৰ মাটিতে কিছুমান মানুহে কৈছে ‘কার্বি চাইনীজ, কার্বি গ’ বেক’। এই বিষয়টো মন্থন কৰাৰ দৰকাৰ আছে।’ অমানবীয় ব্যৱহাৰ, অমর্যাদাপূর্ণ ব্যৱহাৰ ইয়াক কেনেকৈ পৰিৱৰ্তন কৰিব পৰা যায় তাক লৈ চৰকাৰে চিন্তা কৰা উচিত বুলি লোকসভাৰ বিৰোধী উপ-দলপতিজনে মন্তব্য কৰি পুনৰ কয় যে বিদ্যালয় মহাবিদ্যালয়ৰ কিতাপত উত্তৰ-পূবৰ সংস্কৃতি, ইতিহাস সন্নিবিষ্ট কৰিব লাগে। উত্তৰ-পূবৰ সাহিত্যক বুজিব পৰাকৈ ব্যৱস্থা কৰিব লাগে। উত্তৰ-পূবৰ গীত শুনিব লাগে। উত্তৰ-পূবৰ মানুহৰ ভাষা বুজিবলৈ চেষ্ট কৰিব লাগে বুলি গগৈয়ে মন্তব্য কৰ শিক্ষা ব্যৱস্থাত দেশৰ বর্ণিল সংস্কৃতিক অন্তর্ভুক্ত কৰি ছাত্ৰ-ছাত্ৰীক বুজনি দিয়াত আমি বিফল হৈছো নেকি বুলিও প্রশ্ন কৰে।
গগৈয়ে কয়, ‘উত্তষ-পূবৰ ল’ৰা-ছোৱালী শিক্ষাৰ বাবে দেশৰ বিভিন্ন প্রান্তলৈ যায়। শিক্ষাৰ বাবে এঞ্জেল ডেৰাড়নলৈ গৈছিল। শিক্ষা লাভ কৰিছিল ঠিকেই; কিন্তু প্রাণ হেৰুৱাবলগীয়া হয়। চৰকাৰে এই বিষয়ত পদক্ষেপ ল’ব নে নাই?’ গগৈয়ে কয়, ‘চৰকাৰী কৰ্মচাৰী, ছাত্ৰ, প্ৰশাসনৰ লগতে দেশৰ বিভিন্ন প্ৰান্তৰ লোকসকলৰ বাবে উত্তৰ-পূব ভ্ৰমণৰ ব্যৱস্থা কৰা হওক। আগৰতলাৰ যি ঠাইত এঞ্জেলৰ ঘৰ, তাত কিমান পুৰণি শিৱ মন্দিৰ আছে সেয়া চাবলৈ যাওক, অসমলৈ যাওক। গহপুৰৰ কন্যা কনকলতা বব্বাই স্বাধীনতা আন্দোলনৰ সময়ত ‘ভাৰত ত্যাগ’ আন্দোলনত জঁপিয়াই পাণ দিছিল। ভাৰতৰ পতাক জোঁকাৰ থকাৰ সময়তে ব্ৰিটিছে তেওঁক আক্রমণ কৰিছিল আৰু তেতিয়া তেওঁ হাঁইমুখে নিজৰ প্রাণ বিসর্জন দিছিল। এইবোৰ ইতিহাস দেশৰ বাকী প্রান্তৰ লোকসকলকো কোৱা হওক।’
ইফালে, আজিৰ চৰকাৰে ‘এক দেশ’ৰ কথা কয়, অথচ ‘এক দেশ’ৰ ধাৰণাত কিমান বর্ণিল ঐতিহ্য সোমাই আছে তাৰ কথা এইখন চৰকাৰে নকয় বুলি গগৈয়ে আক্ষেপ কৰে। গগৈয়ে ক্ষোভেৰে কয়, ‘এক দেশত কিমান ৰাজ্য আছে, কিমান ভাষা আছে, অৱয়ৱ কিমান আছে সেই কথা এইখন চৰকাৰে নকয়। যাৰ বাবে কোনো লোকে যেতিয়া নতুন অৱয়ৰ দেখা পায় তেতিয়া ভাৰতীয় হোৱাৰ পাছতো সন্দেহৰ দৃষ্টিৰে প্রত্যক্ষ কৰে।
উল্লেখ্য যে এঞ্জেলৰ ঘটনাৰ ক্ষিপ্ৰ তদন্ত ক’ৰ অভিযোগনামা শীঘ্রে দাখিল কৰিবলৈ গগৈয়ে দাবী জনায়। দুনাইযাতে এনে ঘটনা সংঘটিত হ’ব নোৱাৰে, তাৰ বাবে এই ঘটনাৰ স’তে জড়িতসকলক কঠোৰ শাক্তি প্রদান কৰি দেশলৈ বার্তা প্রেৰণ কৰিব লাগে বুলি সাংসদ গগৈয়ে মন্তব্য কৰি গোচৰ ৰুজু হোৱাত কিয় বিলম্ব হ’ল, তাৰ তদন্ত হোৱা উচিত বুলি কয়।




































