Padmasri Yadav Payeng:
বিশ্বজুৰি বিপুল সমাদৰ লাভকৰা ‘অৰণ্য মানৱ’ যাদৱ পায়েং ওৰফে মূলাই পায়েঙৰ একক প্রচেষ্টাত গঢ়ি উঠা মূলাই কাঠনি অৰণ্যক সুৰক্ষা দিয়াত চূড়ান্তভাবে ব্যর্থ হৈছে ড: হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন বিজেপি মিত্রজোটৰ চৰকাৰ। দেওবাৰে কোনো দুষ্কৃতিকাৰীয়ে মূলাই কাঠনি ২.০ত অগ্নিসংযোগ কৰাৰ পাছতে সোমবাৰে পায়েঙে অতি ক্ষোতেৰে কয় যে স্বয়ং বন বিভাগেই মূলাই কাঠনিক ধ্বংস কৰাৰ পৰিকল্পনা যুগুত কৰিছে। ‘যিয়ে অগ্নিসংযোগ কৰিছে, তেওঁলোকো অন্তৰ জ্বলি মৰিব’ বুলি অভিশাপ দি ‘অৰণ্য মানৱজনে যোৰহাটৰ বনাঞ্চলিক বিষয়া ব’বসৃষ্টিকুটুমে তেওঁক প্রত্যাহ্বান জনাই মূলাই কাঠনিৰ পৰা বালি-পলস খনন আৰু সৰবৰাহৰ অনুমতি প্রদান কৰিছে বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰে।
দেওবাৰে দুর্বৃত্তই অগ্নিসংযোগ কৰ অঞ্চল পৰিদৰ্শন কৰি সোমবাৰে সাংবাদিকৰ আগত পদ্মশ্রী বঁটাপ্ৰপাক পায়েঙে কয়, ‘এইখন হাবিত কিমান চৰাই-চিৰিকটি, পোক-পতংগ, জীৱ-জন্তু আছে, সেইবোৰৰ কিমান ক্ষতি হৈছে, সেই কথা আমি কিমান খবৰ ৰাখিছো? এই প্ৰকৃতিৰ ক্ষতি কৰাসকলৰ নিজৰো ক্ষতি হ’ব। এইখন হাবিত ৩০ বছৰে অকলে অকলে কাম কৰিলো। যোৱা ১৯ বছৰে বিশ্বৰ বিভিন্ন প্রান্তত এই মূলাইকাঠনিকে লৈ ভ্রমি ফুৰিলো। সকলোৰে মাজত অসমবাসীৰ প্ৰকৃতিপ্ৰেমৰ বতৰা বিলাই ফুৰো। সকলোৱে পৰম আদৰেৰে মুলাই হাবিক গ্রহণ কৰে আৰু দেশ-বিদেশৰ মানুহে আহি ইয়াত গবেষণা কৰি ভাল পায়। তেনে এখন বিশ্ববিখ্যাত অৰণ্যও আজি সুৰক্ষিত নহয়।’ দুষ্কৃতিকাৰীসকলক প্রকৃতিক ভাল পাবলৈ আহ্বান জনাই লগতে তেওঁ ক্ষোভ উজাৰি কয়, ‘মানৱসৃষ্ট এই মূলাই কাঠনিৰ পৰা বালি-পলসুৱা মাটি সব্বৰাহৰ বাবে নির্দেশনা পত্র উলিয়াইছে বন বিভাগে।
উল্লেখ্য যে পৰিৱেশ সংৰক্ষক পায়েঙৰ মূলাই কাঠনি ২.০ত দেওবাৰে দুর্বৃত্তই অগ্নিসংযোগ কৰে। লাহে লাহে জুইৰ শিখা আৰু ধোঁৱাই সমগ্র অঞ্চল ছানি ধৰে ‘মূলাই কাঠনি ২.০’ নামেৰে নতুনকৈ গঢ় লৈ উঠা এই বনঞ্চল ব্ৰহ্মপুত্ৰৰ এটা চাপৰিত অৱস্থিত। পায়েঙৰ কন্যা মুনমুনি পায়েং আৰু প্রায় ৭০জনীয়া এটা দলৰ উদ্যোগত ২০২২ বৰ্ষৰ পৰা এই চাপৰিত গছপুলি ৰোপণৰ কাম আৰম্ভ হৈছিল; কিন্তু দেওবাৰৰ অগ্নিকাণ্ডৰ ফলত গছপুলিৰ লগতে চৌপাশৰ প্রাকৃতিক পৰিৱেশৰ বিস্তৰ ক্ষতি হয়।
আনহাতে, বনমন্ত্রী চন্দ্র মোহন পাটোৱাৰীয়ে সমগ্র ঘটনাৰ ফোনযোগে বুজ লয়। এই কথা সদৰী কৰি পায়েঙে কয় যে মন্ত্রী পাটোৱাৰীয়ে এই ঘটন’ৰ উচিত তদন্ত কৰা হ’ব বুলি আশ্বাস দিছে। তদুপৰি মুলাই চাপৰিত বালি খনন কৰিবলৈ দিয়া নহ’ব বুলিও বনমন্ত্রী পাটোৱাৰীয়ে আশ্বাস দিছে বুলি পায়েঙে ‘দৈনিক অগ্রদূত’ক সদৰী কৰিছে।
#ইলোৰা বিজ্ঞান মঞ্চৰ তীব্র নিন্দা
ইফালে, এই ঘটনাৰ তীব্র নিন্দা কৰিছে ইলোৰা বিজ্ঞান মঞ্চই। মঞ্চই এয়া এক পৰিকল্পিত বনধ্বংস বুলি অভিযোগ তুলি ইয়াৰ আঁৰত স্থানীয় অবৈধ বালি মাফিয়া নাইব কোনো দুষ্টচক্র জড়িত থকাৰ সন্দেহ প্রকাশ কৰিছে। এক প্রেছ বার্তাত মঞ্চই কয় যে সংশ্লিষ্ট বন বিভাগ তথা চৰকাৰৰ নিষ্ক্রিয়তাৰ বাবেই এনেদৰে বনভূমি তথা পৰিৱেশ ধ্বংস হৈ আছে। পূর্বতে ককিলামুখকে ধৰি অঞ্চলটোত বালিব খনন কার্য বন্ধ কৰাৰ বাবে বন বিভাগ তথা প্রশাসনক ‘অৰণ্য মনৱ’জনে বহুবাৰ আহ্বান জনোৱাৰ পাছতো ৰহস্যজনক কাৰণত নৈৰ পাৰত বালিৰ খনন হৈ আছে আৰু মাজুলী অঞ্চললৈ বিপদ কঢ়িয়াই আনিছে। ইলোৰা বিজ্ঞান মঞ্চই পায়েঙৰ অৰণ্যত অগ্নিসংযোগৰ ঘটনা উচ্চ পৰ্যায়ৰ তদন্ত আৰু দোষীক ততালিকে ধৰি কঠোৰতম আইনী ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে। সংগঠনটোরে সকলো সচেতন নাগৰিক, বিজ্ঞান-চিন্তাধাৰা সম্পন্ন ব্যক্তি আৰু পৰিৱেশ ৰক্ষাৰ আন্দোলনৰ লগত জড়িত সংস্থাসমূহৰ প্ৰতি এনে বনধ্বংসৰ ঘটনাৰ বিৰুদ্ধে ঐক্যবদ্ধ প্রতিবাদ সাব্যস্ত কৰিবলৈ আহ্বান জনায়।
#মূলাই কাঠনিত দুর্বৃত্তৰ অগ্নিসংযোগৰ ঘটনাৰ উচিত তদন্তৰ দাবী সাংসদ গগৈৰ
ইপিনে, বিশ্বখ্যাত ‘অৰণ্য মানৱ’ পায়েঙৰ সৃষ্ট মূলাই কাঠনি অৰণ্যত দুষ্কৃতিকাৰীয়ে অগ্নিসংযোগ কৰা ঘটনৰ তীব্র নিন্দা কৰিছে প্রদেশ কংগ্ৰেছৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈয়ে। ঘটনা সন্দৰ্ভত দুখ প্রকাশ কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতিজনে এক প্রেছ বার্তাত কয় যে চৰকাৰী পৃষ্ঠপোষকতা নাথাকিলে কোনো দুষ্কৃতিকাৰীয়ে বনাঞ্চল ধ্বংস কৰাৰ সাহস কৰিব নোৱাৰে। গগৈয়ে কয়, ‘সমগ্রবিশ্বতে ‘অৰণ্য মানব’ৰূপে খ্যাত পায়েং আৰু তেওঁৰ কন্যা মুনমুন পায়েঙে নিজা উদ্যোগত গঢ়ি তোলা মূলাই কাঠনিৰ পৰিবৰ্ধিত এক অংশত দুষ্কৃতিকাৰীয়ে অগ্নিসংযোগ কৰি ধ্বংস কৰাৰ খবৰে প্ৰতিজন সচেতন ব্যক্তিক হতচকিত কৰি তুলিছে। ই অতিশয় ঘৃণনীয় আৰু নিন্দনীয় ঘটনা।’ পৰিৱেশ সংৰক্ষণৰ ‘ব্ৰেণ্ড এম্বেছাদৰ’ স্বৰূপ হৈ পৰা যাদৱ পায়েঙৰ মুলাই কাঠনিত দুর্বৃত্তই জুই লগাই দিয়া ঘটনা কোনো সাধাৰণ ঘটনা নহয় বুলিও গগৈয়ে মন্তব্য কৰে। মূলাই কাঠনিৰ দৰে এখন অৰণ্য দুষ্কৃতিকাৰীয়ে কির অগ্নিসংযোগ কৰিলে, কিহৰ বাবে এই ঘৃণনীয় কাণ্ড সংঘটিত কৰিলে বুলি প্রশ্ন কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতিজনে কয়, ‘এই কাণ্ডৰ স’তে এক বালি মাফিয়া চক্র জড়িত হৈ থকাৰ কথা বিভিন্ন মাধ্যমত প্রকাশ পাইছে। যাদৱ পায়েঙৰ নিৰম্ভৰ বিৰোধিতা সত্ত্বেও মূলাই কাঠনিৰ কাষৰ চাপৰিত বন বিভাগে বালি খননৰ অনুমতি প্রদান কৰাৰ অভিযোগ আহিছে। আমি মূলাই কাঠনি অঞ্চলৰ পৰিৱেশতন্ত্ৰৰ সংবেদনশীলতাৰ প্রতি লক্ষ্য ৰাখি চৰকাৰ প্ৰশাসনক সেই অঞ্চলত বালি খননৰ বিষয়টো তাৎক্ষণিকভারে পর্যালোচনা কৰি অনুজ্ঞাপত্ৰ বাতিল কৰিবলে দাবী জনাইছো।’ চৰকাৰ-প্রশাসনে বিষয়টোৰ প্রতি সদিচ্ছা দেখুৱাই মূলাই কাঠনিত জুই লগোৱা ঘটনাৰ উচিত তদন্ত আৰু দুর্বৃত্তক শীঘ্রে কৰায়ত্ত কৰি কঠোৰ শাস্তি প্রদান কৰাৰ লগতে বালি মাফিয়াৰাজ বন্ধৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈকো দাবী জনাইছে গগৈয়ে। আনহাতে, ‘অৰণ্য মানৱ’ যাদর পায়েঙৰ জীৱনলৈ চূড়ান্ত ভাবুকি অহাক লৈ শংকিত হৈ পৰিছে ছাত্র সমাজ। এনএছইউআইব ৰাজ্যিক সভাপতি কৌশিক কাশ্যপে আজি আন্তবাষ্ট্রীয় খ্যাতিসম্পন্ন পৰিৱেশবিদ পায়েঙৰ লগত বাৰ্তালাপ কৰি তেওঁৰ জীৱনলৈ অহা ভাবুকি সন্দর্ভত নিশ্চিত হয় আৰু পায়েঙক সুৰক্ষা প্ৰদানৰ বাবে চৰকাৰক যাৱতীয় ব্যৱস্থা গ্রহণৰ দাবী জনায়। পায়েঙৰ লগত বার্তালাপ কৰি কাশ্যপে এক প্রেছ বার্তাত কয় যে তেওঁৰ অনুপস্থিতিত এটা দুষ্টচক্রই অৰণ্যখনত অগ্নিসংযোগ কৰি অসমৰ পৰিৱেশতন্ত্ৰৰ প্ৰতি ভাবুকি প্রদান কৰিছে। অসমৰ তিনি কোটি সাধাৰণ জনতা ‘অৰণ্য মানৱ’ আৰু তেওঁ গঢ় দিয়া বনাঞ্চল সুৰক্ষাৰ বাবে জাগ্রত হৈ আছে। পায়েঙক যিকোনো প্রকাৰে নিৰাপত্তা প্রদান কৰিবৰ বাবে ৰাইজে ব্যবস্থা গ্রহণ কৰিব। কাশ্যপে কয় যে চৰকাৰে যদি নোৱাৰে, তেতিয়াহ’লে সেই কথা জনাই দিয়ক আৰু অসমৰ ৰাইজে তেতিয়া ‘অৰণ্য মানৱ’জনৰ সুৰক্ষাৰ ব্যৱস্থা নিজাববীয়াকৈ গ্রহণ কৰিব।
# মূলাই কাঠনিত অগ্নি সংযোগৰ ঘটনাত দুখ প্রকাশ অগপৰ
ইফালে, মূলাই কাঠনিত অগ্নি সংযোগব খববত অসম গণ পৰিষদে দুখ প্ৰকাশ কৰি সমগ্ৰ ঘটনাৰ তদন্ত দাবী কৰিছে। এক প্রেছ বার্তাত দলটোরে সদৰী কৰিছে যে যাদৱ পায়েঙৰ কন্যা আৰু তেওঁৰ সহযোগীসকলৰ কষ্টৰ ফচল মূলাই কাঠনিত অগ্নিসংযোগ কৰা ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্ত হ’ব লাগে আৰু দোষীক কঠোৰ শাস্তি দিব লাগে। প্রকৃতি সুৰক্ষাৰ বাবে বহু কষ্ট স্বীকাৰ কৰি অহা পায়েঙৰ পৰিয়ালৰ কাষত অগপ সদায় আছে বুলি দলে নিশ্চয়তা প্রদান কৰিছে।
#কেন্দ্রীয় বন-পৰিৱেশ মন্ত্ৰীলৈ জৰুৰী পত্ৰ বিধানসভাৰ বিৰোধী দলপতিৰ
আনহাতে, ঘটনাৰ ন্যায়িক তদন্ত দাবী কৰিছে অসম বিধানসভাৰ বিৰোধী দলপতি দেবব্রত শইকীয়াই। ইয়াৰ লগতে আন কে’বাটাও দাবীসহ শইকীয়াই আজি কেন্দ্ৰীয় বন, পৰিৱেশ আৰু জলবায়ু পৰিৱৰ্তন বিভাগৰ কেন্দ্ৰীয় মন্ত্রী ভুপেন্দ্র যাদৱলৈ এখন পত্ৰ প্ৰেৰণ কৰে। পত্ৰত উল্লেখ কৰা অনুসৰি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰীক্ষণত এই তদন্ত হ’ব লাগে। ইয়াৰ লগতে পত্ৰখনত উল্লেখ কৰা আন দাবীকেইটা হ’ল- মুলাই কাঠনিৰ সমীপত ব্ৰহ্মপুত্ৰত চলি থকা অবৈধ বালি খননৰ উচ্চ পৰ্যায়ৰ তদন্ত কৰা, জুইত ধ্বংস হোৱা বননিখন পুনৰুদ্ধাৰ কৰা আৰু যাদৱ পায়েঙক প্রয়োজনীয় সুৰক্ষা প্রদানৰ লগতে প্রয়োজনীয় সহায়-সহযোগিতা আগবঢ়োৱা। শইকীয়াই পত্ৰখনত উল্লেখ কৰে যে মূলাই কাঠনি বনাঞ্চলৰ সমীপতে ব্ৰহ্মপুত্ৰত ব্যাপক ৰূপত অবৈধভারে বালি খনন চলি আহিছে। পায়েঙে এই কাৰ্যৰ প্ৰতিবাদ জনাই আহিছে। তেনে প্রতিবাদক বালি খননৰ লগত জড়িতসকলে কোনো গুৰুত্বই দিয়া নাই। পায়েঙে কৰা প্ৰতিবাদৰ পোটক ল’বলৈকে এনে কার্য সংঘটিত কৰাৰ অভিযোগ উত্থাপিত হৈছে। শইকীয়াই পত্ৰখনত এই বুলিও উল্লেখ কৰে যে জুইত অৰণ্যখনৰ কমেও পাঁচ হেজাৰ গছ জাহ যায়। তদুপৰি বহু চৰাই-চিৰিকটি, সৰীসৃপো মৃত্যুমুখত পৰে। এই ঘটনাই পৰিৱেশতন্ত্রৰ ওপৰতো গভীৰ প্রভাৱ পেলাইছে। সেয়েহে এই ঘটনাৰ উচ্চ পৰ্যয়ৰ তদন্ত হ’ব লাগে বুলি শইকীয়াই পত্ৰখনত উল্লেখ কৰে।
