Thick Fog in Guwahati:গুৱাহাটী মহানগৰীত বৃদ্ধি ঠাণ্ডাৰ প্ৰকোপ

ঘন কুঁৱলী আচ্ছাদনে ঢাকি ৰাখিছে মহানগৰীৰ চৌদিশ

WhatsApp Image 2025 12 30 at 1.18.33 PM

Thick Fog in Guwahati:

গুৱাহাটী মহানগৰীৰ বৃদ্ধি পাইছে ঠাণ্ডাৰ প্ৰকোপ৷বিগত চাৰিটা দিন ধৰি অব্যাহত থকা ঠাণ্ডা আজিও অব্যাহত আছে । একেদৰে ঘন কুঁৱলী আচ্ছাদনে ঢাকি ৰাখিছে মহানগৰীৰ চৌদিশ ৷ ডাঁৱৰীয়া সদৃশ পৰিবেশত শীতৰ প্ৰভাৱ অধিক বৃদ্ধি পাইছে ৷ এক প্ৰকাৰ আংশিকভাবে স্তব্ধ হৈ পৰিছে জনজীৱন ৷

যোৱা ২৫ ডিচেম্বৰৰ পৰা ৰাজ্যখনৰ লগতে মহানগৰীত হঠাতে বতৰৰ পৰিৱৰ্তন হৈছে। কুঁৱলীৰ প্ৰকোপৰ পৰা হাত সাৰিবলৈ গুৱাহাটীৰ পদপথত জুইৰ উম লৈছে প্রতিজন লোকে। মহানগৰীত আজিৰ দিনটোত দেখিবলৈ পোৱা গৈছে ডাঠ কুঁৱলীৰ আচ্ছাদন। যিহেতু মাঘ বিহুৰ বাবে মাজত মাথোঁ কেইটিমান দিন বাকী আৰু প্ৰতি বছৰে মাঘ বিহুৰ আগত শীতৰ প্রকোপ বৃদ্ধি পায়, এইবেলিও পলমকৈ হলেও শীতৰ আমেজ লৈছে মহানগৰবাসীয়ে।

মহানগৰীত আজিৰ দিনটোত পুৱাৰে পৰা জুইত উত্তাপ লৈছে মহানগৰবাসীয়ে, সেয়া লাগিলে পদপথে হওক বা নিজৰ ঘৰতেই হওক। আনহাতে ঘন কুঁৱলীৰ বাবে ফেৰী সেৱা বন্ধ কৰিছে আভান্তৰীণ জল পৰিবহন বিভাগে। ঘন কুঁৱলীৰ বাবে বহু দুর্ঘটনা সংঘটিত হোৱা পৰিলক্ষিত হৈছে। সেয়ে এনেক্ষেত্ৰত সাৱধানেৰে বাহনসমূহ চলাচল কৰিব লাগে। উল্লেখ যে ঘন কুঁৱলীৰ বাবে ৰাজ্যৰ লগতে মহানগৰীতো দুর্ঘটনা সমূহ বৃদ্ধি পাইছে।

Exit mobile version