Lakhimpur:
লখিমপুৰ জিলাৰ চকুলোভৰীয়াত চাঞ্চল্যকৰ ঘটনা ৷ চাৰি বছৰীয়া নাতিনী আইতাৰ স’তে শুই থকা অৱস্থাত নিৰুদ্দেশ হয়। নিশা দুৰ্বৃত্তই আইতাকৰ বুকুৰ পৰা মাতৃহীনা মণিকা গোৱালা নামৰ কণমানিজনীক সংগোপনে লৈ যায় ৷
ADVERTISEMENT
পুৱা আইতাকে বিচনাত কণমানিজনীক নেদেখি হুৱাদুৱা লগাই ৷ উল্লেখ্য যে কণমানিজনীৰ পিতৃ গুৱাহাটীত থাকে ৷ ইতিমধ্যে পৰিয়ালৰ লোকে কণমানি গৰাকী সন্ধানহীন সন্দৰ্ভত লখিমপুৰ থানাত এজাহাৰ দাখিল কৰিছে।




































