Zubeen Garg:যাৰ অবাঞ্ছিত মৃত্যুৰে চৰ্চাত এৰি গ’ল বহু অসূৰ্যস্পর্শা বিষয়

WhatsApp Image 2025 12 31 at 1.46.46 PM

Zubeen Garg:যাৰ অবাঞ্ছিত মৃত্যুৰে চৰ্চাত এৰি গ’ল বহু অসূৰ্যস্পর্শা বিষয়

#চেমিম চুলতানা আহমেদ

সূৰ্যৰ দীপ্ততা, সংগীতৰ অসাধাৰণ গায়কী লৈ এই অসমলৈ আহিছিল এজন মানুহৰ বাবে ভবা মানুহ। তেওঁ মাথোঁ এজন শিল্পী নাহিল, নাছিল এজন সাধাৰণ গায়ক, লক্ষ লক্ষ অনুৰাগীৰ হাদয়ৰ জ্বলন্ত একুৰা জুই আছিল তেওঁ। আপোনাৰ-মোৰ আত্মাৰ স’তে সংযোগ ঘটিছিল তেওঁৰ। এই কিংবদন্তিজনৰ পৃথিৱীৰ পৰা আঁতৰি যোৱাৰ কাহিনী কিন্তু আজি অবর্ণনীয়, চৰম বেদনাদায়ক, অসহনীয় পৰিঘটনাৰূপে অসম-ভাৰততে নহয়, বিশ্বৰ বুকুতে অনুৰণিত হৈছে। সোণ, ৰূপ, হীৰাখচিত অলংকাৰৰ জিলিকনিতকৈ কোনোগুণে কম নহয় তেওঁৰ সৃষ্টিৰ-সংগীত পৰিৱেশনৰ সৌন্দর্য। হয়, কৈছো আপুনি ভবাৰ দৰেই প্ৰাণৰ শিল্পী, আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ কথা। সাম্প্রতিক ইতিহাস্ত অসমৰ বুকুত এনে কোনো শিল্পী দ্বিতীয়জন জন্ম হোৱা নাই, যাৰ প্রস্থানে প্রবল প্রতাপীজনৰো চকী কিছু সময়ৰ বাবে হ’লেও জোঁকাৰি দিছে, সমাজ জীৱন আৰু একাংশ ৰাজনীতিকৰ বুকু কঁপাই তুলিছে! জুবিনৰ মৃত্যু কোনদিনা হৈছিল আৰু তাৰ পাছত কি কি হৈছিল সেয়া অসমবাসীক নতুনকৈ বৰ্ণনা কৰাৰ প্রয়োজন নাই। এই প্রতিটো মুহূর্ত অনুৰাগীৰ মনত, লক্ষ লক্ষ জনতাৰ হৃদয়-মগজুত থমকি ৰৈছে। চিনেমা হলত চলি থকা ছবি এখনৰ এটা দৃশ্য কাৰিকৰী বিজুতি ঘটি ৰৈ যোৱাৰ দৰেই।

#বুকু ফাটি যোৱা সেই বতৰা

অসমৰ অন্যতম সাংস্কৃতিক পৰিচয় জুবিনৰ মৃত্যুৱে চলিত বৰ্ষত ৰাজ্যজুৰি পেলালে এক অন্তহীন ক’লা ছাঁ। বিদায়ী বৰ্ষৰ শেষৰ দিনবোৰত অহর্নিশে চর্চিত বিষয়টোৱে হৈ ৰ’ল জুবিন, কেৱল জুবিন। ৰাজ্যৰ ৰাজনৈতিক আৰু প্রশাসনিক হৃৎপিণ্ডত এই মৃত্যুরে গ্রহণ লগালে আৰু তাৰ মাজত কোন হেৰাই যাব, কোন আঘাতপ্রাপ্ত হ’ব আৰু কোনে স্বচ্ছ ফটিকৰ দৰে ওলাই আহিব সেয়া সময়ে ক’ব। নৱবৰ্ষই এই গ্ৰহণৰ অন্ত পেলাব নে নাই সেয়াও এক বৃহৎ প্রশ্ন। নজিৰবিহীন ৰাজনৈতিক আৰু প্রশাসনিক ছটফটনি সৃষ্টি কৰা এই মৃত্যুরে শোকৰ এনে এক গাথা সৃষ্টি কৰিলে যাক ভাষাৰে প্ৰকাশ কৰাটো কঠিন। জুবিনৰ মৃত্যুক লৈ যি ৰাজনৈতিক টনা-আঁজোৰা চলিল তাৰ প্রত্যক্ষদর্শী আমি সকলোৱে। তেওঁৰ মৃত্যু আগন্তুক বিধানসভা নিৰ্বাচনৰ জয়-বিজয়ৰ কাৰণ হ’ব পাৰে বুলিও আৰম্ভ হোৱা চর্চা এতিয়াও থমকি বোৱা নাই। ১৮ ছেপ্টেম্বৰত ছিংগাপুৰত এক ৰহস্যজনক পৰিৱেশত জুবিনৰ মৃত্যুক অসমবাসীয়ে মানি ল’ব পৰা নাই আজিও। এই বতৰা ৰাজ্যলৈ অহাৰ পাছত দায়িত্বশীল পক্ষৰ ভিন ভিন ভাষ্যই সমগ্র ঘটনাৱলীতে অধিক সন্দেহ আৰু ৰহস্যঘন প্রলেপ সানে। ইয়াৰ পৰা আজিও মুক্ত হোৱা নাই জুবিন মৃত্যুৰ ন্যায়কামী ৰাইজৰ মন-মগজু, হৃদয়। ক্ষমতাৰ কৰিড’ৰত আজিও জুবিনৰ মৃত্যুৱে কোবাই আছে। ইয়াৰ শেষ কোব কাৰ ওপৰত পৰিব সেই প্ৰশ্নৰ উত্তৰ ২০২৬-এ দিবনে? এয়া আমাৰ প্রশ্ন।

#জুবিনৰ মৃত্যু আৰু ক্ষতি

জুবিনে বিভিন্ন সময়ত কৈছিল যে মৃত্যুৰ পাছতহে তেওঁৰ সংগীতৰ মোল মানুহে বুজি পাব। দৰাচলতে জুবিন যে অসমৰ এক অমূল্য সম্পদ সেয়া তেওঁৰ অভাৱনীয়-আকস্মিক মৃত্যুরে দেখুৱাই দিলে। ছেপ্টেম্বৰত ছিংগাপুৰৰ পৰা জুবিনৰ ২১ শরদেহ গুৱাহাটীৰ লোকপ্রিয় গোপীনাথ বৰদলৈ বিমানকোঠত উপস্থিত হোৱাৰ পূর্বে বাটে-পথে এজন-দুজনকৈ জমা হোৱা মানুহ যে জনসমুদ্রলৈ পৰিণত হ’ব সেই ধাৰণা কিমানজনৰ আছিল সেয়াও এক ব্যাখ্যাহীন বিষয়। মৃত্যুৰ বাতৰি বিয়পাৰ পাছৰে পৰা লক্ষ লক্ষ লোক বৰঝাৰমুখী হোৱাৰ লগতে চৌদিশে ধ্বনিত হয় ‘জয় জুবিনদা’। মাটিয়ে-বালিয়ে জুবিনদাৰ অপেক্ষাত পৰি থকা মানুহবোৰৰ সেই আকুলতাৰ আজিও অন্ত পৰা নাই। সমগ্র বিশ্বই দেখিলে যে এজন মানুহৰ মৃত্যুত কিদৰে লক্ষ লক্ষ জনতাই কান্দিব পাৰে, চিঞৰিব পাৰে, মৃত্যুৰ ন্যায় বিচাৰিব পাৰে। ভাৰতে ক’লে যে অসমে দেখুৱাই দিলে শিল্পীলৈ মৰম- শ্রদ্ধা কি ? জাতি-ধর্ম-বৰ্ণৰ ভেদাভেদ, সামাজিক বিন্যাস, ধনী-দুখীয়াৰ শ্ৰেণী বিভাজন সকলো এই মৃত্যুৱে নোহোৱা কৰি পুনৰ উদিত কৰিলে সেইখন অসমৰ পৰিচয়, যিখন অসম শংকৰ-আজানৰ অসম, যিখন অসম কেবল মানুহক ভাল পোৱাৰ অসম। জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ হৃদয়ৰ অসম। সুধাকণ্ঠ ড: ভূপেন হাজৰিকাই বিচৰা ‘মানুহে মানুহৰ বাবে’ এইখন অসম।

#ন্যায়কামী জনতা

মৃত্যুৱে যে এখন সমাজৰ বিবেকক জগাই তোলে, হৃদয়ৰ আহ্বানক সেউজ ৰং দিবলৈ শিকায় সেয়া প্ৰাণৰ শিল্পীয়ে প্রতীয়মান কৰিলে। জুবিনৰ মৃত্যুৰ ন্যায় একেমুখে অসম আৰু অসমীয়াই দাবী কৰি থকাৰ সময়তে প্রকাশিত হ’ল যে জুবিনৰ মৃত্যু এক হত্যাকাণ্ড। পৰৱৰ্তী পৰ্যায়ত পুনৰ পোহৰলৈ আহিল যে ই এক পৰিকল্পিত হত্যাকাণ্ড। মানুহক ভাল পোৱা এজন শিল্পীক কোনে হত্যা কৰিব পাৰে আৰু কিহৰ বাবে এই প্রশ্নই মানুহৰ সিৰা-উপসিৰাকো আচ্ছন্ন কৰি তুলিলে। যাৰ উত্তৰ আজিও স্পষ্ট নহয়। সময়ে ক’ব কিহৰ বাবে হত্যাৰ বলি হ’ল জুবিন গাৰ্গৰ দৰে সত্তা। ইয়াৰ সমান্তৰালভাৱে চলি থাকিল জুবিনৰ হত্যাৰ ন্যায়ৰ দাবী। আজিও অলিয়ে-গলিয়ে ধ্বনিত হৈয়ে ব’ল ‘জয় জুবিনদা’।

মুখ্যমন্ত্রী ড: হিমন্ত বিশ্ব শর্মাই জুবিনৰ মৃত্যুৰ তদন্তৰ বাবে গঠন কৰি দিয়া বিশেষ অনুসন্ধানকাৰী গোট (এছআইটি)-এ বৃহৎ কলেবৰৰ এখন অভিযোগনামা দাখিল কৰিলে। এই অভিযোগনামাক লৈও আৰম্ভ হ’ল চর্চা, বিতর্ক, বাদ-বিবাদ। জুবিনৰ পিতৃ কপিল বৰঠাকুৰ, পত্নী গৰিমা গাৰ্গ, ভগ্নী পামী বৰঠাকুৰ এই অভিযোগনামাক লৈ সন্তুষ্ট হয় নে নহয় তাকে লৈ এতিয়াও চর্চা চলি আছে। সাধাৰণ ৰাইজৰ কিমান সংখ্যকে ইয়াক লৈ সন্তুষ্ট সেই কথাও আছে। অভিযোগনামাৰ আওতাৰ পৰা ছিংগাপুৰৰ ঘটনাস্থলীত উপস্থিত থকা একাংশ সাৰি গ’ল নেকি বুলি বিভিন্নজনে প্রশ্ন উত্থাপন কৰিয়ে আছে। ইয়াৰ মাজতে সামাজিক মাধ্যমত প্রকাশিত হৈছে গৰিমা, পামী আদিৰ চিন্তাৰ উদ্রেককাৰী প’ষ্ট। এনে বহু প্ৰশ্নৰ মাজত শেহতীয়াভারে পামীয়ে এটা প’ষ্টত লিখিছে, ‘সংযমী হৈ আছো, দুর্বল নহয়!’ আৰু লিখিছে, ‘জুবিন গাৰ্গৰ চৰিত্ৰহনন আৰু গৰিমা গাৰ্গৰ নিন্দাই চৰম সীমা পাইছে…। আমাৰ যুঁজ হৈছে ন্যায়ৰ যুঁজ, জুবিন গাৰ্গৰ বাবে ন্যায়ৰ যুঁজ, পৰচৰ্চা আৰু নিন্দাই ন্যায় নিদিয়ে।’ জুবিন গার্গে যি সাহস আৰু মানৱীয়তাৰ বীজ প্ৰতিজন অসমীয়াৰ প্ৰাণত প্রতিষ্ঠা কৰি গ’ল সেই অলপ অলপ জুবিন গাৰ্গ নিজৰ মাজত জগাই তোলক, তেতিয়াহে অসম আৰু অসমীয়া বাচিব। জুবিন গার্গে ন্যায় পাব।

পামীৰ এই আহ্বান আজি প্রতিজন অসমীয়াই বুকুত বান্ধি ল’ব লাগে। বছৰৰ শেষত প্রকৃত অসমীয়া হ’বলৈ জুবিন দেখোৱা বাটেৰেই আমি যাব লাগিব। আজি অর্থাৎ ৩০ ডিচেম্বৰত পত্নী গৰিমাই এটা প’ষ্টত লিখিছে যে এটা প্রচণ্ড আঘাতত জুবিন মৃত্যুত এটা প্রচণ্ড আঘাতত সমগ্র অসমৰে আত্মা যেন স্থবিৰ হৈ ৰৈ গ’ল। তেওঁ লিখিছে, ‘তাতোকৈ প্রচণ্ড আঘাতটো হৈছে জুবিন গাৰ্গৰ স’তে জড়িত হৈ পৰিল বুকু ফাটি যোৱা অসহনীয় এক শব্দ ‘হত্যা’!’ ৰাজ্যত অভিলেখ সৃষ্টিকাৰী সকলোৰে বহু প্রতীক্ষিত অভিযোগনামাক লৈ বহু আলোচনা চলি আছে-বহু মন্তব্য সপক্ষে-বিপক্ষে। এই কথাও গৰিমাই লিখিছে। বিভিন্নজনৰ মনত বাৰে বাৰে আহি থকা প্রশ্ন বা চিন্তু গৰিমাই প্ৰকাশ কৰিছে। তেওঁ লিখিছে, ‘পানীত ডুবি যোৱাৰ পাছত য়টলৈ উঠাই আনোতে তেওঁৰ দাঁতে দাঁতে লাগিছে আৰু ‘টং’ এডাল মুখত সুমুৱাই দিব লগা হৈছে বুলিও প্রবাসী অসমীয়া কেইজনে নিজৰ স্টেমেণ্টত কৈছে। তাৰ পাছতো তেওঁলোকে ইমান অৱহেলাৰে তেওঁক পেলাই থ’লে…।’

তেওঁ লিখিছে যে বাটে-ঘাটে পৰি থকা মানুহেই নহয়, জীব-জন্তু, চৰাই-চিৰিকটিকো চিকিৎসাৰ বাবে তুলি নি সুস্থ কৰা মানুহজনে কেতিয়াও নিজৰ প্ৰফেচনেল ক্ষতিৰ কথা ভবা নাছিল। ‘তেনে এজন ব্যক্তিক ইমান অনাদৰ কৰা হ’ল! আমাৰ দৃষ্টিত এই য়টত থকা প্ৰতিজন মানুহে এই অভাৱনীয় ঘটনাটোৰ বাবে দোষী আৰু সকলো বিচাৰৰ আওতালৈ আহক।’ এই দাবী গৰিমাৰ। পামীয়ে লিখিছে যে জুবিনৰ বিকল্প নাই আৰু বিচাৰিও লাভ নাই। দৰাচলতেই জুবিনৰ বিকল্প নাই আৰু ভৱিষ্যতে যে হ’ব সেয়া অনুমানৰ সময়ৰ বাবে হয়তো বহু বছৰ অপেক্ষা কৰিব লাগিব। সুধাকণ্ঠ ড° ভূপেন হাজৰিকা আজি জীয়াই থকা হ’লে তেওঁ ক’লেহেঁতেন দ্বিতীয়জন জুবিন আৰু নাই-নহ’ব।

# আমি কি হেৰুৱালো

জুবিনৰ মৃত্যুত আমি কি হেৰুৱালো সেয়া সময়ে ক’ব। কিন্তু আজি ড: পামী বৰঠাকুৰে লিখাৰ দৰে এই কথা সত্য যে অৰণ্য মানৱ যাদৱ পায়েঙৰ বিশ্ববন্দিত মূলাই কাঠনিৰ সুৰক্ষাৰ বাবে সঁচাকৈ জুবিন জীয়াই থকা হ’লে আকাশ-বতাহ তল-ওপৰ কৰি পেলালে হয়। সমাজত ভয় নকৰাকৈ, সামান্যও দ্বিধা নৰখাকৈ মূৰ দাঙি কথা কোৱা জুবিন গাৰ্গক আমি হেৰুৱালো। আমি মনৰ ভিতৰত গুজৰি-গুমৰি থকা কথাবোৰ কোৱা মানুহজন হেৰুৱালো। বাকী সংগীতৰ কথা নক’লোৱেবা!

Exit mobile version