Cm Pressmeet :
বছৰৰ প্ৰথম দিনটোত মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই সাংবাদিকৰে এক আলাপত মিলিত হয়। ছপা আৰু বৈদ্যুতিন মাধ্যমৰ সম্পাদক সকলৰ উপস্থিতি অনুষ্ঠিত হোৱা আলাপ অনুষ্ঠানত মুখ্যমন্ত্ৰী গৰাকীয়ে ২০২৫ বৰ্ষত চৰকাৰে সম্পন্ন কৰা খতিয়ন দাঙি ধৰাৰ লগতে ২০২৬ত ৰাজ্য চৰকাৰৰ কৰিবলগীয়া ন ন পৰিকল্পনা কথা সদৰি কৰে ৷
মুখ্যমন্ত্ৰী গৰাকীয়ে সদৰি কৰে যে দেশত প্রণয়ণ কৰা ৩খন নতুন অসম আইন অসমত ৰূপায়ণ কৰৰ হৈছে ৷ এই নতুন আইন ৰূপায়ণৰ ক্ষেত্ৰত দেশৰ ভিতৰত অসম প্ৰথম স্থানত আছে ৷ একেদৰে বিগত ৫ বছৰত বিকশিত ৰাজ্যৰ দিশে অগ্ৰসৰ হৈছে অসম৷ এতিয়া ৪৫ শতাংশ হাৰত বৃদ্ধি অসমৰ উন্নয়ণৰ হাৰ আৰুমানুহৰ ব্যক্তিগত উপার্জন ৫৪ শতাংশলৈ বৃদ্ধি পাইছে ৷ বিগত বছৰত অসমৰ কৃষকৰ পৰা ৮.৫০ লাখ মেট্রিকটন ধান কিনা হৈছে ৷ ১৭ জানুৱাৰীত অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । প্ৰধানমন্ত্ৰী গৰাকীয়ে কোকৰাঝাৰৰ পৰা ভূটানৰ গেলেফুলৈ নতুন ৰে’ল পথৰ আধাৰশিলা স্থাপন কৰিব ৷ আনহাতে ১৭ বা ১৮ জানুৱাৰীত কাজিৰঙাত এলিভেটেড কৰিড’ৰো আধাৰশিলা কৰিব প্ৰধানমন্ত্ৰী গৰাকীয়ে ।
গুৱাহাটী বিমানবন্দৰৰ পৰা জালুকবাৰীলৈ অচিৰেই নিৰ্মাণ কৰা হ’ব হ’ব এলিভেটেড ক’ৰিডৰ ৷ তদুপৰি বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্ত:ৰাষ্ট্ৰীয় বিমানবন্দৰৰ ৬১ একৰ ভূমিত নিৰ্মাণ কৰা হ’ব এৰ’ চিটী ৷ আনহাতে ফেব্ৰুৱাৰী মাহত মুকলি হ’ব ব্ৰক্ষপুত্ৰৰ ওপৰত নিৰ্মাণ কৰি থকা গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী দলং খন ৷
মুখ্যমন্ত্ৰী গৰাকীয়ে আৰু কয় যে অতি শীৰ্ঘেই অসমত হ’ব ম’বাইল-নির্মাণৰ কাৰখানা ৷ গুৱাহাটী মেডিকেল কলেজ হাস্পতালত খন পুনৰ অত্যাধুনিক ৰূপত নতুনকৈ নিৰ্মাণ হ’ব ৷একেদৰে বঙাইগাঁৱ বঙাইগাঁও মেডিকেল কলেজৰো নিৰ্মাণৰ কাম আৰম্ভ হ’ব ৷ আনহাতে কৰ্কট ৰোগৰ পৰিচৰ্যাৰ বাবে অসমলৈ অনা হ’ব প্ৰ’টন থেৰাপী মেচিন ৷ ইয়াৰ বাবে চিএছআৰৰ পৰা সংগ্ৰহ কৰা হৈছে ৫০ কোটি টকা৷ ক’ভিডৰ সময়ত ৰাইজে দিয়া ধনৰ পৰা ৫০ কোটি আৰু বিশ্ববেংকৰ পৰা লাভ কৰা ২৫০ কোটিৰে চৰকাৰী স্বাস্থ্যখণ্ডত প্ৰ’টন থেৰাপী দেশৰ ভিতৰত অসমেই একমাত্ৰ ৰাজ্য হ’ব I
চাহ বাগিছাৰ শ্ৰমিকলৈ ভূমি পট্টা সন্দৰ্ভত মুখ্যমন্ত্রী গৰাকীয়ে কয়, ভূমি পট্টনৰ চৰকাৰী ব্যৱস্থাটোলৈ একাংশ চাহ বাগিচাৰ মালিকে সহযোগ কৰা নাই ৷ এনেক্ষেত্ৰত সহযোগ নকৰা মালিকৰ বিৰুদ্ধে লোৱা হ’ব ব্যৱস্থা । প্ৰয়োজন হ’লে চৰকাৰী ইনচেন্টিভ বন্ধ কৰিবলৈ বাধ্য হ’ব ৰাজ্য চৰকাৰ ৷
