Eighth Pay Commission will be formed:
নৱবৰ্ষৰ প্ৰথম দিনটোতমহানগৰীৰ খানাপাৰাস্থিত কইনাধৰা ৰাজ্যিক অতিথি শালাত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাৰ ‘নতুন দিনৰ আলাপ’ শীৰ্ষক এক অনুষ্ঠানত অংশ লৈ ৰাজ্য চৰকাৰৰ কৰ্মচাৰীৰ বাবে দিলে এক ভাল খবৰ ৷
এই সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয়, কেন্দ্ৰীয় চৰকাৰৰ সমান্তৰালকৈ অসম চৰকাৰেও গঠন কৰিব অষ্টম দৰমহা আয়োগ। ৰাজ্যৰ প্ৰাক্তন অতিৰিক্ত মুখ্য সচিব সুভাষ দাসৰ অধ্যক্ষতাত গঠন হ’ব অষ্টম অসম দৰমহা আয়োগ । ৰাজ্যিক পৰ্যায়ত অষ্টম দৰমহা আয়োগ গঠন কৰা ভাৰতৰ প্ৰথম খন ৰাজ্য হ’ব পৰিগণিত হ’ব অসম৷ ইতিমধ্যে এই সম্পৰ্কীয় প্ৰাৰম্ভিক প্ৰস্তুতি আৰম্ভ কৰা হৈছে বুলি সদৰি কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷
