khoang:
ব্যাৱসায়ত অভিনৱ ধাৰণাৰ সংযোজন কৰি দেশজুৰি চৰ্চা লাভ কৰিবলৈ সক্ষম হৈছে ডিব্ৰুগড় জিলাৰ খোৱাঙৰ তিনিজন যুৱকে। তিনিওৰে মাজত বন্ধুত্ব আছে। এই তিনি যুৱক ক্রমে জিতু বৰা, দিগন্ত শইকীয়া আৰু ৱৰ্ডান শইকীয়াৰ সম্মিলিত প্রচেষ্টাত খোৱাঙত প্ৰস্তুত কৰা হাঁহ-গাহৰি, কুকুৰাৰ শুকান মাংস দেশৰ চুকে-কোণে সমাদৃত হৈছে। উল্লেখ্য যে বিগত ক’ভিড মহামাৰীৰ তলাবন্ধই বহুতৰে জীৱন-জীৱিকা সলনি কৰে।
অৱশ্যে বহুতৰ দৰে তলাবন্ধই এই তিনি বন্ধুকো নতুনৰ সন্ধান দিয়ে। ক’ভিডৰ পূর্বে দিগন্ত শইকীয়া আৰু বৰ্ডান শইকীয়াৰ আছিল কে’বাশ গাহৰিৰে ভৰি থকা এখন পাম।
বিজ্ঞানসন্মতভারে গাহৰি পালন কৰি স্বাৱলম্বিতাৰ বাট মুকলি কৰিছিল দুয়োজনে। কিন্তু ক’ভিডৰ বাবে গাহৰি পাম আগবঢ়াই নিবলৈ দেখা দিলে সমস্যা। সেয়ে প্রশাসনৰ অনুমতি লৈ জিলাখনত গাহৰিৰ কেঁচা আৰু শুকান মাংস ঘৰে ঘৰে দিয়া কাম আৰম্ভ কৰিলে। লক্ষ্য আছিল নিজৰ পামৰ গাহৰি বিক্ৰী শেষ কৰা। কিন্তু ৰাইজৰ মাজত সমাদৃত হৈ পৰিছিল তেওঁলোক। আনহাতে, খোৱাঙত আছিল জিতু বৰাৰ ৰিজ’ৰ্ট। ক’ভিডৰ বাবে নাছিল গ্রাহক। সেয়ে তিনিওজনে একলগ হৈ জিতু বৰাৰ ৰিজ’ৰ্টত আৰম্ভ কৰিলে শুকান মাংসৰ ব্যৱসায়। ইয়াৰ পাছতে ২০২০ৰ পৰা ‘মাংস’ নামেৰে এই তিনিজন যুৱকে আৰম্ভ কৰে শুকান মাংসৰ ব্যৱসায়ৰ সফলতাৰ কাহিনী। শুকান মাংসৰ ব্যৱসায় কম দিনতে দেশৰ বিভিন্ন প্রান্তলৈ নিবলৈ সক্ষম হোৱাৰ সন্দৰ্ভত দিগন্ত শইকীয়াই কয়, ‘তলাবন্ধৰ সময়ৰ পৰা আমি এই ব্যৱসায় আৰম্ভ কৰিছো। তলাবন্ধত সকলো বন্ধ হৈছিল যদিও গাহৰি পাম বন্ধ কৰিব পৰা নাছিলো। কাৰণ গাহৰিৰ বাবে খাদ্যৰ প্ৰয়োজন হৈছিল। তাৰ বাবে জিলা প্রশাসনৰ পৰা অনুমতি লৈ কেঁচা মাংস আৰু শুকান মাংস পেকেজিং কৰি ‘মাংস’ নাম দি ঘৰে ঘৰে দিয়া আৰম্ভ কৰিছিলো।
অলপ দিন এনেকৈ চলাৰ পাছত ৰাইজে ভাল পাইছিল আৰু মাংস বিচৰা মানুহৰ সংখ্যা বাঢ়ি আহিল। কিন্তু সেই সময়ত তলাবন্ধৰ বাবে ঘৰলৈ অহাসকল পুনৰ ৰাজ্যৰ বাহিৰলৈ ঘূৰি গৈ আমাৰ মাংস বিচাৰি ফোন কৰা আৰম্ভ কৰিলে। তেতিয়াই ‘মাংস’ আমি কেবল ডিব্ৰুগড়তে সীমাবদ্ধ নাৰাখি দেশৰ বিভিন্ন প্ৰান্তলৈ কুবিয়াৰ জৰিয়তে দিয়া আৰম্ভ কৰিলো। গাহৰিৰ শুকান মাংস দেশজুৰি সমাদৃত হোৱাৰ পাছত হাঁহ, কুকুৰাৰ মাংস, শুকান মাছৰ ব্যৱসায় আৰম্ভ কৰে তিনিজন বন্ধুৱে। মাংস নাম দি আৰম্ভ কৰা এই ব্ৰেণ্ডৰ জৰিয়তে শুকান গাহৰি, হাঁহ, কুকুৰা, মাছ, চাউল, ভোট জলকীয়া আদিৰ ‘অনলাইন অৰ্ডাৰ’ লাভ কৰাৰ লগতে এইবিলাক দিয়াৰ ব্যৱস্থা কৰা বুলি শইকীয়াই জানিবলৈ দিয়ে।
গাহৰি পাম বন্ধ কৰি শুকান মাংসৰ ব্যৱসায় আৰম্ভ কৰাৰ পাছত গাঁৱে গাঁৱে গৈ থলুৱাভাৱে পালন কৰা গাহৰিসমূহ ক্ৰয় কৰি মাংসৰ বাবে অনা হয়। এই কথা জানিবলৈ দিয়ে ‘মাংস’ ব্ৰেণ্ডটোৰ আন এজন সদস্য জিতু বৰাই। থলুৱা লোকসকলৰ গাহৰিসমূহ ক্ৰয় কৰি বিজ্ঞানসন্মতভাৱে পৰিষ্কাৰ কৰি শুকান মাংস প্রস্তুতৰ বাবে প্ৰচেছ কৰা হয়। বাহিৰৰ পৰা অহা গাহৰি বহুত কম দামতেই পাই যদিও আমাৰ শুকান মাংসৰ গুণগত মান ধৰি ৰখাৰ বাবে স্থানীয় পালকসকলৰ গাহৰি ক্ৰয় কৰি শুকান মাংস প্রস্তুত কৰো।
