Koinadhara Hill:
বছৰৰ প্ৰথম দিনটোত কইনাধৰাত অনুষ্ঠিত নতুন দিনৰ আলাপ ‘শীৰ্ষক অনুষ্ঠানত ৰাজ্যৰ সংবাদ মাধ্যমৰ সম্পাদক আৰু সাংবাদিকৰে হোৱা হোৱা বাৰ্তালাপত খিলঞ্জীয়া মুছলমানৰ সন্দৰ্ভত কেতবোৰ তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে ৷
ঈদৰ সময়ত ১৮-২০ হাজাৰ কিঃ গ্ৰাঃ গো-মাংসৰ ব্যৱসায় হয় কেৱল ধুবুৰী চহৰত ৷ অথচ চহৰ খনত হিন্দুৰ সংখ্যা বেছি ৷ এনেক্ষেত্ৰত হিন্দু প্ৰধান অঞ্চলত বন্ধ হ’ব লাগে -মাংসৰ ব্যৱসায়। আজি আমাৰ উজনি অসমৰ খিলঞ্জীয়া মুছলমান সকলৰ দৃষ্টিভংগী ইতিবাচক হোৱা বাবে তাত তেওঁলোকে হিন্দু সকলৰ স’তে একাত্ম হৈ আছে ৷ কিন্ত ইয়াৰ বিপৰীতে নামনি অসমৰ গোৱালপাৰা ,ধুবুৰী আদি জিলাত হিন্দু সকল সংখ্যালঘু হৈ পৰা হেতুকে এনে অঞ্চলত কেতবোৰ হিন্দু বিৰোধী স্থিতি ফেছবুক,ইষ্টাগ্ৰাম আদিত উপস্থাপিত কৰি আহিছে মিঞা মুছলমানে ৷ এনে কাৰ্যৰ বিৰোধীতা সন্মুখৰ পৰা নেতৃত্ব লওক খিলঞ্জীয়া মুছলমান ৷ তেতিয়াহে দুয়োটা সম্প্ৰদায়ৰ মাজত সাতামপুৰুষীয়া ভাতৃত্ববোধ অক্ষুণ্ণ থাকিব ৷ একেদৰে লাভ জেহাদৰ বলি হ’ব নালাগে কোনো হিন্দু যুৱতী । ইয়াৰ বিৰুদ্ধে খিলঞ্জীয়া মুছলমানসকলো সৰৱ হোৱা উচিত বুলি মন্তব্য প্ৰকাশ কৰে মুখ্যমন্ত্ৰীয়ে ।
