Old Age Pension and Arunodoi Scheme:
নতুনবৰ্ষৰ প্ৰথম দিনটোত অসমৰ বিভিন্ন সংবাদ মাধ্যমৰ সম্পাদক আৰু সাংবাদিকৰে হোৱা নতুন দিনৰ আলাপ শীৰ্ষক অনুষ্ঠানত মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই বৃদ্ধ পেঞ্চনৰ হিতাধিকাৰীক লৈ কৰে এক বৃহৎ ঘোষণা। বৃদ্ধ পেঞ্চনৰ ধন বৃদ্ধি কৰিব চৰকাৰে। পূৰ্বতে পাই থকা ২৫০ টকাৰ পৰা এই ধন বৃদ্ধি পাব ৪০০ টকালৈ ৷
আনহাতে তেওঁ লগতে কয়, ৰাজ্যৰ মহিলাই ২০ ফেব্ৰুৱাৰীতে পাব ব’হাগ বিহুৰ বিশেষ উপহাৰ ৷ চাৰি মাহৰ ৮০০০ টকা একেলগে লাভ কৰিব অৰুণোদয় হিতাধিকাৰীয়ে ৷ কিয়নো জানুৱাৰী মাহত দিয়া নহয় অৰুণোদয়। ফেব্ৰুৱাৰীত ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ অধিসূচনা জাৰি হোৱাৰ সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি ফেব্ৰুৱাৰীতে চাৰি মাহৰ ধন অৰুণোদয় হিতাধিকাৰীক আগতীয়াকৈ দিয়া হৈছে ৷
