Udalguri Incident:
বনভোজ খাবলৈ বুলি ফুচুলাই নি ওদালগুৰিৰ মাজবাটৰ দুগৰাকী কিশোৰীক তিনিজন যুবকে গাড়ীৰ ভিতৰতে দলবদ্ধ ধর্ষণ কৰাৰ ঘটনা সম্প্রতি পোহৰলৈ আহিছে। ইতিমধ্যে আৰক্ষীয়ে ঘটনাৰ অভিযুক্ত তিনিজনক গ্ৰেপ্তাৰ কৰিছে। ১৫ আৰু ১৭ বছৰীয়া এই দুই ভুক্তভোগীয়ে অভিযোগ কৰা অনুসৰি, আজিবৰ ৰহমান (১৯), ইনামুল হক (১৯) আৰু বাহনচালক ৰফিকুল ইছলাম (৩৫)-এ অলপতে ভৈৰৱকুণ্ডলে বনভোজলৈ বুলি নি তেওঁলোকক গাড়ীৰ ভিতৰতে উপর্যুপৰি ধর্ষণ কৰে। পাছত ভুক্তভোগী দুগৰাকীৰ পৰিয়ালে মাজবাট আৰক্ষী থানাত দাখিল কৰাএজাহাৰৰ ভিত্তিত আৰক্ষীয়ে ৭০/২৫ নম্বৰত পক্স’ আইনত এটা গোচৰ ৰুজু কৰি অভিযুক্ত তিনিজনক গ্ৰেপ্তাৰ কৰে।
এই সম্পর্কত ওদালগুৰিৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক পদ্মনাভ বৰুৱাই এখন সংবাদমেলত জনায় যে মাজবাট আৰক্ষী থানাৰ অধীনৰ লালপানী আৰক্ষী চকীৰ অন্তৰ্গত অঞ্চলত যান-বাহনত নিয়মীয়া তালাচীৰ সময়ত আৰক্ষীয়ে এখন অল্ট’ বাহন বখাই তালাচী চলায়। তালাচীৰ সময়ত আৰক্ষীয়ে তিনিজন যুৱক আৰু দুগৰাকী নাবালিকাক উদ্ধাৰ কৰে। আৰক্ষীয়ে বাহনখন ভালদৰে পৰীক্ষা কৰাত বাহনৰ ভিতৰত মহিলাৰ অন্তর্বাস আৰু ধর্ষণ কাণ্ডত ব্যৱহাৰ কৰা আপত্তিজনক সামগ্ৰী উদ্ধাৰ কৰে। লগে লগে বাহনসহ যুৱক আৰু নাবালিকাৰ দলটোক আৰক্ষীয়ে আৰক্ষী চকীলৈ আনি সোধ-পোছ কৰাত সমগ্র ঘটনা পোহৰলৈ আহে।
অভিযোগ অনুসৰি, যুৱক তিনিজনে দুই নাবালিকাক দিনৰ পোহৰতে ধানশ্রীখুটিৰ পৰা অল্ট’ বাহনখনত উঠাই ভৈৰৱকুণ্ডলৈ যায়। ভৈৰৱকুণ্ডত নাবালিকা দুগৰাকীক তেওঁলোকে মাদক দ্রব্য সেৱন কৰোৱায়। পাছত উভতি অহাৰ পথত অসম-অৰুণাচল প্রদেশ সীমান্তৱৰ্তী চিকাৰীদাংগাত তেওঁলোকে বাহনখন খাই নাবালিকা দুগৰাকীক ধৰ্ষা কৰে। জ্যেষ্ঠ আৰক্ষী অধীক্ষকে জনোৱা মতে, কম দিনৰ ভিতৰতে আৰক্ষীয়ে এক শক্তিশালী অভিযোগনামা দাখিল কৰিব। ঘটনা সন্দর্ভত সকলো পক্ষকে শান্তি-সম্প্রীতি ৰক্ষা কৰি চলিবলৈ তেওঁ আহ্বান জনায়।
