আৰু অধিক ঘনিষ্ঠ পাক–বাংলাদেশ!

ঢাকা–কৰাচি বিমান চলাচলৰ অনুমতি দিলে ইছলামাবাদে

IMG 20260102 165822

karachi:✒️পুনৰ আৰম্ভ হ’ব ঢাকা আৰু কৰাচিৰ মাজত পোনপটীয়া বিমান চলাচল। পাকিস্তান চৰকাৰে বাংলাদেশৰ ৰাষ্ট্ৰীয় বিমান সংস্থা বিমান এয়াৰৱেজক আপাতত পৰীক্ষামূলকভাৱে এই ৰুটত বিমান চলোৱাৰ অনুমতি প্ৰদান কৰিছে।

অহা ৩০ মাৰ্চলৈকে থাকিব এই অনুমতিৰ বৈধতা । এই সময়ছোৱাত যাত্ৰীৰ চাহিদা, জনপ্ৰিয়তা আৰু বাণিজ্যিক সম্ভাৱনা পৰ্যালোচনা কৰা হ’ব। ফল ইতিবাচক হ’লে স্থায়ীভাৱে ঢাকা–কৰাচি বিমান সেৱা আৰম্ভ কৰাৰ সম্ভাৱনা আছে।

পাকিস্তানী সংবাদমাধ্যমে সেই দেশৰ অসামৰিক বিমান পৰিবহণ কৰ্তৃপক্ষৰ সূত্ৰ উদ্ধৃত কৰি এই অনুমতি প্ৰদানৰ খবৰ প্ৰকাশ কৰিছে। তথ্য অনুসৰি, কেতিয়া ঢাকা পৰা কৰাচিলৈ প্ৰথম যাত্ৰীবাহী বিমান উৰিব, দৈনিক কিমানখন বিমান চলিব আৰু সময়সূচী কি হ’ব— সেই সকলো বিষয় এতিয়ালৈকে চূড়ান্ত হোৱা নাই।

অৱশ্যে আগন্তুক সপ্তাহৰ ভিতৰত সময়সূচী চূড়ান্ত হোৱাৰ সম্ভাৱনা আছে। তাৰ পাছতেই বাংলাদেশৰ ৰাজধানীৰ পৰা কৰাচিৰ দিশে বিমান সেৱা আৰম্ভ হ’ব।

উল্লেখযোগ্য যে, এটা সময়ত ঢাকা আৰু কৰাচিৰ মাজত নিয়মিত বিমান চলাচল আছিল যদিও পাছলৈ সেই সেৱা বন্ধ হৈ পৰে।

তথ্য অনুসৰি, যোৱা এক বছৰৰো অধিক সময় ধৰি পাকিস্তান আৰু বাংলাদেশ চৰকাৰৰ মাজত এই বিমান ৰুট পুনৰ আৰম্ভ কৰাৰ বিষয়ে আলোচনা চলি আছিল।

কিছুদিন পূৰ্বে পাকিস্তানত নিযুক্ত বাংলাদেশী ৰাষ্ট্ৰদূত মহম্মদ হুছেইন খানেও জনাইছিল যে, দুয়ো দেশৰ মাজত পোনপটীয়া বিমান চলাচল চুক্তি শীঘ্ৰেই চূড়ান্ত হ’ব।

এই ব্যৱস্থাই দুয়ো দেশৰ মাজত বাণিজ্যিক যোগাযোগ বৃদ্ধিৰ লগতে নাগৰিক পৰ্যায়ৰ সম্পৰ্কো অধিক মজবুত কৰিব বুলি তেওঁ আশা প্ৰকাশ কৰিছিল। অৱশেষত আনুষ্ঠানিকভাৱে পাক চৰকাৰৰ অনুমতি লাভ হ’ল।

উল্লেখযোগ্য যে, ২০২৪ চনৰ ন আগষ্টত গণবিক্ষোভৰ মাজতে বাংলাদেশৰ প্ৰধানমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰি দেশ ত্যাগ কৰে শেখ হাসিনাই। বৰ্তমান দেশখনৰ দায়িত্বত আছে মুহাম্মদ ইউনূসৰ নেতৃত্বাধীন অন্তৰ্বর্তী চৰকাৰ।

ইউনূসৰ কাৰ্যকালত পাকিস্তান আৰু বাংলাদেশৰ মাজত ঘনিষ্ঠতা বৃদ্ধি পোৱা দেখা গৈছে। আকাশপথে দুয়ো দেশৰ মাজত এই পোনপটীয়া যোগাযোগ আৰম্ভ হ’লে সেই সম্পৰ্ক আৰু অধিক দৃঢ় হ’ব বুলি মত প্ৰকাশ কৰিছে বহু পৰ্যবেক্ষকে।

Exit mobile version