কাইলৈৰ আকাশত দেখা যাব ‘উল্ফ মুন’

নতুন বছৰতে চমক: সমগ্র বর্ষটো সাক্ষী হৈ থাকিব মহাকাশৰ প্ৰচুৰ বিস্ময়ৰ

IMG 20260102 125122

Moon:✒️বিদায়ী বছৰটোৰ শেষ ভাগত একাধিক চমক দেখা গৈছিল মহাকাশত। সেইদৰে নতুন বছৰটোৱেও কঢ়িয়াই আনিব মহাকাশৰ নানা বিস্ময়কৰ ঘটনা। বছৰৰ আৰম্ভণিৰে পৰা আগন্তুক ১২টা মাহলৈ আকাশত দেখা যাব নানা চমকপ্রদ কাণ্ড।

জ্যোতির্বিজ্ঞানীসকলে জনাইছে যে ২০২৬ৰ সমগ্ৰ বছৰটোতে বিশাল মহাশূন্যত সংঘটিত বিভিন্ন ঘটনাৰ সাক্ষী হ’ব মহাকাশ প্রেমীসকল। অহা শনিবাৰৰ পৰাই সেয়া আৰম্ভ হ’ব।

শনিবাৰে সন্ধিয়াৰ আকাশত উদয় হ’ব উজ্জ্বলতৰ, বিৰাট আকাৰৰ চন্দ্র। জ্যোতির্বিজ্ঞানৰ ভাষাত ইয়াৰ পোছাকী নাম ‘উল্ফ মুন’। উল্লেখ্য যে এইটোৱেই হ’ব বছৰৰ প্ৰথম ‘ছুপাৰমুন’।

খালী চকুৰেই দেখা যাব পৃথিৱীৰ একমাত্র উপগ্ৰহৰ এই বিনন্দীয়া ৰূপ।তথ্য অনুসৰি, শনিবাৰে নিশা ১০ বজাৰ পাছত ভালদৰে চন্দ্রদর্শন হ’ব।

আচলতে সেই সময়ত চন্দ্ৰটো পৃথিবীৰ একেবাৰে কাষলৈ গুচি আহিব। সেয়ে জোনবাইক সাধাৰণতকৈ কমেও ৩০ গুণ বেছি উজ্জ্বল আৰু ১৪ শতাংশ ডাঙৰ দেখাব। ইয়াক কোৱা হয় ‘ছুপাৰমুন’। ইয়াৰে এটা বিশেষ ধৰণ ‘উল্ফ মুন’।

নানা কাহিনীত পোৱা যায় যে প্রাচীন কালত এনেকুৱা চন্দ্র প্রত্যক্ষ কৰি জমঘলৰে আবৰা টিলাত একত্ৰিত হৈ কুকুৰনেছীয়া বাঘৰ দলে চন্দ্ৰলৈ মুখ কৰি ৰাওচি জুৰিছিল। ইয়াৰ ফলত চন্দ্ৰৰ বৃত্তত সেই প্রাণীবোৰৰ ছাঁ পৰি অপূর্ব দৃশ্যৰ সৃষ্টি কৰে।

পৰৱৰ্তী সময়ত জনা যায় যে ভোক বা আন কোনো জৈবিক কাৰণত নহয়; বৰঞ্চ কুকুৰনেছীয়া বাঘবোৰে নিজৰ ক্ষমতা জাহিৰ কৰিবলৈ, অঞ্চলটোত দখল ৰাখিবলৈ আৰু অধিক দলবদ্ধ হোৱাৰ আহ্বান জনাই এইদৰে ৰাওচি জোৰে। তাৰ পাছৰ পৰাই এই ‘ছুপাৰমুন’ৰ নাম হয় ‘উল্ফ মুন’।

অহা তিনি জানুৱাৰী অৱশ্যে কেৱল ‘উল্ফ মুন’ নহয়, নিশাৰ আকাশত ভালদৰে দৃষ্টি বাখিলে ‘গুকগ্রহ’ বৃহস্পতিকো দেখা যাব পাৰে। একাংশ জ্যোতির্বিজ্ঞানীৰ হিচাপ অনুসৰি, সেইদিনা চন্দ্ৰৰ কাষতে দৃশ্যমান হ’ব সৌৰজগতৰ বৃহত্তম গ্রহটো। আচলতে সূর্য, চন্দ্রৰ সাপেক্ষে এই বিশেষ দিনত বিশেষ অৱস্থানৰ কাৰণেই পৃথিৱীৰ আকাশত ইমান বৈচিত্র্য দেখা যাব।

উল্লেখ্য যে অহা চাৰি জানুৱাৰীতো থাকিব আন এক চমক। সেইদিনা উল্কাবৃষ্টি হ’ব পাবে। নিশাৰ আকাশৰ পৰা মধ্যমীয়া পৰিমাণৰ উল্কাপাত হ’ব পাৰে পৃথিবীত। প্রতি ঘণ্টাত প্রায় ১০টা ‘তৰা খহি পৰা’ দেখা যাব পাৰে বুলিয়ে পূর্বাভাস কৰিছে একাংশ জ্যোতির্বিজ্ঞানীয়ে।

Exit mobile version