অহা পহিলা ফেব্ৰুৱাৰীৰ পৰা দেশত মূল্যবৃদ্ধি পাব চিগাৰেট, বিড়ি, পাণমছলা আদি ধপাতজাত সামগ্ৰীৰ। স্বাস্থ্য হানিকাৰক এনে সামগ্ৰীৰ ওপৰত জিএছটিৰ উপৰি নতুন কৰ আৰু উপ-কৰ আৰোপৰ সিদ্ধান্ত গ্রহণ কৰিছে কেন্দ্ৰীয় চৰকাৰে।
ইয়াৰ পৰিপ্ৰেক্ষিতত এনেবোৰ ধপাতজাত সামগ্ৰীৰ মূল্যবৃদ্ধি পাব। এই মূল্যবৃদ্ধি অহা পহিলা ফেব্ৰুৱাৰীৰ পৰা প্ৰযোজ্য হ’ব বুলি এক চৰকাৰী জাননীত কোৱা হৈছে। এই জাননীত লগতে কোৱা হৈছে যে পাণমছলা, চিগাৰেট, বিড়িজাতীয় ধপাতৰ সামগ্ৰীসমূহত বর্তমানে থকা ক্ষতিপূৰণ উপ-কৰ প্রত্যাহাৰ কৰা হৈছে। ইয়াৰ ঠাইত এনে সামগ্ৰীত স্বাস্থ্য আৰু ৰাষ্ট্ৰীয় সুৰক্ষা উপ-কৰ আৰোপৰ সিদ্ধান্ত লৈছে কেন্দ্রই।
কেন্দ্ৰৰ জাননী অনুসৰি, পাণমছলা, চিগাৰেট আৰু তেনে ধৰণৰ সামগ্ৰীসমূহত ৪০ শতাংশ আৰু বিড়িত ১৮ শতাংশ জিএছটি আৰোপ কৰা হ’ব। এই কৰৰ স’তে থাকিব স্বাস্থ্য আৰু ৰাষ্ট্ৰীয় সুৰক্ষা উপ-কৰ।
অৱশ্যে আন ধপাতৰ স’তে জড়িত সামগ্রীসমূহত কেৱল অতিৰিক্ত আবকাৰী শুল্ক আৰোপ কৰা হ’ব। উল্লেখ্য যে যোৱা মাহত অনুষ্ঠিত সংসদৰ শীতকালীন অধিবেশনত পাণমছলা উৎপাদনত নতুন স্বাস্থ্য আৰু ৰাষ্ট্ৰীয় সুৰক্ষা উপ-কৰ আৰু ধপাতত আবকাৰী শুল্ক আৰোপৰ উদ্দেশ্যে চৰকাৰী পক্ষই উত্থাপন কৰা দুখন বিধেয়কত উভয় সদনে অনুমোদন জনায়।
সেই অনুসৰি, স্বাস্থ্য হানিকাৰক এনে সামগ্ৰীত কৰ বৃদ্ধি কৰা হৈছে। কালি কেন্দ্ৰই এই বর্ধিত কৰ অহা পহিলা ফেব্ৰুৱাৰীৰ পৰা বলবৎ হ’ব বুলি জাননী জাৰি কৰে।
প্ৰতিটো চিগাৰেটৰ ৫-৫.৩০ টকা বৃদ্ধিৰ সম্ভাৱনা কেন্দ্ৰৰ নতুন কৰ আৰু উপ-কৰ আৰোপৰ ফলত অহা পহিলা ফেব্ৰুৱাৰীৰ পৰা প্ৰতিটো চিগাৰেটৰ মূল্য ৫-৫.৩০ টকা বৃদ্ধিৰ সম্ভাৱনা আছে। এই মূল্যবৃদ্ধি চিগাৰেটৰ দৈর্ঘ্য অনুযায়ী প্রযোজ্য হ’ব।
অর্থাৎ কম দৈৰ্ঘ্যৰ চিগাৰেটত মূল্যবৃদ্ধিৰ জ্বালা সিমান অনুভৱ নহয়। ইয়াৰ বিপৰীতে ‘কিং-ছাইজ’ আৰু ‘আইচ বাস্তুকে ধৰি প্রিমিয়াম চিগাৰেটসমূহৰ দাম অধিক বৃদ্ধি পাব। এক তথ্য অনুসৰি, এনে প্রতিটো চিগাৰেটৰ মূল্য পাঁচৰ পৰা ৫.৩০ টকা পর্যন্ত বৃদ্ধি পাব পাৰে।
কাৰণ সম্প্ৰতি প্ৰতি এহেজাৰ চিগাৰেটত শ্ৰেণী অনুযায়ী কৰৰ পৰিমাণ ২,০৫০ টকাৰ পৰা ৮,৫০০ টকা হৈছে। ৬৫ মিলিমিটাৰ পৰ্যন্ত দৈৰ্ঘ্যৰ প্ৰতি এহেজাৰ চিগাৰেটৰ শুল্ক ২৭০০ টকাৰ পৰা তিনি হেজাৰ টকা হৈছে।
আনহাতে, ৬৫ মিলিমিটাৰতকৈ দীঘল কিন্তু ৭০ মিলিমিটাৰতকৈ কম দৈৰ্ঘ্যৰ চিগাৰেটসমূহক উচ্চ হাৰৰ কৰৰ তালিকাত অন্তর্ভুক্ত কৰা হৈছে। একেদৰে ৭০ মিলিমিটাৰতকৈ দীঘল আৰু ৭৫ মিলিমিটাৰ দৈৰ্ঘ্যৰ প্ৰতি এহেজাৰ চিগাৰেটৰ কৰৰ বোজা সাত হেজাৰ টকালৈ বৃদ্ধি পাইছে।
ইয়াতকৈ দীঘল চিগাৰেটসমূহৰ প্রতি এহেজাৰৰ কৰ ১১ হেজাৰ টকা হ’ব। গতিকে প্রতিটো চিগাৰেটৰ দাম পাঁচ টকাৰ পৰা ৫.৩০ টকা পর্যন্ত বৃদ্ধিৰ সম্ভাৱনা আছে।






























