Garima Saikia Garg Pressmeet:অসুস্থ দেহাৰে প্ৰথমবাৰৰ বাবে সংবাদমেল সম্বোধন গৰিমা শইকীয়া গাৰ্গ

জুবিন নামত ন্যাস স্থাপনৰ ঘোষণা, জুবিনৰ সপোনৰ খাৰঘূলিৰ বাসগৃহটো ন্যাসৰ বাবে উৎৰ্গিত

WhatsApp Image 2026 01 02 at 6.05.54 PM

Garima  Saikia Garg Pressmeet:

জুবিন বিহীন চাৰে তিনিমাহৰ পিছত আজি প্ৰথমবাৰৰ অসুস্থ দেহাৰে সংবাদমেল সম্বোধন কৰিলে জুবিন পত্নী গৰিমা শইকীয়া গাৰ্গ আৰু ভগ্নী পামী বৰঠাকুৰে। কাহিলীপাৰাস্থ ফ্লেটৰ চৌহদত জুবিনৰ সহপাঠী বন্ধু আৰু একাংশ গুণমুগ্ধৰ উপস্থিতিত আয়োজিত সংবাদমেলত গৰিমা শইকীয়া গাৰ্গে জুবিনৰ সৃষ্টিৰাজী, প্ৰকৃতি সংৰক্ষণ ,নতুন প্ৰজন্মৰ উৎকৰ্ষ সাধনৰ সংবন্ধন আৰু সম্প্ৰসাৰণৰ বাবে ‘জুবিন গাৰ্গ ন্যাস’স্থাপনৰ কথা ঘোষণা কৰে । এই সন্দৰ্ভত গৰিমা শইকীয়া গাৰ্গে কয়, যুৱশ্রষ্টা তথা প্ৰাণৰ জুবিনৰ বাবে, তেওঁৰ আদৰ্শৰ বাবে, সপোনৰ বাবে আমি আগুৱাই যাব লাগিবা মোক মনত ৰখাতকৈ মোৰ সৃষ্টিখিনিক মনত ৰাখিলে ভালপাম বুলি জুবিনে কৈ গৈছে। জুবিন গাৰ্গক মই একেবাৰে কাষৰ পৰা দেখিছো। জুবিনে গাৰ্গে জীৱনৰ ধুমুহাত কেনেকৈ ভাঙি নপৰাকৈ ঠিয় হৈ আছিল সেয়া দেখিছিলো। জুবিন গার্গে ধুমুহাত সৃষ্টি স্তব্ধ কৰি দিয়া নাছিল। সৃষ্টিৰেই তেওঁ আগুৱাই গৈ আছিল।

 জুবিনৰ খাৰঘূলিৰ ঘৰ আমি ট্রাষ্টৰ নামত দি দিবলৈ ওলাইছো। তাত জুবিন গাৰ্গৰ সৃষ্টিৰাজীৰ আলোচনা হ’ব ৷ ট্রাষ্টত আমাৰ স’তে যুক্ত হ’ব ড:পাৰ্থ সাৰথি মহন্ত,জুবিনৰ বন্ধু গৌতম শৰ্মা,জুবিন ফেন ক্লাব আৰু অসমৰ জণগণ ৷

গৰিমা গাৰ্গ শইকীয়াই আৰু কয় যে ৰৈ ৰৈ বিনালে’ৰ ৰাজ্যিক জিএছটিৰ ধন কলাগুৰু ফাউণ্ডেচনক চৰকাৰে উভতাই দিয়া বাবে মুখ্যমন্ত্ৰীক ধন্যবাদ জনাইছো ৷লগতে জুবিনৰ গোচৰটো দ্ৰত আদালতত চলাবৰ বাবে ৰাজ্য চৰকাৰে উচ্চ ন্যায়ালয়ক আবেদন জনোৱাৰ বাবেও মুখ্যমন্ত্ৰীক ধন্যবাদ জনাও ৷  ৰাজ্যিক জিএছটিৰ ২ কোটি ৯০ লাখ টকা ব্যৱহ্ত হ’ব শিল্পীৰ উৎকৰ্ষ সাধনত ৷ সংবাদমেলত জুবিন ভগ্নী ড:পামি বৰঠাকুৰ আৰু জ্যেষ্ঠ সাংবাদিক তথা জুবিন নিকট বন্ধু গৌতম বৰাই সম্বোধন কৰে I

Exit mobile version