Udasin Bhakats:ৰাজ্যৰ উদাসীন ভকতসকললৈ বিত্তীয় সাহায্য প্রদান আঁচনি শুভৰাম্ভৰ্ণী অনুষ্ঠান

WhatsApp Image 2026 01 02 at 11.47.31 AM

Udasin Bhakats:

ভৱনত শুকুৰবাৰে ৰাজ্যৰ উদাসীন ভকতসকললৈ বিত্তীয় সাহায্য প্রদান আঁচনি শুভৰাম্ভৰ্ণী অনুষ্ঠান অনুষ্ঠিত হয় ৷ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আয়োজিত সভা খনতে মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ স্বীকৃতিপ্ৰাপ্ত সত্ৰৰ ৬২০গৰাকীলৈ উদাসীন ভকতসকললৈ বিত্তীয় সাহায্য হিচাপে প্ৰতিমাহে ১,১৫০ টকা প্ৰদান আঁচনি খন মুকলি কৰে ৷ এই সন্দৰ্ভত মুখ্যমন্ত্ৰী গৰাকীয়ে কয়,উদাসীন ভকতলৈ আৰ্থিক সাহায্য”– নৱবৰ্ষৰ দ্বিতীয়টো দিনতে আমাৰ চৰকাৰে প্ৰৱৰ্তন কৰা প্ৰথমখন আঁচনি ৰাজ্যৰ সমাজ আৰু সাংস্কৃতিক জীৱনৰ মেৰুদণ্ডসদৃশ সত্ৰৰ সেৱাত উছৰ্গা কৰিবলৈ পাই ধন্য অনুভৱ কৰিছোঁ।

সত্ৰৰ ভূমি সংৰক্ষণৰ বাবে সত্ৰ আয়োগ গঠনৰ পৰা উদাসীন ভকতলৈ আৰ্থিক সাহায্যৰ আঁচনিলৈ আমি প্ৰয়াস কৰিছোঁ গুৰুজনা প্ৰদত্ত অসম পৰিচায়ক সংস্কৃতিক সুৰক্ষিত কৰিবলৈ ৷ আজি ৰাজ্যৰ স্বীকৃতিপ্ৰাপ্ত সত্ৰৰ ছয় শতাধিক গৰাকী উদাসীন ভকতলৈ আৰ্থিক সাহায্য প্ৰদানৰ শুভাৰম্ভ কৰা হয় ৷ সত্ৰ সংস্কৃতি ৰক্ষাৰ বাবে নিজৰ জীৱন সমৰ্পণ কৰা পৰম শ্ৰদ্ধাৰ উদাসীন ভকতসকলে আধ্যাত্মিক, সাংস্কৃতিক আৰু সামাজিক প্ৰতিটো ক্ষেত্ৰতে অৱদানেৰে আমাক ঋণী কৰি আহিছে ৷ এয়া সেই মহৎ অৱদানক স্বীকৃতি তথা তেখেতসকলৰ কল্যাণ সুনিশ্চিত কৰাৰ যৎকিঞ্চিৎ প্ৰয়াস মাথোঁ ৷ অনুষ্ঠানত সাংস্কৃতিক মন্ত্ৰী বিমল বৰা সহ জ্যেষ্ঠ বিষয়াবৰ্গ উপস্থিত থাকে I

Exit mobile version